USTM Chancellor Mohbubul Haque arrested:ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ

নিশা মহানগৰীৰ ঘোঁৰামাৰাৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ হকক, শ্ৰীভূমি আৰক্ষী-এছটিএফে গ্ৰেপ্তাৰ কৰে হকক

arrested 1

USTM Chancellor Mohbubul Haque arrested:

ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ ৷ মহানগৰীৰ ঘোঁৰামাৰাস্থ বাসগৃহৰ নিশা শ্ৰীভূমি আৰক্ষী আৰু এছটিএফে গ্ৰেপ্তাৰ কৰে ৷

ADVERTISEMENT

ইউএছটিএমৰ স্বত্বাধিকাৰী গৰাকীৰ বিৰুদ্ধে শ্ৰীভূমিৰ কেন্দ্রীয় বিদ্যালয়ৰ চিবিএছচিৰ দ্বাদশ মানৰ পদার্থ বিজ্ঞান বিভাগৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ২১৪ গৰাকী পৰীক্ষাৰ্থীক সহায় কৰাৰ প্ৰলোভনেৰে মহবুবুল হকৰ প্ৰতিষ্ঠানে ধন লোৱাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

আনহাতে পৰীক্ষা কেন্দ্ৰত কোনো সহায় নাপায় পৰীক্ষাৰ্থী সকলে এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰি মহবুবুল হকৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ তেওঁলোকৰ অভিযোগ ধন লৈ তেওঁলোকক পৰীক্ষাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ ইতিমধ্যে এই অভিযোগ সন্দৰ্ভত শ্ৰীভূমি থানাত দিয়া এজাহাৰৰ ভিত্তিত শনিবাৰে পুৱতি নিশা শ্ৰীভূমি আৰক্ষীয়ে গুৱাহাটী আৰক্ষীৰ সহযোগত ঘোঁৰামাৰাৰ পৰা মহবুবুল হকক গ্ৰেপ্তাৰ কৰে ৷ আটকাধীন হকক প্ৰথমে পানবজাৰ থানালৈ নিয়া হয় ৷ পিছত শ্ৰীভূমিলৈ লৈ যোৱা যায় ৷

উল্লেখ্য যে, সাধাৰণ এজাক বৰষুণ দিলেই ইউএছটিএমৰ পৰা হোহোৱাই নামি অহা পানীৰ ঢলে মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হয় বুলি সময়ে সময়ে অভিযোগ কৰি আহিছিল মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ আনকি মুখ্যমন্ত্ৰীয়ে মহবুবুল হকৰ জাতিগত চাৰ্টিফিকেট সন্দৰ্ভতো অভিযোগ কৰি আহিছিল ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে ইউএছটিএমে টকাৰ বিনিময়ত ডিগ্ৰী প্ৰদান কৰে বুলিও গুৰুতৰ অভিযোগ উদ্থাপন কৰিছিল ৷

এনে প্ৰেক্ষাপটত ইউএছটিএমৰ আচাৰ্য গৰাকীক আজি মাজনিশা গ্ৰেপ্তাৰ কৰা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে ৷

Exit mobile version