Uttar Pradesh Hospital:
উত্তৰ প্ৰদেশত মৰ্মান্তিক ঘটনা । চৰকাৰী চিকিৎসালয়ৰ চৌহদত এটা কুকুৰে খালে মৃত নৱজাতকৰ মূৰ ! এনে ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া উত্তৰ প্ৰদেশৰ ললিতপুৰৰ অঞ্চলত আতংকৰ সৃষ্টি হৈছে ।
নৱজাতকৰ মৃতদেহ কেনেকৈ ৰাস্তাত পৰি আছিল? দায়ী কোন? ইয়াৰ ওপৰত এতিয়া প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে ইয়াৰ দায়িত্ব অস্বীকাৰ কৰে চিকিৎসালয় কৰ্তৃপক্ষই।
তেওঁলোকৰ দাবী, পৰিয়ালটোৱে নৱজাতকৰ মৃতদেহ এৰি যায়।শিশুটো দেওবাৰে ললিতপুৰ চিকিৎসা মহাবিদ্যালয়ৰ জিলা মহিলা চিকিৎসালয়ত জন্মগ্ৰহন কৰে । অৱশ্যে, তেওঁ জন্মৰ পৰাই অসুস্থ আছিল। ওজন তুলনামূলকভাৱে বহুত কম আছিল। চিকিৎসালয়ৰ এগৰাকী চিকিৎসক মীনাক্ষী সিঙে জনাই যে শিশুটিৰ মুৰটো সম্পূৰ্ণৰূপে বিকশিত হোৱাই নাছিল।
মেৰুদণ্ডতো সমস্যা আছিল। জন্মৰ সময়ত, তেওঁৰ ওজন আছিল মাত্ৰ এক কেজি ৩০০ গ্ৰাম। শিশুটিক বছোৱা সম্ভৱ নহ’ল। সন্ধিয়া শিশুটিৰ মৃত্যু হয়। তাৰ পাছত সকলো প্ৰক্ৰিয়াৰ শেষ কৰি মৃতদেহটো পৰিয়ালটোক হস্তান্তৰ কৰা হয় বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
মঙলবাৰে আবেলি, চিকিৎসালয় কৰ্তৃপক্ষই এই দুৰ্ঘটনাটো কথা গম পায়। স্থানীয় সূত্ৰ অনুসৰি, কিছুমান লোকে আবেলি এটা কুকুৰে নৱজাতকৰ মুৰটো খাই থকা দেখে। পাছত তেওঁলোকে চিকিৎসালয়ৰ ওচৰৰ এটা জোপোহাৰ মাজত পৰি থকা শিশুটোৰ মুণ্ডহীন মৃতদেহটো দেখা পাই। চিকিৎসালয় কৰ্তৃপক্ষই দাবী কৰে যে শিশুটোৰ মৃতদেহটো পৰিয়ালটোৱে প্লাষ্টিকৰ মোনাত পেলাই দিয়ে।
উল্লেখ্য যে,তেওঁৰ শৰীৰত এটা “টেগ” আছিল। সেই ‘টেগ’ দেখি চিনাক্ত কৰা সম্ভৱ হৈছে। অৱশ্যে চিকিৎসালয়খনৰ বিৰুদ্ধে উত্থাপিত গাফিলতিৰ অভিযোগ বহুতে খাৰিজ কৰা নাই। বিগত সময়তো চিকিৎসালয়খন তদন্তৰ আওতালৈ আহিছিল।অৱশ্যে মঙলবাৰৰ ঘটনাৰ লগত তেওঁলোকৰ জড়িততাৰ পৰিসৰৰ তদন্ত অব্যাহত আছে। সেই চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডি নাথে চাৰিজন ডাক্তৰৰ তদন্ত সমিতি গঠন কৰে।