Satya Ranjan Bora in Meghalaya:
মহশিৱৰাত্ৰিৰ দিনাই মেঘালয় মৌচিনৰামৰ মৌজ’মবিন্ গুহাৰ ভিতৰত থকা প্ৰাকৃতিক “শিৱলিঙ্গ”ত দৰ্শনাৰ্থে উপস্থিত হয় হিন্দুত্ববাদী নেতা তথা কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰা ৷ শিৱলিঙ্গত পূজা – অৰ্চনা আৰু সেৱা জনাই সমূহ ভাৰতবাসীৰ লগতে অসম আৰু মেঘালয়বাসীৰ কুশল কামনা কৰে কুটুম্ব সুৰক্ষা পৰিষদৰ মুৰব্বী গৰাকীৰ লগতে তেওঁৰ সহযোগী সকলে ৷
উল্লেখ্য যে,২০২৪ বৰ্ষৰ আগষ্ট মাহৰ পৰা পূজা-সেৱা নিষিদ্ধ হৈ থকা শিৱলিঙ্গটি “কুটুম্ব সুৰক্ষা পৰিষদ”ৰ তৎপৰতাত আৰু মেঘালয় চৰকাৰৰ লগতে স্থানীয় গাওঁ পৰিচালনা সমিতিৰ সহযোগত পুনৰ দৰ্শনাৰ্থী সকলৰ কাৰণে মুকলি কৰি দিয়া হয় ২০২৫ বৰ্ষৰ ৩ জানুৱাৰীৰ পৰা।
আনহাতে,৩ জানুৱাৰীৰ দিনা শ্বিলঙৰ পূৱ খাচী পাহাৰৰ উপায়ুক্তৰ কাৰ্যালয়ত হোৱা এখনি বিশেষ আলোচনা সভাৰ পিছত সকলোৰে সৰ্বসন্মতি ক্ৰমে এখনি বিশেষ এছঅপি প্ৰস্তুত কৰি গুহাৰ ভিতৰত শিৱলিঙ্গ ‘ দৰ্শন বছৰৰ ৩৬৫ দিনেই পুৱা ৯ বজাৰ পৰা ৫ বজালৈ মুকলি কৰি দিয়া হয়।
অৱশ্যে এগৰাকী ভক্তই কোনো ধৰণৰ ফুল-ফল, চাকি-ধূপ আদিৰে সেই শিৱলিঙ্গত বিধিগত পূজা সেৱা কৰিব নোৱাৰিব। প্ৰাকৃতিক ভাবে সৃষ্টি হোৱা শিৱলিঙ্গটিৰ সুৰক্ষাৰ খাতিৰত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। তিনি জানুৱাৰীৰ আলোচনাৰ পিছত পোন প্ৰথমবাৰৰ বাবে কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি গৰাকীয়ে পূৱ খাচী পাহাৰ জিলা প্ৰশাসন আৰু স্থানীয় গাওঁ পৰিচালনা সমিতিৰ সহযোগত প্ৰায় ১৫ মিনিট সময় সেই শিৱলিঙ্গৰ সন্মুখত নাম যপ কৰি সেৱা কৰে।