Madhya Pradesh:
মধ্যপ্ৰদেশৰ এগৰাকী বিশেষভাৱে সক্ষম চৰকাৰী বিষয়াই এক পাৰ্টিত নৃত্য কৰাৰ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰিয়ংকা কদম নামৰ এই বিষয়াগৰাকীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। উল্লেখ্য যে কদমে অলপতেহে চৰকাৰী চাকৰিত নিযুক্তি পায়।
তেওঁ বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আসনত নিযুক্তি লাভ কৰে। ইয়াৰ কিছুদিন পাছতে তেওঁ এক পাৰ্টিত নাচ-গান কৰি থকাৰ এটা ভিডিঅ’ ভাইৰেল হয়। অৱশ্যে বিষয়াগৰাকীয়ে দাবী কৰিছে যে তেওঁৰ ৪৫ শতাংশ অক্ষমতা আছে। হাড়ৰ স’তে জড়িত জটিলতাৰ বাবে তেওঁ অক্ষমতা ভোগ কৰি আছে বুলি দাবী কৰিছে।
ইয়াৰ বিপৰীতে অভিযোগ উত্থাপিত হৈছে যে বিশেষভাৱে সক্ষমৰ ভুৱা তথ্য দি তেওঁ চৰকাৰী চাকৰি লাভ কৰে। ঘটনাটোক লৈ প্রতিক্রিয়া ব্যক্ত কৰি নেচনেল এডুকেটেড য়ুথ ইউনিয়নৰ নেতা ৰাধে জাটে অভিযোগ উত্থাপন কৰিছে যে প্ৰিয়ংকা কদমে আভুৱা ভাঁৰি মধ্য প্ৰদেশ লোকসেৱা আয়োগৰ জৰিয়তে বিষয়া নিযুক্তি পাইছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে এগৰাকী আইএএছ বিষয়াৰ বিৰুদ্ধে অনুৰূপ অভিযোগ উত্থাপিত হৈছিল।