Akhil Gogoi’s letter to the CM:মুখ্যমন্ত্ৰীলৈ বিধায়ক অখিল গগৈৰ পত্ৰ

 পত্নীৰ চাকৰিৰ নিযুক্তি আৰু সম্পত্তিৰ তদন্তৰ বিচাৰি এই পত্ৰ'   নিজৰাপাৰৰ বাসগৃহৰো তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ অখিল গগৈৰ

akhil gogoi

Akhil Gogoi’s letter to the CM:

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মালৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ পত্ৰ ৷ পত্নীৰ চাকৰিৰ নিযুক্তি আৰু সম্পত্তিৰ তদন্তৰ বিচাৰি এই পত্ৰ প্ৰেৰণ কৰে বিধায়ক গৰাকীয়ে ৷ একেদৰে নিজৰাপাৰৰ বাসগৃহৰো তদন্ত বিচাৰে অখিল গগৈয়ে ৷

উল্লেখ্য যে বৃহস্পতিবাৰে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদ সূচক প্ৰশ্নোত্তৰ সময়ত সদনত অখিল পত্নীৰ চাকৰি আৰু নিজৰাপাৰৰ সম্পত্তি সন্দৰ্ভত গুৰুতৰ অভিযোগ আনিছিল মুখ্যমন্ত্ৰীয়ে ৷

এই সন্দৰ্ভত শুক্ৰবাৰে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এক পত্ৰত অখিল গগৈয়ে উল্লেখ কৰে যে সদনত আপোনাৰ ভাষণত মোৰ আৰু মোৰ পত্নীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উপস্থাপন কৰিছিল। আপুনি উল্লেখ কৰিছিল যে মোৰ পত্নী ডাঃ গীতাশ্ৰী তামুলীয়ে বি বৰুৱা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক পদত নিযুক্তি অসাধু উপায়েৰে লাভ কৰিছিল ৷

এনে ক্ষেত্ৰত যদি মোৰ পত্নী ড: গীতাশ্ৰী তামুলীক নিযুক্তি দিয়াত যদি অসাধু উপায় অৱলম্বন কৰা হৈছিল আৰু তেন্তে ইয়াৰ ওপৰত তদন্ত কৰা হওক ৷

আনহাতে আপোনাক জনাও যে বৰ্তমান মই বাস কৰা ব্যক্তিগত আৱাসিক সম্পত্তি অৰ্থাৎ ঘৰ নং ৪০, নিজাৰাপাৰৰ ঘৰটি চান্দমাৰী প্ৰয়াত ভদ্ৰ বৰাৰ পৰা ক্ৰয় কৰিছিল মোৰ পত্নী ডাঃ গীতাশ্ৰী তামুলীয়ে।

ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ ভোটৰ সময়ত আপুনি অভিযোগ কৰিছিল যে মই অবৈধ উপায় আৰু দুৰ্নীতিৰ জৰিয়তে ঘৰটো ক্ৰয় কৰিছিলোঁ যিয়ে মোৰ আৰু মোৰ পত্নীৰ আত্মসন্মানত আঘাত হানিছে। গতিকে বিষয়টোৰ ওপৰত তদন্ত কৰিবলৈ অনুৰোধ জনালোঁ আৰু যদিহে তদন্তত প্ৰমাণিত হয় যে তেন্তে মই আৱাসিক সম্পত্তিটো অসম চৰকাৰক গতাই দিম।

Exit mobile version