কুম্ভ মেলাত পুনৰ সংঘটিত হ’ল অগ্নিকাণ্ড
কুম্ভ মেলাত চেক্টৰ-১৯ পুনৰ সংঘটিত হয় অগ্নিকাণ্ড ।
ইয়াৰ পূৰ্বে জানুৱাৰী মাহত চেক্টৰ ১৯-ত জুই লাগি বহুতো তম্বু জ্বলি ছাই হয় ।
দেওবাৰে আবেলি কুম্ভ মেলাৰ চেক্টৰ ১৯ ত পুনৰ সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । জুইত এটা তম্বু জ্বলি ছাই হৈ পৰে।
অৱশ্যে, এই অগ্নিকাণ্ডত কোনো লোকে আঘাত হোৱা নাই। প্ৰথমতে, অগ্নি নিৰ্বাপক বাহিনীয়ে সন্দেহ কৰে যে তম্বুৰ ভিতৰত থকা গেছ চিলিণ্ডাৰৰ পৰা গেছ লিক হোৱাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়।
ততাতৈয়াকৈ ঘটনাস্থলীলৈ উপস্থিত হয় তিনিটা অগ্নি নিৰ্বাপক ইঞ্জিন । ইয়াৰ পাছতে ১০ মিনিটৰ ভিতৰত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনে।
উত্তৰ প্ৰদেশ চৰকাৰে প্ৰয়াগৰাজৰ কুম্ভ মেলাত সংঘটিত অগ্নিকাণ্ডক লৈ প্ৰশ্নৰ সন্মুখীন হৈছে।
১৩ জানুৱাৰীত আৰম্ভ হৈছে কুম্ভ মেলা। ২৬ জানুৱাৰীলৈকে অব্যাহত থাকিব এই মেলা । কুম্ভত ইতিমধ্যে তিনিটাতকৈও অধিক অগ্নিকাণ্ড সংঘটিত হৈছে ।
উল্লেখ্য যে,এই ঘটনাবোৰে ইতিমধ্যে উত্তৰ প্ৰদেশ প্ৰশাসনৰ ব্যৱস্থাপনা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে। উত্তৰ প্ৰদেশ চৰকাৰে দীৰ্ঘদিন ধৰি কুম্ভ মেলাৰ বাবে প্ৰস্তুতি চলাই আহিছে।
তথাপিও, এটাৰ পাছত এটা ঘটনা কেনেকৈ ঘটিছে সেই বিষয়ে প্ৰশ্নৰ সন্মুখীন হৈছে প্ৰশাসন