RSS:
কিছুদিন পূৰ্বে দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিছিল। তেতিয়াই দিল্লীত আৰ এছ এছৰ নতুন মুখ্য কাৰ্যালয়ৰ আভাস পোহৰলৈ আহে। প্ৰায় ১৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই নতুন ভৱনটো। ৩.৭৫ একৰ মাটিত স্থাপিত তিনিটা অট্টালিকা। সৰ্বাধিক এছ এছৰ নতুন মুখ্য কাৰ্যালয়ত মুঠ ৩০০টা কোঠা আছে।
২০১৮ চনৰ পৰা এই ভৱন নিৰ্মাণৰ কাম আৰম্ভ হৈছে । মুখ্য কাৰ্যালয়ৰ ভৱনটোৰ নাম কেশৱ কুঞ্জ ৰখা হ’ব। সাধনা, প্ৰেৰণা আৰু অৰ্চনা নামৰ তিনিটা টাৱাৰ আছে। প্ৰতিটো টাৱাৰ ১২ মহলা উচ্চ।
অট্টালিকাটোৰ মূল প্ৰেক্ষাগৃহৰ নাম ৰাম মন্দিৰৰ অন্যতম প্ৰবক্তা অশোক সিংঘলৰ নামেৰে ৰখা হ’ব। এই ভৱনটোত কমেও ২৭০ খন গাড়ী পাৰ্কিং কৰিব পৰিব । তথ্য অনুসৰি ,দীনদয়াল উপাধ্যায় মাৰ্গত অৱস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়টোও এই ‘প্ৰাসাদ’ৰ সন্মুখত এটি শিশু!
উল্লেখ্য যে, গুজৰাটৰ অনুপ দাৱৰ ডিজাইনত নিৰ্মাণ কৰা হৈছে আৰ এছ এছৰ নতুন মুখ্য কাৰ্যালয়। সাধনা টাৱাৰত সকলো কাৰ্যালয় থাকিব। বাকী দুটা টাৱাৰ মুখ্যতঃ আৰ এছ এছ সদস্যসকলৰ বাসস্থানৰ বাবে। টাৱাৰ দুটাত এটা বিশাল লন আৰু আৰ এছ এছৰ প্ৰতিষ্ঠাপক কেশৱ বেলিৰামৰ এটা মূৰ্তি থাকিব।
ভৱনটোত তিনিটা প্ৰেক্ষাগৃহ আছে, য’ত মুঠ ১৩০০ আসনৰ ব্যৱস্থা আছে। অট্টালিকাৰ ভিতৰত পাঁচখন বিছনাযুক্ত এখন চিকিৎসালয়ও আছে। কাৰ্যবাহীসকলক তাত চিকিৎসা কৰা হ’ব। অৱশ্যে আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত থকা ডিচপেনচাৰীৰ পৰাও জনসাধাৰণে সেৱা লাভ কৰিব।
এজন জ্যেষ্ঠ নেতাৰ মতে, নতুন আৰ এছ এছ মুখ্য কাৰ্যালয় নিৰ্মাণৰ বাবে কমেও ৭৫হেজাৰ লোকে দান কৰিছে। গোটেই বিভাগটোৰ ২০ শতাংশ বিদ্যুত পূৰণ কৰিবলৈ সৌৰ পেনেল স্থাপন কৰা হৈছে।
কাঠ ব্যৱহাৰ নকৰাকৈ ভৱনটোত গ্ৰেনাইট ফ্ৰেম স্থাপন কৰা হৈছে। নতুন আৰ এছ এছ মুখ্য কাৰ্যালয়তো এটা পুথিভঁৰাল থাকিব। আৰ এছ এছৰ কাৰ্যালয়টো ভৱনলৈ স্থানান্তৰ কৰাৰ কাম যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা চলি আছে। সেই কামটো বুধবাৰে সম্পূৰ্ণ হয়। আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতে এই মাহৰ ১৯ তাৰিখে ভৱনত কৰ্মকৰ্তা মিলনৰ আয়োজন কৰিব।