Garchuk Police Raid: মহানগৰীৰ ডেম্পত জব্দ কোটি টকাৰ চুৰি সা-সামগ্ৰী

garchuk

Garchuk Police Raid:

মহানগৰীৰ গড়চুক আৰক্ষীৰ অভিযানত ডেম্পৰ পৰা জব্দ কোটি টকাৰ চুৰি সামগ্ৰী ৷মহানগৰ আৰু পাশ্বৰ্ৱতী অঞ্চলৰ মঠ- মন্দিৰত বিভিন্ন সময়ত চোৰে লুট কৰি নিয়া কাহ- পিতলৰ সা- সামগ্ৰীৰ লগতে উদ্ধাৰ হয় এপিডিচিএলৰ বিদ্যুৎ পৰিবাহী তাঁৰ ৷

গড়চুক আৰক্ষীয়ে শণিবাৰে বিশেষ সূত্ৰৰ পমখেদি পুৱাতে গড়চুকৰ এইছ এ ট্রেডিং এজেঞ্চীৰ ডেম্পত মাৰাথন অভিযান চলায় ৷ অভিযানত ডেম্পৰ পৰা জব্দ কৰা হয় শতাধিক কাঁহৰ কাঁহী, ২০টা পিতলৰ ঘণ্টা,৭০টা পিতলা ধূপ দানী আৰু কাঁহৰ বাতিৰ লগতে বিভিন্ন মঠ-মন্দিৰ আৰু ধৰ্মীয় অনুষ্ঠানৰ ঘন্টা সহ বহু সা- সামগ্ৰী ৷ গড়চুক আৰক্ষীয়ে ডেম্পটোৰ স্বত্বাধিকাৰ হাছান আলী সহ আন এজনক আটক কৰিছে ৷

Exit mobile version