Bir Chilarai Divas:
আজি কোচ ৰাজবংশী সাহিত্য সভা, কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্দ্যোগত প্ৰথমবাৰৰ বাবে বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জন্ম জয়ন্তী প্ৰায় দুই শতাধিক শ্ৰোতা তথা অনুৰাগীৰ উপস্থিতিত দিনযোৰা কাৰ্যসুচীৰে পালন কৰা হয় ৷ পতাকা উত্তোলন কৰে সভাপতি আশুতোষ বৰ্মনে। বন্তি প্ৰজ্জলন তথা স্মৃতি চাৰণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড° অনুপম কুমাৰ ৰায়। আদৰণি গীত পৰিৱেশন তথা নৃত্য প্ৰদৰ্শন কৰে মহিলা শক্তি দলে ৷ সভাখন আঁত ধৰে ৰমেন দাসে ৷ লগতে প্ৰাক্তন সভাপতি ৰবেন্দ্ৰ বৰ্মনৰ চমু ভাষণ তথা ডা° নৱকুমাৰ দাসে লিখা ‘বিশ্বমহাবীৰ চিলাৰায়’ কবিতাটি পাঠ কৰে ৷
তাৰোপৰি উপদেষ্টা ড° মনীন্দ্ৰ নাথ ৰায় তথা অন্যান্য উপদেষ্টা ক্ৰমে বিমল চন্দ্ৰ ৰায় , সুভাষ চৌধুৰী তথা সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ ৰায় আৰু সভাপতি আশুতোষ বৰ্মনে। বিশ্বমহাবীৰ চিলাৰায়ৰ বৰ্নাঢ্য জীৱনগাঁথাৰ বিষয়ে আলোকপাত কৰে ৷ সভাত আলোচনী সম্পাদিকা ডা° সাবিত্ৰী বৰুৱা তথা সহঃ আলোচনী সম্পাদিকা ৰঞ্জিতা ৰায়ে কবিতা আবৃত্তি পাঠ কৰে ৷ সভাত ৰাজবংশী গীত পৰিবেশন কৰে শৰ্মিষ্ঠা ৰায় তথা উদীয়মান শিল্পী জুবলীনা কাশ্যপে আৰু হিতেশ ৰায়ে। লগতে বৰগীত পৰিবেশন কৰে পিংকু গায়নে ৷ শেষত ড° মনীন্দ্ৰ ৰায়ে কোচ ৰাজবংশী সাহিত্য সভা কামৰূপ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা শলাগৰ শৰাই আগবঢ়াই সভাখন সাফল্যমণ্ডিতকৈ আয়োজন কৰাৰ বাবে সমুহ কাৰ্যকৰ্তা তথা উপস্থিত সকলো ৰাইজক ধন্যবাদ জনায় ৷