Farah Khan:
সন্মুখত দৌল উৎসৱ। এই প্ৰাকক্ষণত বিতৰ্কিত মন্তব্য দি আইনী সমস্যাত পৰিছে ফাৰাহ খান। বলীউডৰ জনপ্ৰিয় পৰিচালক তথা নৃত্য পৰিচালক গৰাকীৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত এফআইআৰ দাখিল কৰা হৈছে।
শেহতীয়াকৈ ৰন্ধন প্ৰণালীৰ ৰিয়েলিটি শ্ব’ত ফাৰহাই কয়, “হোলী হৈছে ‘ চাপ্ৰিৰ’ উৎসৱ।”এই ‘চাপ্ৰি” শব্দটোত লৈ আপত্তিৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি এনে মন্তব্যৰ বাবে বলীউডৰ পৰিচালকগৰাকীয়ে এক বিশেষ সম্প্ৰদায়ৰ আৱেগক আঘাত হানিছে। সেই অভিযোগৰ স’তে ‘হিন্দুস্তানী ভাউ’ নামেৰে পৰিচিত বিকাশ ফটকে তেওঁৰ অধিবক্তা আলী কাছিফ খান দেশমুখৰ জৰিয়তে মুম্বাইৰ খাৰ থানাত ফাৰহাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে।
২০ ফেব্ৰুৱাৰীত ফাৰহানে ‘চেলিব্ৰিটি মাষ্টাৰচেফ’ শ্ব’ত যোগদান কৰি ৰাজহুৱাভাৱে হোলীক লৈ মন্তব্য কৰে। যদিও বলীউডৰ পৰিচালক-নৃত্য পৰিচালক গৰাকীয়ে ধেমালিতে “হোলী হৈছে চাপ্ৰী উৎসৱ” বুলি কয়, তথাপিও তেওঁৰ মন্তব্যক বহুতে আপত্তিজনক বুলি বিবেচনা কৰিছে।
বিকাশে ইতিমধ্যে অভিযোগনামাৰ এখন ফটো ছচিয়েল মিডিয়াত প’ষ্ট কৰিছে আৰু জনাইছে ,ফাৰাহ খানৰ এই মন্তব্য সাম্প্ৰদায়িক। য’ত ধৰ্মীয় আৱেগ,অনুভূতিক আঘাত সনা হৈছে । যিটো ক্ষমাৰ অযোগ্য। ফাৰাহৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৯৬, ২৯৯, ৩০২ আৰু ৩৫৩ ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। হিন্দুস্তানী ভাউয়ে ফাৰাহ খানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।






























