Kumbh Mela 2025 উত্তৰ প্ৰদেশত ১৪০ টা ছ’চিয়েল মিডিয়া হেণ্ডেলৰ বিৰুদ্ধে গোচৰ
ছ’চিয়েল মিডিয়াত কুম্ভমেলাক লৈ বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰৰ অভিযোগ , ১৪০টা হেণ্ডেলৰ বিৰুদ্ধে গোচৰ ৰুজু
প্ৰয়াগৰাজৰ কুম্ভ মেলাৰ বিষয়ে বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰাৰ অভিযোগতৰুজু কৰা হৈছে।
১৩ জানুৱাৰীত কুম্ভ মেলাৰ আৰম্ভণিৰ পৰাই বিভিন্ন কাৰণত বিতৰ্কৰ সৃষ্টি হৈছে কুম্ভ মেলাৰ পৰিচালনা।
উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে সমালোচনাৰ সন্মুখীন হৈছে,
কেতিয়াবা যদি পদপিষ্টৰ ফলত তীৰ্থযাত্ৰীৰ মৃত্যু,কেতিয়াবা আকৌ অগ্নিকাণ্ডৰ ফলত মৃত্যু ।এই সকলোবোৰৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰ।
ইয়াৰ ওপৰত উত্তৰ প্ৰদেশ বিধানসভাতো চৰ্চা হৈছে। উত্তৰ দিব লাগিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
অহা ২৬ ফেব্ৰুৱাৰীত শেষ হ’ব কুম্ভ মেলা। সেইদিনা, কুম্ভত শিৱৰাত্ৰিৰ ‘শ্বাহী স্নান’ আছে। গংগা, যমুনা আৰু অন্থছালিলা সৰস্বতী নদীৰ সংগমস্থলীত সেইদিনাও বৃহৎ সংখ্যক তীৰ্থযাত্ৰী উপস্থিত হোৱাৰ সম্ভাৱনা আছে। কুম্ভ পৰিচালনাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰৰ বাবে হ’ব আন এক পৰীক্ষা দিৱস।
এনে পৰিস্থিতিত উত্তৰ প্ৰদেশ আৰক্ষীৰ ডি আই জি বৈভৱ কৃষ্ণই কয় যে বিভ্ৰান্তিকৰ তথ্য বিয়পোৱাৰ বাবে ১৪০টা ছ’চিয়েল মিডিয়া হেণ্ডেলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
মুঠ ১৩টা এফআইআৰ দাখিল কৰা হৈছে। ডিআইজিয়ে কয় যে “মিছা তথ্য” প্ৰচাৰ কৰাৰ চেষ্টা কৰা স্বত্বেও, কুম্ভ মেলা এক বৃহৎ সফলতা লাভ কৰিছে।
আৰক্ষীয়ে পূৰ্বে ৩৪টা ছ’চিয়েল মিডিয়া হেণ্ডেলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে, য’ত ৰে’লত জুই ধৰাৰ দাবীকে ধৰি কিছু ভুৱা তথ্য বিয়পোৱা হয় ।
অভিযোগ অনুসৰি যোৱা ১৪ ফেব্ৰুৱাৰীত কুম্ভ অভিমুখী এখন ৰে’লত জুই লাগে বুলি ছ’চিয়েল মিডিয়াত ভুৱা তথ্য প্ৰচাৰ কৰা হয় ।
আনহাতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে জনাই যে শিৱৰাত্ৰিৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কুম্ভ মেলাৰ চাৰিওফালে যান-জঁট নোহোৱাটো নিশ্চিত কৰিবলৈও পদক্ষেপ লোৱা হৈছে। ডি.আই.জি.-ৰ ভাষাত, “যিমানেই ভিৰ নহওঁক কিয় আমি সম্পূৰ্ণ প্ৰস্তুত আছোঁ ।”