NEMSU:বিটিআৰত সংখ্যালঘুক সম-উন্নয়ন আৰু সম-অধিকাৰ দিয়াৰ আহ্বান নেমছু’ৰ

BADARUL 1

NEMSU:

বৰ্তমানৰ বিটিআৰত সংখ্যালঘুক সম-উন্নয়ন আৰু সমাধিকাৰ প্ৰদান কৰিবলৈ অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক আহ্বান জনায় নেমছু’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলামে।এক প্ৰেছ বিজ্ঞপ্তিত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু‘ৰ কেন্দ্রীয় সমিতিৰ সভাপতি বদৰুল ইছলামে কয় যে বিটিআৰৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰ বাসিন্দা হিচাপে বিটিআৰ চৰকাৰে ধর্মীয় সংখ্যালঘু লোক সকলৰ সৰ্বাঙ্গীন উন্নয়ন, ন্যায় আৰু নিৰাপত্তাৰ স্বাৰ্থত অধিক গুৰুত্ব দিয়াৰ বাবে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো আৰু চৰকাৰক দাবী জনায়।

নেমছু’ৰ সভাপতি গৰাকীয়ে কয়- পূৰ্বৰ চৰকাৰৰ সময়ত হোৱা ভাতৃঘাতি সংঘৰ্ষৰ সময়ত কিমান মুছলমান লোকক হত্যা কৰা হল, কিমান মানুহৰ ঘৰ জ্বলিল আৰু এতিয়াও কিমান লোক ভূমিহীন-গৃহহীন হৈ আছে তাৰ সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰিব লাগে।বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা মুছলমান লোক সকলৰ পৰিয়ালৰ কিমানক কিমান টকাৰ আৰ্থিক সাহাৰ্য অথবা ক্ষতিপূৰণ দিয়া হ’ল তাকো ৰাজহুৱা কৰাৰ দাবী জনায়?তাৰোপৰি বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা মুছলমান পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰাৰো দাবী জনায় নেমছু’ৰ সভাপতি বদৰুল ইছলামে।

তাৰোপৰি বৰ্তমানৰ বিটিআৰৰ সকলো জাতি-জনগোষ্ঠীৰ লগতে মুছলমান সকলৰ উন্নয়নৰ বাবে ‘বিটিআৰ হেপিনেছ মিছনৰ’ জৰিয়তে যি ‘ভিশ্যন ডকুমেণ্টছ’ প্রকাশ কৰিছে তাত উল্লেখ থকা আৰু নথকা মুছলমান সকলৰ অভাৱ-অভিযোগ আৰু সমস্যাসমূহ সমাধান কৰাৰ বাবে বিটিআৰ চৰকাৰক দাবী জনায় নেমছু’ৰ সভাপতি বদৰুল ইছলামে।বৰ্তমানৰ বিটিআৰত শান্তি বিৰাজমান হোৱা বাবে কেন্দ্রীয় চৰকাৰ,ৰাজ্য চৰকাৰ আৰু উক্ত চুক্তিত স্বাক্ষৰ কৰাৰ লগতে বিটিআৰ শান্তি চুক্তিত আগভাগ লোৱা প্ৰতিজন ব্যক্তিক নেমছু’ৰ তৰফৰ পৰা ধন্যবাদ জনায়।

বিটিআৰৰ সংখ্যালঘু সকলৰ মূল সমস্যাৰ ভিতৰত অন্যতম জ্বলন্ত সমস্যা হৈছে ভূমিৰ সমস্যা।আগন্তুক ছয় মাহৰ ভিতৰত বিটিআৰৰ প্ৰতিজন লোকৰ ভূমিৰ সমস্যাৰ সমাধানৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰি দীৰ্ঘদিনীয়া এই সমস্যাটোৰ স্থায়ী সমাধান কৰিব লাগে।বিটিচি চুক্তি স্বাক্ষৰিত হোৱাৰ পূৰ্বৰ পৰা যিসকল মুছলমান লোক য’ত যেনেকৈ বসবাস কৰাৰ লগতে খেতবাতি কৰি সপৰিয়ালে জীয়াই আছে তাতেই তেওঁলোকৰ ভূমিৰ পট্টা প্ৰদান কৰিব লাগে।

লাফিকুল ইছলাম হত্যাকাৰীক গ্ৰেপ্তাৰৰ লগতে দোষীক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে চৰকাৰ-প্ৰশাসনে।বিটিচি চুক্তিৰ পূৰ্বৰ পৰাই যি সকল ভাৰতীয় লোকৰ নামত সন্দেহযুক্ত ডি’ লগাই হাৰাশাস্তি কৰা হৈ আছে ভোটাৰ তালিকাত তেওঁলোকৰ নামৰ আগৰ পৰা ডি’ উঠাই দিব লাগে।সেইসকল ভাৰতীয় লোকক ৰাজনৈতিক আৰু মৌলিক অধিকাৰত বাধা দিয়াৰ অধিকাৰ কাৰো নাই।এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে নেমছু’ৰ সভাপতি বদৰুল ইছলামে।বিটিআৰৰ বহু সংখ্যালঘূ অঞ্চলত আজিলৈকে ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম।

সেইসমূহ বিদ্যালয়ত শিক্ষক নিযুক্তি দিব লাগে আৰু বিদ্যালয় সমূহৰ আন্তঃগাঁথনি উন্নত কৰিব লাগে।বিটিআৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ড গঠন কৰিব লাগে।সংখ্যালঘু অঞ্চলক সামৰি বিটিআৰত নতুন সমষ্টি গঠন কৰি ধৰ্মীয় সংখ্যালঘুৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰি ৰাখিব লাগে।সংখ্যালঘু অঞ্চলৰ ৰাস্তা-ঘাট-কালভাৰ্ট, দলং আদিৰ উন্নয়ন,চিকিৎসালয় স্থাপন,শ্বহীদ লাফিকুল ইছলামৰ নামত এখন বিশ্ববিদ্যালয় আৰু ষ্টেডিয়াম স্থাপন, বিশুদ্ধ খোৱাপানীৰ সু-ব্যাৱস্থা কৰা,কৃষকৰ উন্নয়ন, সংখ্যালঘু নিবনুৱাক জনসংখ্যা অনুপাতে আৰু যোগ্যতা অনুযায়ী নিযুক্তি দিয়া,সংখ্যালঘু নিবনুৱাক ঠিকা-ঠুকুলি প্ৰদান কৰা।

তাৰোপৰি যিসমূহ ভূমিত সংখ্যালঘু লোক সকল ঘৰ সাজি বসবাস কৰি আছে, দখল কৰি খেতিবাতি কৰি আছে বা তৌজি ভূমি সমূহৰ খাজনা লোৱাৰ ব্যৱস্থা অতি শীৰ্ঘেই কৰিবলৈ বিটিআৰ চৰকাৰক দাবী জনায় নেমছু’ৰ সভাপতি বদৰুল ইছলামে।

Exit mobile version