Guwahati High Court:অসম ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত ভুক্তভোগীক বিত্ত বিভাগে প্রদর্শন কৰা হেমাহীক লৈ অসন্তুষ্টি উচ্চ ন্যায়ালয়ৰ

আদালতৰ কঠোৰ নিৰ্দেশৰ পাছত  চৰকাৰী অধিবক্তাই বিত্ত বিভাগে ২৫ কোটি টকা ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণলৈ মোকলাই দিয়াৰ তথ্য দাখিল আদালতত

Capture 33

Guwahati High Court:

অসম ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ সুবিধাৰপৰা ভুক্তভোগীসকল বঞ্চিত হৈ থকা বিষয়ক লৈ উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্দীপ চমৰীয়াই ইতিমধ্যে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ (৭/২০২৪) সোমবাৰে শুনানীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু উন্নিকৃষ্ণণ নায়াৰৰ বিচাৰপীঠে লয় য’ত অধিবক্তা সন্দীপ চমৰীয়াই অসম চৰকাৰৰ আঁচনিৰ অধীনত পাব লগা ধন মুকলায় নিদিয়া বিষয়টো আদালতত দৃষ্টি গোচৰ কৰে।

শুনানী কালত ‘অসম ভুক্তভোগী ক্ষতিপূৰণ আঁচনি’ শীর্ষক আঁচনিখনৰ বাবে মোকলাই দিবলৈ বাকী থকা ৪৪ কোটি টকাৰ ২৫ কোটি টকা অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণলৈ মোকলাই দিয়া হৈছে বুলি ৰাজ্য চৰকাৰৰ অধিবক্তাই উচ্চ ন্যায়ালয়ক অৱগত কৰে।  আনহাতে  বিচাৰপীঠে অৱশিষ্ট ধনৰাশি কেনেদৰে আৰু কেতিয়া মোকলাই দিয়া হ’ব, তাৰ এটা নিদিষ্ট পদ্ধতি (মডেলিটী) প্রস্তুত কৰি অহা তাৰিখত আদালতত দাখিল কৰিবলৈ চৰকাৰক নির্দেশ দিয়ে।

উল্লেখ্যযোগ্য  আঁচনিখনৰ ৰূপায়ণৰ বাবে প্রয়োজনীয় ধন মোকলাই নিদিয়াৰ ক্ষেত্ৰত সংশ্লিষ্ট চৰকাৰী বিভাগসমূহে, বিশেষকৈ বিত্ত বিভাগে প্রদর্শন কৰা হেমাহীক লৈ উচ্চ ন্যায়ালয়ে যোৱা ৮ জানুৱাৰীৰ শুনানিত গভীৰ অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে চৰকাৰক কঠোৰ সমালোচনা কৰিছিল ।

উল্লেখ্য যে যোৱা তাৰিখৰ শুনানীত আদালতে, অসম চৰকাৰৰ মুখ্যসচিবক বিষয়টো নিষ্পত্তি কৰাৰ বাবে সংশ্লিষ্ট সকলোকে লৈ এখন বৈঠক অনুষ্ঠিত কৰি ৩১ মাৰ্চৰ ভিতৰত ধন মোকলাই দিয়াটো নিশ্চিত কৰি ১০ ফেব্ৰুৱাৰীৰ ভিতৰত আদালতক জনাবলৈ নির্দেশ দিছিল। এই নির্দেশ পালন নহ’লে আদালতক অবমাননা কৰা বুলি গণ্য কৰি সংশ্লিষ্ট বিষয়াৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ গ্ৰহণ কৰা হ’ব বুলিও আদালতে স্পষ্টকৈ সকীয়াই দিছিল।

আদালতৰ কঠোৰ নিৰ্দেশ পাছত আজি চৰকাৰী অধিবক্তাই বিত্ত বিভাগে ২৫ কোটি টকা ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণলৈ মোকলাই দিয়াৰ তথ্য দাখিল কৰে

Exit mobile version