MahaKumbh:
৪৫ দিনৰ পাছত অন্ত পৰিল মহাকুম্ভ। বৰ্তমানলৈকে অন্তত ৬৬ কোটি লোকে আস্থাৰ স্নান কৰিলে ত্ৰিবেণী সংগমত । অৱশ্যে, মহাকুম্ভৰ এই দিন কেইটাত মহাকুম্ভৰ পৰিচালনা সম্পৰ্কে একাধিক বাৰ প্ৰশ্ন উত্থাপন হৈছে।
আঙুলি তুলিলে যোগী আদিত্যনাথৰ প্ৰশাসনৰ ফালে । অৱশ্যে, মহাকুম্ভৰ সমাপ্তিৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিলে। এক্স হেণ্ডেলত তেওঁৰ বাৰ্তা, ইমান বৃহৎ অনুষ্ঠান আয়োজন কৰাটো একেবাৰেই সহজ নহয়। অৱশ্যে আয়োজনত কোনো ভুলত্ৰুটি হ’লে সকলোৰে ওচৰত ক্ষমা বিচাৰিছো।
বুধবাৰে সমাপ্ত হয় মহাকুম্ভ । ইয়াৰ পাছতে আজি প্ৰধানমন্ত্ৰীয়ে মহাকুম্ভৰ সন্দৰ্ভত এক দীঘলীয়া বাৰ্তা প্ৰদান কৰে। হিন্দীত লিখা এখন মুকলি পত্ৰত তেওঁ কয়, “মই জানো যে এনে এক বিশাল অনুষ্ঠান আয়োজন কৰাটো একেবাৰেই সহজ নহয়। আমাৰ উপাসনাত কোনো ত্ৰুটি থাকিলে আমাক ক্ষমা কৰিবলৈ মই গংগা, যমুনা আৰু সৰস্বতী মাতৃক প্ৰাৰ্থনা জনাইছো। ভক্তসকলও মোৰ বাবে দেৱতা। তেওঁলোকৰ সেৱাত যদি কোনো ভুল হ’ল তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো ।
অৱশ্যে, যোগীয়ে মহাকুম্ভৰ দৰে এটা বৃহৎ অনুষ্ঠান যিদৰে আয়োজন কৰিছে তাকলৈও প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰীৰ লিখনিসমূহে । তেওঁ বাৰ্তাত উল্লেখ কৰে যে , ‘উত্তৰ প্ৰদেশৰ এজন সাংসদ হিচাপে মই ক’ব পাৰো যে যোগীজীৰ নেতৃত্বত চৰকাৰ, প্ৰশাসন আৰু সাধাৰণ মানুহে একেলগে এই মহাকুম্ভক সফল কৰি তুলিছে।
নতুন প্ৰজন্মই মহাকুম্ভত যিধৰণে অংশগ্ৰহণ কৰিছিল তাক লৈও প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে। তেওঁ অলপতে সমাপ্ত হোৱা মহাকুম্ভৰ কেবাখনো ফটোও তেওঁৰ এক্স-হেণ্ডেলত শ্বেয়াৰ কৰে।