Madhya Pradesh Incident:
সহকৰ্মীৰ ফটো শ্বেয়াৰ কৰি কথমপি জীৱন ৰক্ষা এজন নিৰাপত্তাৰক্ষীৰ।ঘটনাক্ৰমে,ডিউটিৰ সময়ত চকীত বহি টোপনি গৈছিল এজন নিৰাপত্তাৰক্ষী। তাকে চকুত পৰিল এজন সহকৰ্মীৰ। চকীত শুই থকাৰ অৱস্থাতে ফটো মাৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে সতীৰ্থই। সেই খঙতে সহকৰ্মীক লক্ষ্য কৰি নিজৰ ছাৰ্ভিচ বন্দুকে গুলীচালনা কৰে নিৰাপত্তাৰক্ষীজনে।
মধ্য প্ৰদেশৰ ইন্দোৰৰ এখন গহনা দোকানৰ বাহিৰত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি প্ৰমোদ পাণ্ডে নামৰ ৫৬ বছৰীয়া এজন ব্যক্তিৰ বিৰুদ্ধে গুলীচালনাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি সেই নিৰাপত্তাৰক্ষীয়ে তেওঁৰ সহকৰ্মীজনক গুলি চালনা কৰে । আহত ব্যক্তিজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
যদিও তেওঁ প্ৰাণ ৰক্ষা পৰে, তেওঁৰ যথেষ্ট ৰক্তক্ষৰণ হয় ।বৰ্তমান তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এজাহাৰ লাভ কৰাৰ পাছতে আৰক্ষীয়ে প্ৰমোদক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত গুলীচালনাৰ কথা স্বীকাৰ কৰে অভিযুক্তই। আৰক্ষীক দিয়া তেওঁৰ বিবৃতিত, প্ৰমোদে কয় যে দোকানৰ বাহিৰত পহৰা দিয়াৰ দায়িত্ব তেওঁৰ ওপৰত আছিল । সেই সময়ত চকীখনত বহি থাকোতে কেতিয়া তেওঁৰ টোপনি আহিল তেঁও গমে নাপালে।
পাছত, তেওঁ হোৱাটছএপ গ্ৰুপত দেখিলে যে তেওঁৰ এজন সতীৰ্থই শুই থকা ফটোখন গ্ৰুপত প্ৰেৰণ কৰিছে । সেই ছবিখনক লৈ গ্ৰুপত সকলোৱে হাঁহিবলৈ লয়। বহুতে তেওঁক কথাও শুনায়। সেই খঙতে তেওঁ সহকৰ্মীজনক লক্ষ্য কৰি তেওঁৰ ওপৰত গুলীচালনা কৰে । ইন্দোৰৰ অতিৰিক্ত আৰক্ষী উপায়ুক্ত আনন্দ যাদৱে জনাই যে প্ৰমোদ শনিবাৰে নিশা তেওঁৰ দোকানৰ বাহিৰত কৰ্তব্যৰত অৱস্থাত টোপনি গৈছিল।
এইটো দেখি দোকানখনৰ এজন বিক্ৰেতা সঞ্জয় জগতাপে প্ৰমোদৰ এখন ফটো তুলি হোৱাটছএপ গ্ৰুপলৈ প্ৰেৰণ কৰে। দেওবাৰে নিশা ঘটনাটোক লৈ সঞ্জয় আৰু প্ৰমোদৰ মাজত তৰ্ক আৰম্ভ হৈছিল। তৰ্কৰ মাজতে অভিযুক্তজনে গুলীচালনা কৰে। গুলীটো সঞ্জয়ৰ হাতত আৰু শৰীৰৰ আন অংশত আঘাত কৰে। অভিযুক্তজনক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। গুলীচালনাত ব্যৱহৃত বন্দুকটোও জব্দ কৰা হৈছে।