Sonam Wangchuk:আহিবলগীয়া মহাকুম্ভ হ’ব বালিৰ ওপৰত

পৰিৱেশ ৰক্ষাত মোডীক সতর্ক কৰিলে ৱাংচুৱে

sonam

Sonam Wangchuk:

দ্ৰুত গতিত গলিছে হিমবাহ। লাডাখৰ এটা হিমবাহৰ পৰা বৰফৰ টুকুৰা লৈ সম্প্ৰতি আমেৰিকালৈ গৈছিল পৰিৱেশবিদ সোণম ৱাংচুক। তাৰ পৰা উভতি অহাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন মুকলি পত্ৰ লিখি বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে ৱাংচুকে।

ADVERTISEMENT

শীঘ্ৰে ব্যৱস্থা লোৱাৰ দাবীত তেওঁ সকীয়াই দিয়ে যে যদি মহাকুম্ভ ১৪৪ বছৰৰ পাছত অনুস্থিত হয়, তেন্তে সেয়া বালিৰ ওপৰত হ’ব পাৰে। পুণ্য স্নানৰ কোনো উপায় নাথাকিব। কাৰণ সকলো নদী শুকাই যোৱাৰ আশংকা।

মঙলবাৰে ৰাজধানীত এখন সংবাদমেল সম্বোধন কৰে সোনম ৱাংচুকে। তাতেই তেওঁ এই পৰিস্থিতিৰ গম্ভীৰতাৰ বিষয়ে অৱগত কৰে। তেওঁ কয়, যদি গংগা, যমুনা আদি বহুবৰ্ষজীৱী নদীৰ উৎস এই হিমবাহসমূহ পুনৰুদ্ধাৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে পৰৱৰ্তী মহাকুম্ভ বালিৰ ওপৰত কৰিব লাগিব পাৰে।

দীৰ্ঘদিন ধৰি তেওঁ হিমবাহৰ সুৰক্ষাৰ বাবে আন্দোলন কৰি আহিছে। লগতে তেওঁ লাডাখৰ পৰা দিল্লীলৈ পদযাত্ৰা কৰি আহিছে । তাৰ পাছত খাৰডুং লাৰ এটা হিমবাহৰ পৰা বৰফ লৈ আমেৰিকালৈ লৈ গ’ল। ৰাষ্ট্ৰসংঘই ২০২৫ বৰ্ষক হিমবাহ সংৰক্ষণৰ বাবে আন্তৰ্জাতিক বৰ্ষ হিচাপে ঘোষণা কৰিছে। বিশ্ব হিমবাহ দিৱস ২১ মাৰ্চত উদযাপন কৰা হ’ব।

ৱাংচুকে দুখ প্ৰকাশ কৰি কয় যে হিমবাহৰ বৰফ বহু বছৰ ধৰি হ্ৰাস পাই আহিছে। কিন্তু ইয়াৰ কোনো ব্যৱস্থা লোৱা হোৱা নাই। হিমালয়ত আৰ্কটিক আৰু এণ্টাৰ্কটিকাৰ পাছত পৃথিৱীত তৃতীয় সৰ্ববৃহৎ বৰফ আৰু তুষাৰ জমা হৈছে। সেয়েহে ইয়াক “তৃতীয় মেৰু” বুলি নামাকৰণ কৰা হৈছে । সেই বাবেই ৱাংচুকে হিমালয়ক সুৰক্ষাৰ বাবে মোডীক দাবী জনায় ৱাংচুকে।

Exit mobile version