Nirmala Sitharaman:সপৰিয়ালেৰে মহাকুম্ভত ডুব দিলে নির্মলা সীতাৰমণে, পবিত্ৰ স্নান কৰিলে তেজস্বী সূর্যও

sitaraman

Nirmala Sitharaman:

অহা ২৬ নৱেম্বৰত শিৱৰাত্ৰিৰ দিনা পৰিসমাপ্ত হ’ব মহাকুম্ভৰ। তাৰ আগতে, ত্ৰিবেণী সংগমত পবিত্ৰ স্নানৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। সাধাৰণ ভক্তসকলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰয়াগৰাজত আহি উপস্থিত হৈছে জনপ্ৰিয় অভিনেতা ,অভিনেত্ৰীকে ধৰি ৰাজনৈতিক নেতা পালি নেতা ।

উল্লেখ্য যে বুধবাৰে ত্ৰিবেণী সঙ্গমত উপস্থিত হয় কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিজেপি বিধায়ক তেজস্বী সূৰ্য আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাম মনোহৰ নাইডু । পৰিয়ালৰ স’তে কুম্ভত ডুব দিয়াৰ পাছত, সীতাৰমণে কয় যে ই সনাতন ধৰ্মৰ বাবে এক “গভীৰ মুহূৰ্ত”। পবিত্ৰ স্নান কৰা পাছত তেজস্বী সূৰ্যই কয় , মহাকুম্ভ হৈছে ভাৰতৰ ঐক্যৰ আৱেগ। আনহাতে ৰাম মনোহৰ নাইডুৱে কয়,কুম্ভত স্নান কৰাটো ভাৰতৰ পৰম্পৰা।

উল্লেখ্য যে,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বুধবাৰে বিধানসভাত দাবী কৰে যে মহাকুম্ভৰ ত্ৰিবেণী সংগমত এতিয়ালৈকে ৫৬ কোটি ২৫ লাখ তীৰ্থযাত্ৰীয়ে পবিত্ৰ স্নানত কৰে ।

Exit mobile version