Adivashi Student Union:
অসম চৰকাৰে বিহু নাচৰ পিছত ঝুমুইৰক লৈ অভিলেখ গঢ়িবৰ বাবে প্ৰয়াস চলাই থকাৰ সময়ত এই সমগ্ৰ ব্যৱস্থাকলৈ ব্যাপক বিসংগতি হোৱাৰ একাধিক অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ যোৰহাট জিলাত ঝুমুইৰ বিনন্দিনী কাৰ্য্যসূচীক লৈ সৃষ্টি হোৱা বিসংগতিক লৈ অসম চাহ জনজাতি ছাত্র সন্থা (আটছা) আৰু সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা) ৰ দৰে দুটাকৈ চাহ জনগোষ্ঠীয় ছাত্র সংগঠন সৰব হৈ পৰিছে।
সমগ্র প্রক্রিয়াটোত ৰাজনীতিৰ গোন্ধ থকাৰ অভিযোগ তুলিছে আদিবাসী ছাত্র সন্থাই। আদিবাসী ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে এই সন্দৰ্ভত আজি অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰালৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে। মৰিয়নিৰ ৰাজহ চক্র বিষয়া কিষানজ্যোতি ডেকাৰ যোগেদি আছাই এই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।
আদিবাসী চাহ জনগোষ্ঠীয় উৎসৱ ঝুমুইৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লৈও সমগ্ৰ ব্যৱস্থাটোক বিসংগতিপূর্ণ বুলি উল্লেখ কৰিছে আছাই। আছাৰ যোৰহাট জিলা সমিতিৰ সভাপতি অজয় বৰাইক আৰু সাধাৰন সম্পাদক ৰাজু কিছুৱে স্বাক্ষৰ কৰা এই স্মাৰক পত্ৰত যোৰহাট জিলাৰ এক্সপার্ট সমিতিখনৰ ওপৰত একাধিক প্রশ্ন উত্থাপন কৰে।
উক্ত এক্সপার্ট সমিতিখন অতি পুতৌলগা বুলি উল্লেখ কৰি আছাৰ নেতৃত্বই এফাঁকি ঝুমুইৰ গাব নজনা একাধিক লোকক কিহৰ ওপৰত ভিত্তি কৰি এক্সপার্ট সমিতিত অন্তৰ্ভূক্ত কৰা হ’ল সেয়া ৰহস্যজনক বুলি কয়। যাৰ ফলত বহুকেইজন প্রকৃত ঝুমুইৰ শিল্পী আৰু অভিজ্ঞ ব্যক্তি বাদ পৰি যাব লগা হ’ল। ইয়াৰ বিপৰীতে একাংশ বিজেপি নেতা – পালিনেতাই ইয়াৰ সুযোগ লোৱা দেখা গ’ল।
সেয়েহে এই ব্যৱস্থাত ৰাজনীতি হোৱা বুলিও তেওঁলোকে অভিযোগ ডাঙি ধৰিছে। আনহাতে, যোৰহাট জিলাৰ অন্তৰ্গত কেউটা বিধান সভা সমষ্টিৰ এটাৰো সমষ্টি পৰ্য্যায়ৰ প্ৰস্তুতিত আদিবাসী ছাত্র সন্থাক নিমন্ত্রণ নজনোৱা কাৰ্য্যতো ক্ষোভ প্রকাশ কৰে। এই কাৰ্য্যক দুর্ভাগ্যজনক বুলি কোৱাৰ লগতে এই বৈষম্যমূলক কাৰ্য্যই সংগঠনটোক অপমান কৰা বুলিও তেওঁলোকে লগতে উল্লেখ কৰে। তাৰোপৰি আদিবাসী শব্দটো ব্যৱহাৰ নকৰাৰ বাবেও সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰিছে ।
স্মাৰক পত্ৰত আছাই উপৰোক্ত আটাইকেইটা বিষয়তে ন্যায় বিচাৰিছে। বাতৰি কাকতলৈ দিয়া এক বিজ্ঞপ্তিত আদিবাসী ছাত্র সন্থাই এই কথা জনাইছে ।