AI: ‘বুদ্ধিমান’ যন্ত্ৰই চাকৰি খাব বহুতৰে !
কৃত্ৰিম বুদ্ধিমত্তাৰ ‘আক্ৰমণ’ সম্পৰ্কে কি কয় মোডীয়ে ?
আর্টিফিছিয়েল ইন্টেলিজেন্স বা কৃত্রিম বুদ্ধিমত্তাৰ বাবে বহুলোকে চাকৰি হেৰুৱাব পাৰে । এনে আশংকা অধিক প্ৰবল হৈ আহিছে।
বিশেষকৈ চেটজিপিটিৰ দৰে বটৰ আগমনৰ পাছত, সেই সম্ভাৱনা আৰু অধিক শক্তিশালী হৈ পৰিছে। এই পৰিস্থিতিত মঙলবাৰে পেৰিছত অনুষ্ঠিত এ আই একচন ছামিটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখতো এই বিষয়টো উত্থাপিত হয়।
অনুষ্ঠানটোত মোডীয়ে কয়,”এআই য়ে লাখ লাখ লোকৰ জীৱন সলনি কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্য, শিক্ষা, কৃষি আৰু বহুতো ক্ষেত্ৰত।AI জনমুখী প্ৰয়োগ হ’ব লাগে। কিন্তু চাইবাৰ নিৰাপত্তা, ভুল তথ্য আৰু গভীৰ নকলৰ ক্ষেত্ৰত আমি সজাগ হোৱাটো প্ৰয়োজন।”
একে সময়তে, মোডীয়ে কয় যে যদি প্ৰযুক্তি মানৱ সভ্যতাৰ বাবে লাভজনক হ’ব লাগে, ই স্থানীয় পৰিস্থিতিতন্ত্ৰৰ স’তে সংগতি ৰাখিব লাগিব।
তাৰ পাছত তেওঁ কয়, “এআইৰ আটাইতকৈ ডাঙৰ বিপদ হ’ল চাকৰি হেৰুৱাৰ ভাবুকি। কিন্তু মনত ৰাখিব ইতিহাস সাক্ষী যে প্ৰযুক্তিয়ে কেতিয়াও চাকৰি কাঢ়ি নিব নোৱাৰে। সময়ৰ লগে লগে চাকৰিৰ প্ৰকাৰ সলনি হয়। আৰু নতুন চাকৰিৰ সৃষ্টিও হয়। ”
শেহতীয়াকৈ ২০২৪ চনত পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা লাভ কৰা জন হোপফিল্ডে দাবী কৰে যে প্ৰযুক্তিয়ে ভাল বা বেয়া দিশত আগবাঢ়ি নাযায়।
মোডীৰ কথাত একেই কথাই শুনিব পোৱা গ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সোমবাৰে নিশা এআই একচন সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফ্ৰান্সত উপস্থিত হয়।