Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

At least 10 hills destroyed in Guwahati Pamohi:পামহিত ধূলিসাৎ কমেও ১০ খন পাহাৰ !

গড়চুক-দীপৰ বিল সংযোগী পথৰ সমীপতে থকা পাহাৰৰ মাত্র ১০ শতাংশহে খননৰ অনুমতি দিছিল বন বিভাগে, চূড়ান্ত আইনবহির্ভূতভাৱে কৰি পেলোৱা হ'ল সমতল

samimsultana by samimsultana
November 11, 2024
in Assam, India, News
Reading Time: 3 mins read
0
At least 10 hills destroyed in Guwahati Pamohi:পামহিত ধূলিসাৎ কমেও ১০ খন পাহাৰ !
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Wild Elephant: ৰঙাপৰাৰ টেঙাবিলত বন্যহস্তীৰ বিচৰণ

Illegal sand smuggling in Barhola:বৰহোলা চহৰৰ মাজেৰে অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত্ম্য

 Syndicate of Boulder and sand in Odalguri-Baksa:বন-পৰিবহণ বিষয়াৰ চক্ৰই চলাইছে ওদালগুৰি-বাগসাত শিল-বালিৰ ছিণ্ডিকেট

At least 10 hills destroyed in Guwahati Pamohi:

ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত উন্নয়নৰ নামত প্রকৃতি ধ্বংসযজ্ঞৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্রান্তত উত্তাল প্রতিবাদ অব্যাহত থকাৰ সময়তে মহানগৰীত কমেও ১০খন পাহাৰ তথাকথিত উন্নয়নৰ নামত ধ্বংস কৰাৰ ভয়াৱহ তথ্য উন্মোচিত হৈছে। বন বিভাগৰ কামৰূপ পূব সংমণ্ডল (বশিষ্ঠ) ৰ অধীনৰ গড়চুক-দীপৰ বিল সংযোগী পথছোৱাৰ দাঁতিকাষৰীয়া কে’বাখনো বৃহৎ পাহাৰত খননকার্য চলাই সেইবোৰ নিশ্চিহ্ন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ADVERTISEMENT

জালকুবাৰী-খানাপাৰা সংযোগী ছয়শাৰীযুক্ত পথ নিৰ্মাণৰ নামত এই পাহৰসমূহৰ মাত্র ১০ শতাংশ খননৰ বাবে বন বিভাগে অনুমতি প্রদান কৰিছিল যদিও ইয়াৰ সুযোগ লৈ পামহীত কমেও ১০খন পাহাৰ খনন কৰি সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি পোলোৱা হ’ল। সমান্তৰালভাবে এই পাহাৰসমূহ খনন কৰাৰ পাছত ওলোৱা মাটি কেৱল চৰকাৰী কামতহে ব্যৱহাৰৰ অনুমতি প্রদান কৰা হয় যদিও পাহাৰৰ মাটি প্রতি ডাম্পাৰত তিনি-চাৰি হেজাৰ টকাত অবাধে বিক্রী কৰা হৈছে। সম্প্রতি সেই পথৰে যোৱা সচেতন নাগৰিক তথা

উল্লেখ্য যে যি সময়ত ৰাজ্য চৰকাৰে গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ পৰা বন্যপ্রাণী অভয়াৰণ্য স্বীকৃতিৰ অধিসূচনা বাতিল কৰিলে, সেই সময়ত সংৰক্ষিত বনাঞ্চলখনৰ গাতে স্বয়ং বন বিভাগৰ একাংশ বিষয়াৰ পৃষ্ঠপোষকতাত পাহাৰ ধ্বংসযজ্ঞ অব্যাহত আছে। চর্চা চলিছে যে সংৰক্ষিত বনাঞ্চলখনৰ বৃহৎ পৰিমাণৰ ভূমি পুঁজিপতি কোম্পানীৰ লগতে বহু প্ৰভাৱশালী লোকৰ দখলত আছে আৰু এই ভূমিক ঔদ্যোগিক তথা বাণিজ্যিক কাৰণত ব্যৱহাৰৰ ক্ষেত্ৰত বৈধতা প্রদান কৰিবলৈকে বনাঞ্চলখনৰ বন্যপ্রাণী অভয়াৰণ্যৰ স্বীকৃতি বাতিল কৰা হৈছে। হাতীকে ধৰি বিভিন্ন বনৰীয়া জন্তু, বিভিন্ন প্রজাতিৰ পখিলা আদিৰে ভৰি থকা বনাঞ্চলখনৰ পৰা কি কাৰণত এই স্বীকৃতি বাতিল কৰা হৈছে, বহুজনৰ বাবে ই সাঁথৰ যদিও ইয়াৰ আঁৰত ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ দিশ সোমাই আছে বুলিও বিভিন্নজনৰ মনত সন্দেহ ওপজিছে।

উল্লেখ্য যে অসম-মেঘালয়ৰ সীমান্তত অৱস্থিত ১১৭ বর্গ কিলোমিটাৰ বনাঞ্চলে আগুৰি থকা গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ এটা দিশত গুৱাহাটী মহানগৰীৰ গাতে লাগি আছে। বনাঞ্চলখনৰ পুৰণি মানচিত্ৰত ইয়াৰ পৰিসীমা দীপৰ বিলৰ সমীপলৈকে আছিল যদিও পর্যায়ক্রমে ই বেদখলৰ কৱলত পৰি সংকুচিত হৈ পৰে বুলি স্থানীয় কে’বাজনো লোকে ‘দৈনিক অগ্রদূত’ৰ আগত সদৰী কৰে। এতিয়া পামহিৰ যি স্থানত পাহাৰসমূহ খনন কৰি থকা হৈছে, এই পাহাৰসমূহ গড়ভঙাৰ ভিতৰতে আছিল বুলি স্থানীয় লোকে সদৰী কৰি প্ৰকৃতিৰ সৃষ্টি এই পাহাৰসমূহ এতিয়া নিঃশেষ কৰি পেলোৱাত তীব্র ক্ষোভ প্রকাশ কৰে। লগতে দৈনিক ভিভিআইপি-ভিআইপিয়ে চলাচল কৰা পথছোৱাৰ সংলগ্ন বৃহৎ পাহাৰ সকলোৰে চকুৰ সন্মুখতে কাটি নিঃশেষ কৰি পেলোৱা দৃশ্যই প্রকৃতিপ্রেমীসকলক ক্ষুব্ধ কৰি তুলিছে।

আনহাতে, অঞ্চলটোৰ একাংশ লোকৰ ভূমিৰ নথিপত্ৰ আছে যদিও কে’বাখনো বৃহৎ পাহাৰে আগুৰি থকা আন একাংশ দখলীকৃত ভূমিৰ বৈধ নথিপত্র এতিয়াও নাই বুলি স্থানীয় লোকে অভিযোগ কৰে। শেহতীয়াকৈ এই বৃহৎ পাহাৰযুক্ত ভূমি সংৰক্ষণমুক্ত কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ এটা চক্রই প্রচেষ্টা অব্যাহত ৰাখিছে। স্থানীয় লোকে ভূমিখিনিৰ প্ৰকৃত গৰাকীৰ সন্দর্ভত জ্ঞাত নহয় যদিও ‘আদানী গ্রুপ’-এ এই পাহাৰ খনন কৰি থকা বুলিহে তেওঁলোক জ্ঞাত। ইপিনে, ‘দৈনিক অগ্রদূত’ৰ অভিযানত পোহৰলৈ অহা তথ্য অনুসৰি, ধাৰিৱাল বিল্ডটেক নামৰ এটা পথ নিৰ্মাণকাৰী সংস্থাই এই পাহাৰসমূহ খননৰ বাবে বন বিভাগৰ পৰা অনুমতি লাভ কৰিছিল।

ইয়াৰ সত্যতা স্বীকাৰ কৰি সেই সময়ৰ বন বিভাগৰ কামৰূপ পূব সংমণ্ডল (বশিষ্ঠ)ৰ ডিএফঅ’ ৰোহিণী বল্লভ শইকীয়াই কয় যে ২০২২ত এই অনুমতি প্রদান কৰা হৈছিল। বিশেষকৈ দুখন পাহাৰৰ কিছু অংশ ভূমি খনন কৰি চৰকাৰী পথ নির্মাণত ব্যৱহাৰ কৰিবলৈ অনুমতি প্রদান কৰা হৈছিল। পাহাৰ কেইখনৰ কিমান অংশ খনন কৰিবলৈ অনুমতি প্রদান কৰা হৈছিল এই সন্দর্ভত বন বিষয়াজনে সম্প্রতি তেওঁৰ লগত তথ্য মজুত নাই বুলি মন্তব্য কৰে। অৱশ্যে বন বিভাগৰ এক সূত্ৰই সদৰী কৰা অনুসৰি, জালুকবাৰী-খানাপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা উল্লিখিত পথ নিৰ্মাণকাৰী কোম্পানীটোক পামহিৰ পাহাৰৰ ১০ শতাংশহে মাটি কাটিবলৈ অনুমতি প্রদান কৰা হৈছিল। ইয়াৰ সুযোগ লৈ অসাধু পন্থাৰে নিৰ্মাণকাৰী সংস্থাটোৱে কমেও ১০খন পাহাৰৰ ৬০ শতাংশৰো অধিক মাটি কাটি লৈ যোৱাৰ অভিযোগ উঠিছে।

দুই-এখন পাহাৰৰ ৯০ শতাংশ পর্যন্ত মাটি কাটি সমতল ভূমি সৃষ্টি কৰাৰো অভিযোগ আছে; কিন্তু বন বিভাগৰ অনুমতিৰ সুযোগ বুজি বহিঃৰাজ্যৰ কোম্পানীটোৱে সকলোৰে চকুৰ সন্মুখত কিদৰে বৃহৎ পাহাৰসমূহ কাটি তহিলং কৰিলে, তাক লৈ বিভিন্নজনৰ মনত প্ৰশ্নৰ উদয় হৈছে। আনকি এই পাহাৰসমূহৰ পৰা ডাম্পাৰে ডাম্পাৰে মাটি বিক্রীও কৰা হ’ল। এই মাটি বিক্ৰী কৰা টকাৰ ভাগ বন বিভাগৰ একাংশ বিষয়াৰ জেপলৈও যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। অভিযোগ অনুসৰি এই খনন কাৰ্যৰ স’তে স্থানীয় একাংশও জড়িত হৈ আছে; কিন্তু গড়ভঙা বনাঞ্চলৰ গাতে থকা এই পাহাৰ কাটি উক্ত স্থান সমতল ভূমিলৈ পৰিৱৰ্তন কৰা কাৰ্যত কাৰোবাৰ স্বার্থ জড়িত হৈ থকাৰ সন্দেহ প্রকাশ কৰিছে একাংশই।

পাহাৰ খনন কৰা ভূমিসমূহ কাৰ, স্থানীয় লোকসকল জ্ঞাত নহয় যদিও বৃহৎ বৃহৎ পাহাৰ থকাৰ বাবে মাটিসমূহ বন বিভাগৰ বাহিৰে আনৰ কিদৰে হ’ব বুলি প্রশ্ন উত্থাপন কৰে। আনহাতে, পাহাৰ থকা স্থান সমতল ভূমিলৈ পৰিৱৰ্তন হোৱাৰ পাছত সেই স্থানত উদ্যোগ নির্মাণ হ’ব বুলিও স্থানীয় লোকসকলক কোৱা হৈছে, য’ত তেওঁলোকক সংস্থাপনৰ প্রলোভন দিয়া হৈছে। এইদৰে উন্নয়নৰ নামত কমেও ১০খন পাহাৰ কাটি ধূলিসাৎ কৰা হৈছে আৰু এই ক্ষেত্ৰত চৰকাৰৰ লগতে প্রকৃতিপ্রেমী সংগঠনসমূহেও সম্পূর্ণ মৌনতা অৱলম্বন কৰিছে। তাৎপর্যপূর্ণ দিশটো হ’ল যে এই পাহাৰ খনন কৰি থকা অঞ্চল স্বয়ং মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিৰ অন্তৰ্গত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 10 hills destroyedAssam Forest Dept.cmoassamGuwahati pamohi
samimsultana

samimsultana

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d