Horrific Murder In Kolkata:
যোৰহাটৰ এগৰাকী মহিলা কলকাতাস্থিত আত্মীয়ৰ ঘৰতে দুগৰাকী আত্মীয় মহিলাৰ দ্বাৰাই হত্যাৰ বলি হোৱাৰ তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে স্থানীয় ৰাইজে মহিলা গৰাকীৰ হত্যাত অভিযুক্ত দুগৰাকীক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিছে। যোৰহাট নগৰৰ দহাবৰাচুকৰ প্ৰয়াত নিতাই ঘোষৰ কন্যা সুমিতা ঘোষ (৫৫)-এ বিগত চাৰি মাহ পশ্চিমবংগৰ বৰ্দ্ধমানৰ নদনঘাটত এটা ভাৰাঘৰত বাস কৰে।
সূত্ৰই জনোৱা মতে, যোৱা ১১ ফেব্ৰুৱাৰীত তেওঁ কলকাতাৰ মধ্যমগ্রাম পৌৰসভাৰ অন্তৰ্গত ২৩ নম্বৰ ৱাৰ্ডৰ বেশপল্লী অঞ্চলত ভাৰাতীয়াৰূপে থকা আৰতি ঘোষ নামৰ মহিলাগৰাকীৰ ঘৰলৈ যায়। তেতিয়াৰে পৰা তেওঁ আত্মীয় গৰাকীৰ ঘৰতে থাকে। পাছত যোৱা সোমবাৰৰ বিয়লি তেওঁৰ স’তে কোনো কথাক লৈ আৰতি ঘোষৰ কন্যা ফাল্গুনী ঘোষৰ কাজিয়া লাগে। এটা সময়ত ফাল্গুনীয়ে ইটাৰে মহিলা গৰাকীক আক্ৰমণ কৰাত তেওঁ মজিয়াত ঢলি পৰে আৰু মৃত্যুক সাৱটি লয়।
তেতিয়া মাতৃ-কন্যাই মিলি তেওঁৰ মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি এটা ট্রলী বেগত ভৰাই থয়। মঙলবাৰে দুয়ো বেগটো এখন টেক্সীত লৈ গৈ গংগা নৈৰ পাৰত উপস্থিত হৈ বেগটো নৈলৈ দলিয়াই দিয়াৰ চেষ্ট কৰে যদিও ব্যর্থ হয়। এনেদৰে দুয়ো কে’বাটাও নৈৰ ঘাটত উপস্থিত হৈ বেগটো নৈলৈ পেলোৱাৰ চেষ্টা কৰে যদিও সফল নহ’ল।
অৱশেষত তেওঁ মাতৃ-কন্যাই বেগটো লৈ গংগাৰ কুমুৰতলী ঘাটত উপস্থিত হৈ বেগটো নৈৰ বুকুলৈ দলিয়াই দিয়াৰ উদ্দেশ্যে ঘূৰা-পকা কৰি থকাত দুয়োৰে প্ৰতি স্থানীয় ৰাইজৰ মনত সন্দেহৰ সৃষ্টি হয়। তেতিয়া একাংশ লোকে মাতৃ-কন্যাই দিয়া বেগটো খুলি চোৱাত ভিতৰত টুকুৰা-টুকুৰকৈ কাটি থোৱা মাংসপিণ্ড প্রত্যক্ষ কৰে। প্ৰথমে অভিযুক্ত দুগৰাকীয়ে মাংসপিণ্ডবোৰ কুকুৰৰ মাংস বুলি ঘটনাস্থলীত সমবেত লোকসকলক আভুৱাভৰাৰ চেষ্টা কৰে যদিও বেগটোৰ ভিতৰত কুকুৰৰ মুখ নেদেখি আৰক্ষীক খবৰ দিয়ে।
সেইমৰ্মে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োৰে আটক কৰি সোধপোছ কৰাত হত্যাকাণ্ডৰ কথা প্রকাশ কৰে। তেতিয়া আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে। অভিযুক্ত দুগৰাকীয়ে প্ৰকাশ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে সুমিতা ঘোষৰ ছিন্নমুণ্ড মাতৃ-কন্যাৰ ভাৰাঘৰৰ পৰা উদ্ধাৰ কৰে। আত্মীয়ৰ হাততে হত্যাৰ বলি হোৱা আৰতি ঘোষ বিবাহ বিচ্ছেদিত আছিল। এক দশক পূর্বে তেওঁৰ বিবাহ বিচ্ছেদ ঘটে।