Assam Assembly Budget Session In Kokrajhar:
শ্বিলঙৰ পৰা দিছপৰলৈ ৰাজধানী স্থানান্তৰিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ’ল অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ কোকৰাঝাৰস্থ বিটিচিৰ পৰিষদীয় বিধানসভাত দিনৰ ১২ বজাৰ পৰা ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হয় সদনৰ কাম-কাজ। এদিনৰ বাবে কোকোৰাঝাৰত অনুষ্ঠিত অধিৱেশনত অংশ গ্ৰহণকাৰী মন্ত্ৰী-বিধায়কসকলক চাবলৈ আৰু আদৰিবলৈ ওলাই আহে ৰাইজ ৷ পৰিষদৰ বাহিৰত যথেষ্ট লোকৰ সমাগম হয় ৷
সদনৰ কামকাজ আৰম্ভ হয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সুদীৰ্ঘ ভাষণৰে ৰাজ্য চৰকাৰে লোৱা বিভিন্ন কৰ্মসূচীৰ কথা উল্লেখ কৰি কয় মুখ্যমন্ত্ৰীৰ মাৰ্গদৰ্শনত প্ৰগতিৰ দিশত আগবাঢ়িছে অসম ৷ আগন্তুক দিনত ৰাজ্য খন উন্নয়ন গতিৰ ধাৰা অব্যাহত থাকিব বুলি আশা কৰে ৷
আনহাতে ৰাজ্যপালৰ ভাষণৰ মাজতে অখিল গগৈ সহ কে’বাজনো বিধায়কে এক হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰাত অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বিধায়ক সকলক নিজৰ আসনত বহিবলৈকয় ৷
উল্লেখ্য যে ,পোন প্ৰথমবাৰৰ বাবে কোকোৰাঝাৰত অনুষ্ঠিত বিধানসভাৰ অধিৱেশনত অংশ ল’বৰ বাবে দেওবাৰেও ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত হয় চহৰ খনত ৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আজি পুৱা ভাগত উপস্থিত হয় কোকোৰাঝাৰত ৷
আন আন মন্ত্ৰী- বিধায়ক সকল দিছপুৰস্থ অসম বিধানসভাৰ চৌহদৰ পৰা পাঁচখন চাৰ্টাড বাছেৰে সোমবাৰে পুৱাৰ কোকোৰাঝাৰলৈ ৰাওনা হয় ৷ যাত্ৰাপথত মন্ত্ৰী-বিধায়ক সকলে বজালী জিলা প্ৰশাসনৰ আতিথ্যত বজালী পুৱাৰ জলপান গ্ৰহণ কৰিবৰ বাবে কিছু সময় ৰয় ৷ পিছত পুনৰ ৰাওনা হয় কোকোৰাঝাৰলৈ ৷
এঘাৰবজাত মন্ত্ৰী-বিধায়ক সকলক কঢ়িয়াই নিয়া পাঁচ চাৰ্টাড বাছ প্ৰৱেশ কৰে বিটিচি পৰিষদীয় বিধানসভা চৌহদত ৷ অধিৱেশনলৈ অহা মন্ত্ৰী-বিধায়ক-বিধায়িকাক আদৰণি জনায় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিটিচি মুৰব্বী প্ৰমোদ বড়ো আৰু বিটিচি পৰিষদীয় বিধানসভাৰ অধ্যক্ষ কাতিৰাম বড়োৱে ৷