Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এইবাৰ অমৰনাথ যাত্রাত নাথাকিব হেলিকপ্টাৰ সেৱা !

    এইবাৰ অমৰনাথ যাত্রাত নাথাকিব হেলিকপ্টাৰ সেৱা !

    যান্ত্ৰিক ত্ৰুটি ! আধাঘণ্টা ধৰি বিমানত আবদ্ধ চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাঘেল আৰু অন্যান্য যাত্ৰীসকল 

    যান্ত্ৰিক ত্ৰুটি ! আধাঘণ্টা ধৰি বিমানত আবদ্ধ চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাঘেল আৰু অন্যান্য যাত্ৰীসকল 

    হায়দৰাবাদৰ বেগমপেট বিমানবন্দৰত বিয়পি পৰিছে বোমাৰ আতংক! অব্যাহত অনুসন্ধান 

    হায়দৰাবাদৰ বেগমপেট বিমানবন্দৰত বিয়পি পৰিছে বোমাৰ আতংক! অব্যাহত অনুসন্ধান 

    কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত বোল্ডাৰ পৰি দুজন তীৰ্থযাত্ৰীৰ মৃত্যু, তিনিজন আহত

    কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত বোল্ডাৰ পৰি দুজন তীৰ্থযাত্ৰীৰ মৃত্যু, তিনিজন আহত

    Tinsukia:তিনিচুকীয়াত নীট পৰীক্ষাত বিদ্যাধাৰাৰ সফলতাঃউৎফুল্লিত পৰীক্ষাৰ্থী 

    Tinsukia:তিনিচুকীয়াত নীট পৰীক্ষাত বিদ্যাধাৰাৰ সফলতাঃউৎফুল্লিত পৰীক্ষাৰ্থী 

    Cm Himanta Viswa Sarma:প্রাইভেট হাস্পতাললৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা

    Cm Himanta Viswa Sarma:প্রাইভেট হাস্পতাললৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    স্বস্তি! এই টেবলেটে নিৰ্মূল কৰিব ৰক্ত কৰ্কট

    স্বস্তি! এই টেবলেটে নিৰ্মূল কৰিব ৰক্ত কৰ্কট

    অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি

    অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি

    কাৰ্ডবিহীনভাৱে এটিএমৰ পৰা টকাৰ লেনদেন কেনেদৰে কৰিব ?

    কাৰ্ডবিহীনভাৱে এটিএমৰ পৰা টকাৰ লেনদেন কেনেদৰে কৰিব ?

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

‘ঝুমইৰ বিনন্দিনী’ : আদিবাসী ছাত্ৰ সন্থাৰ ক্ষোভ , মেট্ৰিকত অৱতীৰ্ণ নোহোৱা ৬,৭৫৬ শিক্ষাৰ্থীৰ তথ্য ৰাজহুৱা কৰাৰ দাবী

‘অনুষ্ঠানৰ ফটোসমূহ চাব, তাত কোনোবা ফুলকুমলীয়া মেট্রিক দিয়া ছাত্রী আছিল নেকি? সকলো ছোৱালীৰ বয়স সকলোৱে দেখিছে।' ‘ঝুমইৰ বিনন্দিনী' অনুষ্ঠানত অংশগ্ৰহণৰ বাবেই ৰাজ্যৰ কে’বা হেজাৰ ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে বুলি অব্যাহত থকা বিতৰ্কৰ মাজতে মংগলবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে বিষয়টোৰ তদন্ত দাবী কৰে আদিবাসী ছাত্ৰ সন্থা (আছা)ই।

publisher by publisher
March 5, 2025
in Lifestyle
Reading Time: 1 min read
0
‘ঝুমইৰ বিনন্দিনী’ : আদিবাসী ছাত্ৰ সন্থাৰ ক্ষোভ , মেট্ৰিকত অৱতীৰ্ণ নোহোৱা ৬,৭৫৬ শিক্ষাৰ্থীৰ তথ্য ৰাজহুৱা কৰাৰ দাবী
1
SHARES
9
VIEWS
ShareShareShareShare

 ‘ঝুমইৰ বিনন্দিনী’ : আদিবাসী ছাত্ৰ সন্থাৰ ক্ষোভ , মেট্ৰিকত অৱতীৰ্ণ নোহোৱা ৬,৭৫৬ শিক্ষাৰ্থীৰ তথ্য ৰাজহুৱা কৰাৰ দাবী

‘দৈনিক অগ্ৰদূত’ৰ বাতৰিক লৈ প্ৰতিক্ৰিয়া অব্যাহত:বিবৃতি দাবীৰ পাছতো নীৰৱ চৰকাৰ-সংশ্লিষ্ট বিভাগ:ছহেজাৰ কিয়, এগৰাকী শিক্ষার্থীও কিয় বঞ্চিত হ’ব:চৰকাৰে উত্তৰ দিয়ক

‘অনুষ্ঠানৰ ফটোসমূহ চাব, তাত কোনোবা ফুলকুমলীয়া মেট্রিক দিয়া ছাত্রী আছিল নেকি? সকলো ছোৱালীৰ বয়স সকলোৱে দেখিছে।’ ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণৰ বাবেই ৰাজ্যৰ কে’বা হেজাৰ ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে বুলি অব্যাহত থকা বিতৰ্কৰ মাজতে মংগলবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে বিষয়টোৰ তদন্ত দাবী কৰে আদিবাসী ছাত্ৰ সন্থা (আছা)ই।

ADVERTISEMENT

একে সময়তে ডিৱাইএফআইৰ ৰাজ্যিক কমিটীয়ে চৰকাৰক এই সম্পৰ্কীয় বিতং তথ্য ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনাইছে।

RelatedPosts

No Content Available

হেডলাইন পাবলৈ গগৈয়ে যিকোনো কথা কয় : মুখ্যমন্ত্রী সোমবাৰে বিধানসভা চৌহদত বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত ‘দৈনিক অগ্রদূত’ত প্ৰকাশিত বাতৰিৰ উদ্ধৃতিৰে এই বিষয়ত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পৰা এটা ৰাজহুৱা বিবৃতি দাবী দাবী কৰিছিল।

যদি ঝুমুৰ অনুষ্ঠানৰ কাৰণে শিক্ষাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল, তেন্তে তেওঁলোকৰ বাবে বিশেষ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে গগৈয়ে ৷ লগতে বিধায়কজনে এই বিষয়টো পৰ্যালোচনা কৰিবলৈ ছাত্ৰ সংগঠনসমূহক আহ্বান জনায়।

এই আহ্বানৰ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ড° শৰ্মাই সাংবাদিকৰ প্ৰশ্নত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘এনেকৈ কথা ক’ব নাপায়। তাতে যিসকলে অংশগ্ৰহণ কৰিছিল কোনোবা স্নাতকোত্তৰ ডিগ্ৰীধাৰী, কোনোবা স্নাতক উত্তীর্ণ, কোনোবা বেংক, চৰকাৰী কৰ্মচাৰী, টে’টৰ শিক্ষয়িত্ৰী আছে।

তেওঁৰ জ্ঞান নাই কাৰণে এই কথাবোৰ কৈ থাকে। অনুষ্ঠানৰ ফটোসমূহ চাব, তাত কোনোবা ফুলকুমলীয়া মেট্রিক দিয়া ছাত্রী আছিল নেকি? সকলো ছোৱালীৰ বয়স সকলোৱে দেখিছে। সেই কাৰণে অখিল গগৈক মানুহে আজিকালি ধেমালি সুৰত লয়।

এটা হেডলাইন পাব কাৰণে সংবাদিকৰ আগত তেওঁ যিকোনো কথা কয়। আজিৰ ঝুমুৰৰ বিৰুদ্ধে কোৱাৰ লগে লগে বাগিচাৰ মানুহে তেওঁক বেয়া পাব, মোৰ লাভ হ’ব।’

পৰীক্ষাৰ পৰা শিক্ষাৰ্থীক কিয় বঞ্চিত কৰা হ’ল চৰকাৰে স্থিতি স্পষ্ট কৰক: আছা

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা চলি থকাৰ সময়ত অনুষ্ঠিত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত এই পৰীক্ষাত অৱতীৰ্ণ শিক্ষার্থীয়ে অংশগ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্রী ড° শৰ্মাই দাবী কৰাৰ পাছতে ইয়াক নস্যাৎ কৰি সৰৱ হৈছে আদিবাসী ছাত্ৰ সন্থা (আছা)।

ঝুমইৰ অনুষ্ঠানৰ বাবে বহু পৰীক্ষাৰ্থী বাধাগ্ৰস্ত হৈছিল বুলি আছাই মন্তব্য কৰি সংখ্যাৰ কথা নহয়, এগৰাকী শিক্ষার্থীও কিয় পৰীক্ষাৰ পৰা বঞ্চিত হ’ল এই বিষয়ে চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়। বৰছলা সমষ্টিত মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা কে’বাগৰাকী ছাত্রী ঝুমইৰ বিনন্দিনীৰ বাবে বাছনিভুক্ত হৈছিল যদিও শেষমুহূৰ্তত বিষয়টো সংশ্লিষ্ট পক্ষই অৱগত হৈ তেওঁলোকৰ নাম কৰ্তন কৰি ঘৰলৈ পঠিয়াই দিছিল।

এই বিষয়টো ধৰা পেলাইছিল স্থানীয় সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ সদস্যসকলে। সমষ্টি পৰ্যায়ত বৰছলা সমষ্টিৰ চাৰিদুৱাৰ চাহ বাগিচাত অনুষ্ঠিত ঝুমইৰৰ বাছনি প্ৰক্ৰিয়াত প্ৰথম আৰু দ্বিতীয় দিনা পৰীক্ষাৰ্থীৰ নাম কৰ্তন কৰিছিল স্থানীয় আছা আৰু আটছাৰ সদস্যসকলে ।

ইয়াৰ পাছতে সংগঠন দুটাৰ নেতৃত্ব সৰৱ হয় আৰু ঝুমইৰৰ বাবে বহু পৰীক্ষাৰ্থী বাধাগ্ৰস্ত হোৱাৰ অভিযোগ উত্থাপন কৰে ৷ এই সন্দৰ্ভত শোণিতপুৰ জিলা আছাৰ সভাপতি আনন্দ তাঁতীয়ে কয়, ‘ঝুমইৰ বিনন্দিনীৰ বাবে বহু শিক্ষার্থী বাধাগ্রস্ত হৈছিল, যিটো আমাৰ দৃষ্টিগোচৰ হৈছিল। শেষত আমাৰ তৎপৰতাত বহু কেইগৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত বহিবলৈ বাধ্য হৈছিল।

এই গুৰুতৰ বিষয়টো পোহৰলৈ অহাৰ পাছতে আমি আৰম্ভণিৰ পৰাই চৰকাৰক আহ্বান জনাইছিলো যে পৰীক্ষাৰ সময়ত এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ কিমান যুক্তিযুক্ততা আছে। ঝুমইৰ নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা বিষয়টো আদৰণীয়; কিন্তু পৰীক্ষাৰ সময়ত হ’ব নালাগে বুলি আমি কৈছিলো।

শিক্ষাৰ্থীৰ জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময়ত এই অনুষ্ঠান আয়োজন কৰাৰ বিপৰীতে দিন সলনি কৰি অনুষ্ঠান কৰিবলৈ আহ্বান জনাইছিলো; কিন্তু চৰকাৰে আমাৰ আহ্বানক কর্ণপাত নকৰিলে।’ শেহতীয়াকৈ এইবাৰ মেট্ৰিক পৰীক্ষাত ৬,৭৫৬ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ নোহোৱাৰ তথ্য শিক্ষামন্ত্ৰীয়ে ৰাজহুৱা কৰিছে আৰু ইয়াৰে গৰিষ্ঠ সংখ্যক চাহ বাগিচা অঞ্চলৰ বুলি দাবী কৰা হৈছে বুলি আছাৰ জিলা সভাপতিজনে মন্তব্য কৰি পুনৰ কয়, ‘আমাৰ স্পষ্ট কথা যে ছহেজাৰ হওক বা এহেজাৰ হওক, ইয়াত সংখ্যাৰ কথা নাই। এগৰাকী শিক্ষার্থীও কিয় পৰীক্ষাৰ পৰা বাদ পৰিব সেয়া ডাঙৰ কথা।

পৰীক্ষাৰ সময়ত নাচ-বাগ কৰাটোত আমাৰ আপত্তি আছিল; যাৰ বাবে আমি বিৰোধিতা কৰিছিলো। আমি কিয় বিৰোধিতা কৰিছিলো আজি স্পষ্ট হৈছে। এইসকল শিক্ষাৰ্থীৰ এটা শিক্ষা বৰ্ষ নষ্ট হ’ল।’

লগতে তেওঁ কয় যে তিতাবৰৰ এজন অভিভাৱকে সংবাদ মাধ্যমৰ আগত কৈছিল যে তেওঁৰ ছোৱালীয়ে ঝুমইৰ বিনন্দিনীত অংশ ল’বলৈ যাব। পৰীক্ষা পুনৰ আহিব; কিন্তু বিশ্ব অভিলেখ গঢ়া ঝুমইৰ বিনন্দিনী আৰু কেতিয়াও নাপায় ।

তাঁতীয়ে লগতে কয়, ‘অনুষ্ঠানটোৰ পূৰ্বে চৰকাৰক এই বিষয়টো আঙুলিয়াই দিয়া হৈছিল। এয়া মাথোঁ এটা উদাহৰণহে।’ তেওঁ কয় যে চৰকাৰে পৰীক্ষাৰ দিন সলনি বা অনুষ্ঠানৰ বিকল্প দিন বিবেচনা নকৰিলে, যাৰ ফলত বহু শিক্ষার্থী বিপাঙত পৰিল ।

এই ক্ষেত্ৰত চৰকাৰক জগৰীয়া কৰি তেওঁ বিষয়টো তদন্ত কৰি পৰীক্ষাৰ পৰা বাদ পৰা শিক্ষাৰ্থীক পুনৰ পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। উল্লেখ্য যে আছা-আটছাৰ তৎপৰতাৰ বাবে বহু শিক্ষাৰ্থীয়ে পৰীক্ষাৰ অৱতীৰ্ণ হ’বলৈ সক্ষম হৈছিল, অন্যথা অৱতীৰ্ণ নোহোৱাৰ সংখ্যা অধিক বৃদ্ধি হ’লহেঁতেন বুলি তেওঁ মন্তব্য কৰে।

অৱতীৰ্ণ নোহোৱা শিক্ষার্থীসকল কোন কোন জিলাৰ কোন কেইটা কেন্দ্ৰৰ আছিল, চৰকাৰে তথ্য ৰাজহুৱা কৰক

এই সন্দৰ্ভত মুখ্যমন্ত্রীকে ধৰি শাসকীয় পক্ষৰ কে’বাজনো বিধায়কে প্রকাশ কৰা প্ৰতিক্ৰিয়াত বিষয়টো স্পষ্ট নহ’ল বুলি উল্লেখ কৰি সৰৱ হৈছে ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডিৱাইএফআই)ৰ অসম ৰাজ্যিক কমিটীয়ে।

এক বিবৃতিত সংগঠনটোৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথে কয় যে প্রকাশিত বাতৰিত উন্মোচিত ভয়াৱহ দিশটো চৰকাৰী পক্ষই নস্যাৎ কৰিছে যদিও ইয়াৰ সঠিক উত্তৰ দিয়াৰ পৰা এতিয়াও বিৰত আছে। চৰকাৰে মেট্ৰিক পৰীক্ষা দিয়া শিক্ষাৰ্থীয়ে ঝুমুৰত অংশগ্ৰহণ কৰা নাছিল বুলি দাবী কৰিছে; কিন্তু শিক্ষামন্ত্ৰীয়ে ৰাজহুৱা কৰা তথ্য অনুসৰি, এই ৬,৭৫৬ গৰাকী শিক্ষার্থীয়ে তেন্তে কিয় পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল ?

এই সন্দৰ্ভত চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই ৰাজ্যিক যুটীয়া সম্পাদক নাথে কয়, ‘প্রকাশিত বাতৰিত কোৱা হৈছিল যে পৰীক্ষাত অৱতীৰ্ণ নোহোৱাসকলৰ গৰিষ্ঠ সংখ্যকে চৰকাৰৰ উদ্যোগত অনুষ্ঠিত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল তথা এই অনুষ্ঠান অংশগ্ৰহণ কৰাৰ বাবেই পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল।

এতিয়া মুখ্যমন্ত্ৰীকে ধৰি চৰকাৰী পক্ষই এই কথা নস্যাৎ কৰিছে যদিও প্রকৃততে এই শিক্ষাৰ্থীসকলে কিয় পৰীক্ষাত অৱতীৰ্ণ নহ’ল, সঠিক উত্তৰ দিয়াৰ পৰা বিৰত আছে। এয়া এক বিচার্য বিষয়; কিয়নো এই ৬,৭৫৬জন পৰীক্ষাৰ্থীৰ এটা শিক্ষাবৰ্ষ নষ্ট হ’ল।

যদি ঝুমুৰত অংশগ্ৰহণ কৰা নাছিল, তেন্তে কি এনে সমস্যাৰ সন্মুখীন হৈছিল যে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল। এই বিষয়টো চৰকাৰে গুৰুত্ব সহকাৰে লৈ পৰ্যালোচনা কৰা উচিত। লগতে অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীসকল কোন কোন জিলাৰ কোন কেইটা কেন্দ্ৰৰ আছিল, চৰকাৰে তথ্য ৰাজহুৱা কৰক, তেতিয়া সকলো জলজল-পটপট হৈ পৰিব।’

দুই-এজন শিক্ষার্থী পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই :

আটজা ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ কে’বা হেজাৰ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱৰা বুলি বিতৰ্ক অব্যাহত থকাৰ সময়তে আজি এক বিবৃতিত বিৰোধিতা কৰাসকলক জাতিদ্রোহী আখ্যা দিয়ে।

এক বিবৃতিত আটজাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ কালিন্দী আৰু সাধাৰণ সম্পাদক সন্তোষ কুর্মীয়ে কয়, ‘আদিবাসী চাহ জনগোষ্ঠীৰ উন্নয়ন আৰু সাংস্কৃতিক ক্ষেত্ৰখনক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাৰ বিৰোধিতা কৰা নেতৃত্ববাহীসকল জাতিদ্রোহী। যি সময়ত দেশৰ ৰাষ্ট্ৰপতি পদত দ্রৌপদী মুমুক নিৰ্বাচিত কৰা হৈছে, তেনেক্ষণত এচামে আদিবাসী চাহ জনগোষ্ঠীক কটু সমালোচনা কৰাৰ উপৰি ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণ কৰা সকলো কলা-কুশলী শিক্ষিত হোৱা বাবে ইয়াৰ অপমন্তব্য দিবলৈ উঠি-পৰি লগা কার্য কোনো কাৰণতে সহ্য কৰা নহয়।’

লগতে তেওঁলোকে কয়, ‘দুই-এজন শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই; কিন্তু কেইজনমান জাতিদ্ৰোহীয়ে ছহেজাৰ পৰীক্ষাৰ্থী আছিল বুলি ভুৱা দম্ভালি মৰাটো চৰম হাস্যকৰ।’

মেট্ৰিক পৰীক্ষাত ৬,৭৫৬ শিক্ষার্থী অৱতীৰ্ণ হোৱা নাছিল

সদ্যসমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬,৭৫৬ গৰাকী শিক্ষাৰ্থীয়ে অৱতীৰ্ণ নহ’ল। এই তথ্য সদৰী কৰিছিল স্বয়ং শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। যোৱা ১৫ ফেব্ৰুৱাৰীত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে স্পষ্টকৈ উল্লেখ কৰিছিল যে ২০২৫ৰ মেট্ৰিক পৰীক্ষাৰ বাবে সৰ্বমুঠ ৪,২৯,৪৪৯ জন শিক্ষার্থীয়ে আবেদন কৰিছিল যদিও ইয়াৰে ৯৮.৪২ শতাংশ অর্থাৎ ৪,২২,৬৭৯গৰাকী শিক্ষাৰ্থীয়েহে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

প্ৰথম দিনা অৰ্থাৎ ইংৰাজী প্ৰশ্নকাকতৰ পৰীক্ষাত ৬,৭৫৬জন পৰীক্ষাৰ্থী অনুপস্থিত আছিল। উল্লেখ্য যে এই গম্ভীৰ বিষয়টো শিক্ষা বিভাগে তাৎক্ষণিকভাৱে অনুসন্ধান চলাইছিল। অনুসন্ধানত পোহৰলৈ আহিছিল যে পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীসকলৰ ভিতৰত গৰিষ্ঠ সংখ্যকে ছাত্রী।

লগতে গৰিষ্ঠ সংখ্যক চাহ বাগিচা অঞ্চলৰ । এইসকল ছাত্ৰীৰ একাংশ‍ই যোৱা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্রহণ কৰিছিল। লগতে আন একাংশই গুৱাহাটীৰ অনুষ্ঠানত ভাগ ল’ব নোৱাৰিলেও স্থানীয়ভাৱে আখৰাত অংশগ্ৰহণ কৰিছিল।

ফলত প্রস্তুতিত অসুবিধা হোৱাত তেওঁলোক পৰীক্ষাত অৱতীৰ্ণ নহ’ল। স্বয়ং শিক্ষা বিভাগৰ সূত্ৰই এই কথা সদৰী কৰিছিল। অৱশ্যে এই উদ্বেগজনক তথ্য পোহৰলৈ আহিলেও বিভাগটোৱে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হৈছে।

এই সন্দৰ্ভত যোৱা সোমবাৰে ‘দৈনিক অগ্ৰদূত’ত ‘ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণৰ বাবে মেট্ৰিকত অৱতীৰ্ণ নহ’ল ছয় সহস্ৰাধিক’ শীৰ্ষক এটা বাতৰি
প্ৰকাশ পায় আৰু এই বাতৰিয়ে ৰাজ্যজুৰি তোলপাৰ লগায় । কালি বিধানসভাৰ চৌহদত এই বাতৰিৰ উদ্ধৃতি দি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছিল যদিও এই গম্ভীৰ বিষয়টোৰ পৰা চৰকাৰ তথা সংশ্লিষ্ট বিভাগে গা এৰাহে দি আহিছে বুলি অভিযোগ উঠিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ঝুমইৰ বিনন্দিনী
publisher

publisher

Related Posts

স্বস্তি! এই টেবলেটে নিৰ্মূল কৰিব ৰক্ত কৰ্কট
Lifestyle

স্বস্তি! এই টেবলেটে নিৰ্মূল কৰিব ৰক্ত কৰ্কট

June 18, 2025
অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি
Lifestyle

অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি

June 17, 2025
কাৰ্ডবিহীনভাৱে এটিএমৰ পৰা টকাৰ লেনদেন কেনেদৰে কৰিব ?
Lifestyle

কাৰ্ডবিহীনভাৱে এটিএমৰ পৰা টকাৰ লেনদেন কেনেদৰে কৰিব ?

June 17, 2025
ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 
Lifestyle

ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

June 16, 2025
জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ
Lifestyle

জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

June 15, 2025
আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক
Lifestyle

আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

June 13, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d