Trump’s policies in the UK:
অবৈধ অনুপ্ৰৱেশকাৰীসকলক বহিস্কাৰ কৰাৰ পথত এইবাৰ ব্ৰিটেইন ! লেবাৰ পাৰ্টি চৰকাৰে দেশজুৰি অনুসন্ধান অভিযানত প্ৰায় ১৯ হাজাৰ অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰি নিজৰ দেশলৈ ঘূৰাই পঠিয়াই। বিগত কিছুদিন ধৰি ভাৰতীয় ৰেষ্টুৰেণ্ট আৰু গাড়ী পৰিষ্কাৰ কৰাৰ দোকানত নিৰ্বাচিত অভিযান চলোৱা হৈছে।
উত্তৰ ইংলেণ্ডৰ এখন ৰেষ্টুৰেণ্টত অভিযান চলাই অবৈধ অনুপ্ৰৱেশৰ সন্দেহত সাত জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে চাৰিজন লোকক আটক কৰি ৰখা হৈছে। কিয়ৰ ষ্টাৰমাৰৰ লেবাৰ চৰকাৰে ক্ষমতালৈ অহাৰ পিছৰে পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিস্কাৰ তীব্ৰতৰ কৰি তুলিছে।
ব্ৰিটেইনৰ গৃহ সচিব ইভেট কুপাৰে কয় যে তেওঁলোকৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা এতিয়ালৈকে ১৯ হাজাৰ অবৈধ অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। যোৱা জানুৱাৰী মাহত আৰক্ষীয়ে ৮২৮টা স্থানত তালাচী অভিযান চলাই ৬০৯জন লোকক গ্ৰেপ্তাৰ কৰে। এই সংখ্যা যোৱা বছৰৰ জানুৱাৰীতকৈ ৭৩ শতাংশ বেছি।
ইফালে ভাৰতীয় ৰেষ্টুৰেণ্ট, দোকান-পোহাৰ, দোকানত তালাচী চলোৱা হৈছে । ইউকেৰ গৃহ সচিব য়ভেট কুপাৰে জনাই যে উত্তৰ ইংলেণ্ডৰ হাম্বাৰচাইড অঞ্চলৰ এখন ভাৰতীয় ৰেষ্টুৰেণ্টত সাতজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
এই সন্দৰ্ভত কুপাৰে কয় যে, “সকলোৱে দেশৰ অনুপ্ৰৱেশ আইন মানি চলা উচিত।” একে সময়তে পূৰ্বৰ চৰকাৰক লক্ষ্য কৰি তেওঁ অভিযোগ কৰে যে, “নিয়োগকৰ্তাই দীৰ্ঘদিন ধৰি তেওঁলোকক অবৈধভাৱে নিয়োগ কৰি শোষণ কৰি আহিছে।” সকলো হোৱাৰ পাছতো এই সন্দৰ্ভত এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।”
ব্ৰিটিছ সংসদত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰে নতুন বিধেয়ক উত্থাপন কৰিবলৈ ওলাইছে। বিধেয়কখনত সীমান্তৰ নিৰাপত্তা, আশ্ৰয়, অবৈধ অনুপ্ৰৱেশকাৰীক বহিস্কাৰ বাবে কেবাটাও প্ৰস্তাৱ সন্নিবিষ্ট কৰা হৈছে।
ব্ৰিটিছ সাংসদসকলে দাবী কৰে যে এই আইনখনে বিট্ৰেইনৰ মাটিত চলি থকা অপৰাধী সংগঠনসমূহৰ অন্ত পেলোৱাত সহায় কৰিব। নতুন আইনখনৰ অধীনত যিকোনো ব্যক্তিয়ে অবৈধ অনুপ্ৰৱেশকাৰীক নিযুক্তি দিলে ৬০ হেজাৰ পাউণ্ড জৰিমনা বিহা হ’ব।
এই পৰ্যন্ত এনেদৰে চাকৰিৰ প্ৰস্তাৱ দিয়া কমেও এহেজাৰ কোম্পানীক জাননী জাৰি কৰা হৈছে। যোৱা বছৰৰ জুলাই মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ পাছৰে পৰা এতিয়ালৈকে ১৬,৪০০ অবৈধ অনুপ্ৰৱেশকাৰীক বহিস্কাৰ কৰা হৈছে।