Gutkha and Pan Masala Ban ঝাৰখণ্ডত নিষিদ্ধ হ’ল গুটখা, পান মছলা
ঝাৰখণ্ডত পুনৰ নিষিদ্ধ হ’ল গুটখা, পান মচলা । ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে মঙলবাৰে এক নিৰ্দেশনাৰ জৰিয়তে এই কথা ঘোষণা কৰে।
ইয়াৰ পূৰ্বেও ঝাৰখণ্ড চৰকাৰে ৰাজ্যত গুটখা, পানমছলাৰ বিক্ৰী বন্ধ কৰি দিছিল। পাছত সেইয়া প্ৰত্যাহাৰ কৰা হয়।এতিয়া পুনৰ এবছৰৰ বাবে এই নিষেধাজ্ঞা কাৰ্যকৰী হ’ব।
মঙলবাৰে ঝাৰখণ্ড চৰকাৰে ঘোষণা কৰে যে ৰাজ্যত কমেও আগন্তুক এবছৰৰ বাবে ধঁপাতজাতীয় সামগ্ৰী গুটখাৰ উৎপাদন, মজুত, বিক্ৰী আৰু যোগান নিষিদ্ধ কৰা হ’ব।
২০০৬ চনৰ খাদ্য সুৰক্ষা আৰু গুণগত মান আইন ৩০ (২) (এ) ধাৰাৰ অধীনত এই নিৰ্দেশনা কাৰ্যকৰী কৰা হৈছে।
সাধাৰণ ৰাইজৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পানমছলাৰ গুটখা বিক্ৰী আৰু যোগানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি জাননীখনত উল্লেখ কৰা হৈছে।
উল্লেখ্য যে ,ভাৰতৰ কেবাখনো ৰাজ্যত গুটখা নিষিদ্ধ। তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আৰু বিহাৰত গুটকা বিক্ৰীত চৰকাৰী নিষেধাজ্ঞা আছে । ২০১২ চনৰ মে মাহৰ পৰা কেৰালাত গুটখাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।
শেহতীয়াকৈ পশ্চিম বংগ চৰকাৰে আগন্তুক এবছৰৰ বাবে বংগত গুটখা আৰু ধঁপাতৰ বিক্ৰী বন্ধ কৰাৰ নিৰ্দেশ দিছে। গাইডলাইন জাৰি কৰিছে স্বাস্থ্য বিভাগে।
ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰকাশ কৰা বিজ্ঞপ্তিত কোৱা হৈছে, জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।
লগতে জনোৱা হৈছে, ২০১১ চনৰ’ খাদ্য সুৰক্ষা আৰু গুনমান বিধি’ৰ ‘বিক্ৰী নিয়ন্ত্ৰণ আৰু বিক্ৰী প্ৰতিৰোধ’ৰ নিষেধাজ্ঞাৰ বিভিন্ন ধাৰা মানি এই পদক্ষেপ লোৱা হৈছে ।অহা সাত নৱেম্বৰৰ পৰা এই নিষেধাজ্ঞা কাৰ্যকৰী হ’ব ।