Anil Kumble:মহাকুম্ভত সপত্নীক কুম্বলে

ঈশ্বৰৰ আশীর্বাদ বিচাৰি অমৃত স্নান প্রাক্তন ক্রিকেটাৰৰ

kumble 1

Anil Kumble:

প্ৰয়াগৰাজ মহকুম্ভত উপস্থিত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলে আৰু তেওঁৰ পত্নী চেতনা কুম্বলে। আন সকলোৰে দৰে, তেওঁলোকৰো উদ্দেশ্য পবিত্ৰ ত্ৰিবেণী সঙ্গমত অমৃত স্নান কৰা।

ভাৰতৰ আধ্যাত্মিক তাৎপৰ্য উপলব্ধি কৰিবলৈ সংগমলৈ আহিব লাগিব বুলি মন্তব্য কৰে আপ্লুট তাৰকাই। কুম্বলে তেওঁৰ সামাজিক মাধ্যমত পবিত্ৰ ত্ৰিবেণী সংগমত ডুব দিয়াৰ এখন ফটো শ্বেয়াৰ কৰে। ঈশ্বৰৰ আশীৰ্ব্বাদ লাভৰ বাবে আমি ইয়ালৈ আহিছোঁ।

মঙলবাৰে প্ৰয়াগৰাজত উপস্থিত হয় অনিল কুম্বল। পবিত্ৰ স্নানৰ বাবে মাঘ পূৰ্ণিমাৰ পৱিত্ৰ দিনটো বাছনি কৰি লয়। এই দিনটোত মহাকুম্ভত কোনো ভিআইপি প্ৰটোকল পালন কৰা হোৱা নাই । কিন্তু কুম্বলে তেওঁৰ বাবে কোনো বিৰক্তিৰ সন্মুখীন হোৱা নাছিল। তাৰ পৰিৱৰ্তে, তেওঁলোকে আন ভক্তসকলৰ স’তে একেলগে ত্ৰিবেণী সংগমত অমৃত স্নানত ভাগ লয় ।

আস্থাৰ ডুব দিয়াৰ আগতে, কুম্বলে পৰম্পৰা অনুসৰি সূৰ্যক নমস্কাৰ কৰি বিভিন্ন ৰীতি-নীতি পালন কৰে । তেওঁ এই স্মৰণীয় মুহূৰ্তটো বন্দী হয়। কেৱল অনিল কুম্বলেই নহয় ইয়াৰ পূৰ্বে আশুতোষ শৰ্মা, মায়াংক আগৰৱালা আৰু সুৰেশ ৰাইনাকে ধৰি আন কেবাজনো ক্ৰিকেটাৰ মহাকুম্ভলৈ আহি পবিত্ৰ গঙ্গাত ডুব দিছে।

Exit mobile version