Dumper Seized:বালাজানত দুখন মাটি অবৈধ মাটি কঢ়িওৱা ডাম্পাৰ জব্দ

news local

Dumper Seized:

ধুবুৰী জিলাৰ বালাজান চকীৰ আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি অভিযান চলাই অবৈধ ভাবে মাটি কঢ়িওৱা দুখন ডাম্পাৰ জব্দ কৰে। ডাম্পাৰ দুখনৰ নম্বৰ AS 14AC 2545 আৰু ML 07C 0586।

ADVERTISEMENT

উদ্থাপিত অভিযোগ অনুসৰি গোলাপ আলী নামৰ লোকজনৰ নেতৃত্বত বিটিএডিৰ পৰ্বতঝৰা বন বিভাগৰ ছত্ৰছায়াত দুখিসুখীত চলিছে অবৈধ পাহাৰ খনন। পাহাৰৰ মাটি জেচিবিৰে খনন কৰি ডাম্পাৰেৰে যোগান ধৰিছে গৌৰীপুৰৰ বিভিন্ন ইটা ভাটা সমূহত। বন বিভাগৰ ৰয়েল্টী ফাঁকিৰ লগতে অভাৰলোড ভাবে মাটি সমূহ দিনত ৰাষ্ট্ৰীয় ঘাইপথেৰে কঢ়িয়াই আছে যদিও ৰহস্যজনক ভাবে নীৰৱ দৰ্শক হৈ বহি আছে পৰ্বতঝৰা বন বিভাগ আৰু ধুবুৰী পৰিবহন বিভাগ।

আজি বিয়লি বালাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই আটক কৰি বন বিভাগক গতাই দিয়ে যদিও এই প্ৰক্ৰিয়া চলি থাকিব নে আজিয়ে সামৰণি পৰিব লক্ষণীয় বিষয় হৈ পৰিছে।

Exit mobile version