Education Minister Ranoj Pegu Announced:
ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে বৃহস্পতিবাৰে লখিমপুৰত শিক্ষা সম্পৰ্কীয় কেতবোৰ গুৰুত্বপূৰ্ণ কথা সদৰি কৰে ৷ এক সংবাদমেলত শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে, এতিয়াৰে পৰা আইটিআই উত্তীৰ্ণকাৰী সকলক মৰ্যাদা দিয়া হ’ব দশম শ্ৰেণীৰ উত্তীৰ্ণৰ ।
তদুপৰি পলিটেকনিকত উত্তীর্ণসকলক দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ বুলি ধৰা হ’ব ৷ এনেক্ষেত্ৰত পলিটেকনিকত উত্তীর্ণসকল জেইই পৰীক্ষাত হ’ব পাৰিব উত্তীৰ্ণ | আনহাতে চৰকাৰী বিদ্যালয় সমূহত এতিয়াৰ পৰা নৱম শ্ৰেণীৰ পৰাই এআই আৰু ৰবটিক শিক্ষা ল’ব পাৰিব শিক্ষার্থী সকলে।