মহানগৰীৰ খানাপাৰাস্থ পশু চিকিৎসা খেলপথাৰত অনুষ্ঠিত এডভাণ্টেজ আছাম 2.0ৰ আজি দ্বিতীয় তথা অন্তিমদিন। ইতিমধ্যে দেশী- বিদেশী বহু কোম্পানীয়ে চৰকাৰৰ স’তে কৰিছে বুজাবুজি চুক্তি ৷ ইখনৰ পিছত সিখনকৈ বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ ফলস্বৰূপে আজি দিনটোত ১ লাখ কোটিতকৈ অধিক চুক্তি স্বাক্ষৰৰ সম্ভাৱনা ব্যক্ত কৰিছে আয়োজক অসম চৰকাৰে ৷
ADVERTISEMENT
উল্লেখ্য যে মঙলবাৰৰ আৰম্ভণি দিনটোত ডেৰ লাখ কোটিতকৈ অধিক টকা বিনিয়োগৰ চুক্তি স্বাক্ষৰিত হৈছিল ৷ আজি এডভাণ্টেজ আছামত ভাগ লৈছে কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয় মন্ত্ৰী নীতিন গাডকাৰী আৰু পেট্ৰলিয়াম দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী ৷
আজি অসম চৰকাৰৰে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে প্ৰখ্যাত স্বাস্থ্য খণ্ডৰ উদ্যোগী মাধৱী লতাই ৷ মাধৱীৰ বিৰিঞ্চি লিমিটেডে অসমত স্থাপন কৰিব চিকিৎসালয় ৷ এই চিকিৎসালয়ত ৰোগীয়ে লাভ কৰিব বিনামূলীয়া চিকিৎসা ৷ এডভান্টেজ আছাম 2.0 সন্মিলনত অংশ লৈ এই কথা ঘোষণা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী গৰাকীৰ ৷ উল্লেখ্য যে ,যোৱাটো লোকসভা নিৰ্বাচনত হাইদৰাবাদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল যদিও আছাদুদ্দিন ওৱেছীৰ হাতত পৰাভূত হৈছিল মাধবী লতা ৷