Kumbh Mela 2027:
এই বছৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ’ল মহাকুম্ভ মেলা । যিয়ে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা সহাঁৰি লাভ কৰিছে ।দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তই উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ ত্ৰিবেণী সংগমত আহি উপস্থিত হোৱাৰ লগতে দেশ-বিদেশৰ কমেও ৬৬ কোটি লোকে ত্ৰিবেণী সংগমত স্নান কৰিছে ।
১৩ জানুৱাৰীত আৰম্ভ হোৱা ধৰ্মীয় উৎসৱটো ৪৫ দিনৰ অন্তত ২৬ ফেব্ৰুৱাৰীত সমাপ্ত হয়। পুনৰ ১২ বছৰৰ পাছত অনুষ্ঠিত হ’ব এই মহাকুম্ভ। যদিও তিনি বছৰৰ পাছত অনুষ্ঠিত হ’ব কুম্ভ মেলা। ক’ত আৰু কেতিয়া অনুষ্ঠিত হ’ব কুম্ভ ? নিয়ম অনুসৰি প্ৰত্যেক তিনি বছৰৰ অন্তত কুম্ভ , ছয় বছৰৰ অন্তত অৰ্ধ কুম্ভ আৰু প্ৰতি ১২ বছৰৰ অন্তত আয়োজিত হয় পূৰ্ণ মহাকুম্ভ ।
প্ৰয়াগৰাজ, হৰিদ্বাৰ, নাছিক আৰু উজ্জয়িনীৰ চাৰিও চহৰৰ ভিতৰতে আয়োজন কৰা হয় এই ধৰ্মীয় অনুষ্ঠান । তথ্য অনুসৰি ২০২৭ চনৰ মহাকুম্ভ মেলা অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা প্ৰায় ৩৮ কিলোমিটাৰ দূৰত ত্ৰিম্বকেশ্বৰত ।
এই চহৰখন ভাৰতৰ দ্বিতীয় দীৰ্ঘতম নদী গোদাৱৰীৰ পাৰত অৱস্থিত। এই ত্ৰিম্বকেশ্বৰ শিৱ মন্দিৰ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম। এতিয়ালৈকে প্ৰকাশিত তথ্য অনুসৰি ২০২৭ চনৰ ১৭ জুলাইৰ পৰা ১৭ আগষ্টলৈ চলিব কুম্ভ মেলা।
উল্লেখ্য যে ,মহাসমাৰোহৰ এই ধৰ্মীয় উৎসৱ আয়োজনৰ বাবে আগ্ৰহী মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ। ‘NASSCOM Technology and Leadership Forum 2025’- ৰ এটা অনুষ্ঠানত এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । নাছিক কুম্ভ মেলাৰ বাবে ইতিমধ্যে অত্যাধুনিক প্ৰযুক্তিক একত্ৰিত কৰাৰ ৰূপৰেখা তৈয়াৰ কৰা হৈছে । যিসকলে পবিত্ৰ পানীত স্নান কৰিব নোৱাৰে তেওঁলোকক প্ৰযুক্তিৰ জৰিয়তে ইয়াৰ মহানতা অনুভৱ কৰিব পাৰিব ।
এই বছৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘ডিজিটেল মহাকুম্ভ’ৰ সপোন পূৰণ কৰিছে। তেওঁৰ সপোন সাৰ্থক কৰি ৰাজ্যৰ নতুন প্ৰতিষ্ঠিত ৭৬তম জিলা ‘মহাকুম্ভ নগৰ’ত অভিলেখ সময়ত যোগীয়ে সকলো নাগৰিকক পৰিসেৱা প্ৰদান কৰিছে । তেওঁ মেলাখন আয়োজন কৰিবলৈ ডিজিটেল প্ৰযুক্তিৰো ব্যাপক ব্যৱহাৰ কৰিছে । যোগী চৰকাৰৰ তৰফৰ পৰা তৈয়াৰ কৰা হৈছে ‘মহাকুম্ভ লেণ্ড এণ্ড ফেছিলিটি এলোকেছন ‘ এ’প।
যিটো এ’পট এটা ক্লিকতেই পোৱা গৈছিল তীৰ্থযাত্ৰীসকলৰ প্ৰয়োজনীয় যাৱতীয় তথ্য। ইয়াৰ উপৰিও প্ৰয়াগৰাজত গংগা, যমুনা আৰু সৰস্বতীৰ সঙ্গমস্থলত তীৰ্থযাত্ৰীসকলৰ বাবে তৈয়াৰ কৰা হৈছিল এখন অস্থায়ী নগৰ। ১৫ বৰ্গমাইল এলেকাত নিৰ্মিত অস্থায়ী চহৰখনৰ আয়তন নিউয়ৰ্ক চহৰৰ মানহাটান বৰোৰ দুই তৃতীয়াংশ। ফলত নাছিক কুম্ভ মেলা ২০২৭ লৈ ভক্তসকলে আগ্ৰহেৰে বাট চাই আছে।