ছিণ্ডিকেটৰ ফলত ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে কৃষক
প্রতি কিলো চুপাৰিত ৩২ টকা গুণ্ডাকৰ : ম্যানমাৰৰ পৰা অহা চুপাৰিভৰ্তি
প্ৰতিখন ট্রাকে দিব লাগে ২৫-৩০ লাখ টকা : শিলভর্তি প্ৰতিখন ট্রাকে দিব
লাগে ১০ হেজাৰকৈ : ম’হৰ ট্ৰাকে দিব লাগে চাৰি-পাঁচ লাখকৈ
এই ছিণ্ডিকেটৰ ফলত তামোল উৎপাদনকাৰী কৃষক ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। প্ৰতি কিলোগ্ৰামত ৩০টকাকৈ গুণ্ডাকৰ দিবলগীয়া হোৱাৰ বাবে তামোলৰ দাম কমি গৈছে। যি তামোলৰ দাম ৩৫০ টকা আছিল আজি কমি আহি ২৭০ টকা হৈছে। চুপাৰি ছিণ্ডিকেটৰ ফলত আজি প্ৰত্যক্ষভাৱে কৃষকসকল ক্ষতিগ্ৰস্ত হৈছে।’
বিজেপি চৰকাৰৰ শাসনকালত ৰাজ্যত চৌদিশে ছিণ্ডিকেটৰাজ চলিছে বুলি বিৰোধীয়ে উত্থাপন কৰা অভিযোগক কেন্দ্ৰ কৰি বুধবাৰে উত্তাল হয় অসম বিধানসভা। বিৰোধী পক্ষই ৰাজ্যজুৰি চলি থকা অবৈধ ছিণ্ডিকেটৰ বহু গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে। আলোচনা আৰম্ভ কৰি বিধায়ক তালুকদাৰে কয়, ‘অসমৰ সমাজ জীৱনত ছিণ্ডিকেট ব্যৱস্থাটোৱে এক বিপর্যয় মাতি আনিছে আৰু অৰ্থনীতিত কুপ্ৰভাৱ পেলাইছে। এটা বিধিগত ব্যৱস্থাৰ বিপৰীতে একাংশ মানুহে ছিণ্ডিকেটৰ জৰিয়তে মুকলিকৈ লুন্ঠন চলাই আহিছে। এই লুন্ঠনে আমাৰ সমাজ কৰে আমাৰ অভিজ্ঞতা আছে।’ লগতে তালুকদাৰে কয়, ‘আমাৰ ৰাজ্যৰ পশ্চিম প্ৰান্তত ছাগলীয়া আৰু শ্ৰীৰামপুৰত দুখন গেট আছে। এই গেটত দুটা বাহিনী নিয়োগ কৰা হৈছে আৰু এই বাহিনী দুটাই প্রতি কিলোগ্রাম চুপাৰিত ৩০ টকাকৈ গুণ্ডাকৰ সংগ্ৰহ কৰে। ২৫ মেট্রিকটন ওজনৰ এখন ট্ৰাকৰ পৰা চাৰে সাত লাখ টকাকৈ গুণ্ডাকৰ আদায় কৰা হয়।
এই দুখন গেটেৰে দৈনিক অতি কমেও ৫০ খন চুপাৰিভৰ্তি ট্ৰাক পাৰ হৈ যায় আৰু এই ট্ৰাকসমূহৰ পৰা প্ৰতিদিন চাৰে তিনি কোটি টকাকৈ গুণ্ডাকৰ সংগ্ৰহ কৰে আৰু এই কাৰ্যত সংশ্লিষ্ট আৰক্ষী-প্রশাসনে সহযোগ কৰে। এনেদৰেই ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটত চুপাৰি ছিণ্ডিকেট অব্যাহত আছে।’
হৰেন মহন্ত নামৰ এজন ব্যক্তিয়ে এই গোটেই ছিণ্ডিকেট নিয়ন্ত্ৰণ কৰে বুলি উল্লেখ কৰি বিধায়ক তালুকদাৰে কয়, ‘হাউলীত ইয়াৰ কেন্দ্ৰ এটা গঢ়ি উঠিছে, কাৰণ হাউলীত শুকান চুপাৰিৰ উৎপাদন বেছি। তাত প্ৰমোদ আৰু হৰ্ষ দাসে ছিণ্ডিকেট চোৱা-চিতা কৰে ৷ অৰ্থাৎ কিমান চুপাৰি আছে, কিমান গাড়ীত উঠিছে এইসমূহ নিৰীক্ষণ কৰি গুণ্ডাকৰ নিৰ্ধাৰণ কৰি সংগ্ৰহ কৰে।
এই ছিণ্ডিকেটৰ ফলত তামোল উৎপাদনকাৰী কৃষক ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। প্ৰতি কিলোগ্ৰামত ৩০টকাকৈ গুণ্ডাকৰ দিবলগীয়া হোৱাৰ বাবে তামোলৰ দাম কমি গৈছে। যি তামোলৰ দাম ৩৫০ টকা আছিল আজি কমি আহি ২৭০ টকা হৈছে। চুপাৰি ছিণ্ডিকেটৰ ফলত আজি প্ৰত্যক্ষভাৱে কৃষকসকল ক্ষতিগ্ৰস্ত হৈছে।’
আনহাতে, ছিণ্ডিকেট কেৱল চুপাৰিতে নহয় বুলি তেওঁ উল্লেখ কৰি কয়, ‘বহিঃৰাজ্যৰ পৰা অসমলৈ মাছ আহে। মাছত তেওঁলোকে গুণ্ডাকৰ আদায় কৰে। কণী, ব্ৰইলাৰ মুৰ্গীকে ধৰি অসমলৈ অহা গৰিষ্ঠ সংখ্যক সামগ্ৰীতে গুণ্ডাকৰ লোৱা হয় ৷ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল, তেতিয়া ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে ৰাজ্যত ছিণ্ডিকেট বন্ধ কৰিব।
আমিও আশ্বস্ত হৈছিলো যে ছিণ্ডিকেট বন্ধ হৈ যাব; কিন্তু এতিয়া দেখিছো ছিণ্ডিকেট বন্ধ হোৱা নাই। সোণোৱাল চৰকাৰ নাই, অৱশ্যে বিজেপি চৰকাৰেই আছে; কিন্তু ছিণ্ডিকেট বন্ধ হোৱা নাই।’ এই ছিণ্ডিকেটৰ টকা ক’লৈ যায়, কোনে খায় বুলি প্রশ্ন উত্থাপন কৰি বিধায়ক তালুকদাৰে কয়, ‘মেঘালয়ৰ পৰা যি কয়লা আহে, তাতো গুণ্ডাকৰ দিব লাগে ।
গুণ্ডাকৰ আদায় দিয়াৰ বাবেই তেওঁলোকে চৰকাৰী ৰাজহ তথা জিএছটি আদায় নিদিয়ে। ফলত যোৱা ১১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় জিএছটিৰ দলে তাতে অভিযান চলাই ৮০ খন ট্রাক জব্দ কৰিছিল। এই ঘটনাটোৰ কি হ’ল?
এই সৰবৰাহত কেইজনমান লোক প্ৰত্যক্ষভাৱে জড়িত থকাটো সকলোৱে জানে। ৰহিম জিব্রান, দীপাংকৰ নাথ, ছহিদুল ইছলাম ওৰফে গাৰো ভাইটি আদিয়ে কয়লা ছিণ্ডিকেটৰ গুণ্ডাকৰ সংগ্ৰহ কৰে। এইধৰণৰ ছিণ্ডিকেটৰ ফলত অৰ্থাৎ চুপাৰিৰ পৰা দৈনিক তিনি কোটি, কয়লাৰ পৰা চাৰি-পাঁচ কোটি টকা এটা বাহিনীয়ে গুণ্ডাকৰ আদায় কৰে।
এই ছিণ্ডিকেট চক্ৰই আৰক্ষী-প্ৰশাসনৰ পৰা সম্পূৰ্ণ সুৰক্ষা লাভ কৰে।মাৰ্ঘেৰিটা-লিডুত কিদৰে কয়লা ছিণ্ডিকেট হৈ আছে আমি দেখিছো।’ এই ছিণ্ডিকেট বন্ধ হ’ব নে নাই মুখ্যমন্ত্ৰীৰ পৰা উত্তৰ বিচাৰি বিধায়ক তালুকদাৰে পুনৰ কয়, ‘ছাগলীয়া, শ্ৰীৰামপুৰ গেটত ছিণ্ডিকেট, মাৰ্ঘেৰিটা- লিডুত ছিণ্ডিকেটত বহুতৰ নাম ওলাইছে।
সেয়ে চৰকাৰৰ পৰা উত্তৰ বিচাৰিছো যে ছিণ্ডিকেট বন্ধ কৰিব নে নাই? যদি নকৰে ইয়াৰ জৰিয়তে যি ক’লা টকা আদান-প্ৰদান হৈ আছে, ইয়ে অর্থনৈতিক ক্ষেত্ৰখনলৈ এক বিপর্যয় মাতি আনিছে। অনুশাসনহীনতাৰ ফলত বহু ডেকা ল’ৰাই আজি ইয়াৰ প্ৰতি উৎসাহিত হৈছে। মাৰ্ঘেৰিটাত আজি কয়লাক লৈ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। চুপাৰি, মাছ, মাংস, কণী আদিত গুণ্ডাকৰ আদায়ৰ পৰিণতিত আকস্মিকভাৱে মূল্যবৃদ্ধি হৈ আহিছে।’
এফালে, গুণ্ডাকৰ বাঢ়ে আৰু আনফালে সংশ্লিষ্ট সামগ্ৰীৰ মূল্যবৃদ্ধি হয় বুলি মন্তব্য কৰি বিধায়ক তালুকদাৰে পুনৰ কয়,‘পশ্চিমবংগৰ পৰা অসমলৈ মাছৰ পোনা আনিলেও গুণ্ডাকৰ দিব লাগে। গৰু ছিণ্ডিকেট বন্ধ কৰা বুলি চৰকাৰে দাবী কৰিছিল, বহুজনক গ্ৰেপ্তাৰো কৰিলে; কিন্তু শ্ৰীৰামপুৰ, ছাগলীয়া গেটেৰে আজিও গৰুৰ সৰবৰাহ অব্যাহত আছে।
সংশ্লিষ্ট জিলাকেইখনৰ আৰক্ষী অধীক্ষক, থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মোৰ ঘৰ, এতিয়া দপদপাই গাড়ী যায়। অৱশ্যে কেইজনমানক গ্ৰেপ্তাৰ কৰাৰ সময়ছোৱাত অলপ কমিছিল। দুই-চাৰ্জিনৰ নাম ওলাল, মন্ত্ৰীৰ ঘৰলৈও গৰু ছিণ্ডিকেটৰ ধন যায় বুলি ওলাল।’
আৰক্ষী অধীক্ষক, থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ছিণ্ডিকেটৰ ধনৰ ভাগ পায় বুলি উল্লেখ কৰি বিধায়ক তালুকদাৰে কয় যে এতিয়াও গৰু ছিণ্ডিকেট চলি আছে, গৰু সৰবৰাহ হৈয়ে আছে । তেওঁ কয়, ‘আমি গো-মাতা বুলি কৈছো, গো-মাতাক পূজা কৰিছো আৰু গৰুৰ পইচা খাই আছো ৷
এইধৰণৰ কৰ্মকাণ্ড অসমত এতিয়াও চলি আছে । গৰু, মহ, কণী, মাছ, মাংস, মাছৰ পোনা, কয়লা, চুপাৰি ছিণ্ডিকেটৰ টকাৰ এটা সমান্তৰাল অর্থনীতি চলিছে। এই সমান্তৰাল অর্থনীতি বন্ধ কৰক, ই সমাজত বিৰূপ প্ৰভাৱ পেলাইছে।’
আলোচনাত অংশগ্ৰহণ কৰি এআইইউডিএফৰ মানকাচৰৰ বিধায়ক আমিনুল ইছলামে কয়, ‘প্ৰতিটো ছিণ্ডিকেটৰ কাৰণে ৰাইজে তথা উপভোক্তাসকলে ফল ভুগিবলগীয়া হৈছে।
মেঘালয়ৰ চাৰিখন জিলাৰ চুপাৰি মানকাচৰ অঞ্চলত প্ৰস্তুত কৰা হয়, যি চুপাৰিৰ স’তে এটা সময়ত মানকাচৰৰ ৫০ হেজাৰ লোক জড়িত আছিল। আজি ব্যৱসায়ীসকলে কয় যে আগতে ৩০ টকা আছিল, এতিয়া প্ৰতি কিলোগ্ৰামত ৩২ টকা মধ্যভোগীয়ে খায়। তাতে যুগে যুগে চুপাৰি উৎপাদন হৈ আহিছে, আগতে এনেধৰণৰ কথা নাছিল বুলি উল্লেখ কৰি বিধায়কজনে বিজেপি চৰকাৰ অহাৰ পাছতে এই ব্যৱস্থা আৰম্ভ হৈছে বুলি অভিযোগ কৰে। লগতে তেওঁ কয়, ‘কৃষকসকলে মেঘালয়ৰ পৰা ক্ৰয় কৰি আনি ইয়াতে চুপাৰি প্ৰস্তুত কৰে। প্ৰতি কিলোগ্ৰামত ৩২ টকা মধ্যভোগীক দিয়াৰ পাছতহে কৃষকসকলে সংগ্ৰহ কৰিব পাৰে।
একেদৰে ম্যানমাৰৰ পৰা যি চুপাৰি আহে, প্ৰতিখন ট্ৰাকৰ পৰা ২৫-৩০ লাখকৈ সংগ্ৰহ কৰা হয় বুলি শুনিছো। বাংলাদেশৰ পৰা বাঘমৰা হৈ আহি কৃষ্ণাইৰ পৰা বার্মিজ চুপাৰি সৰবৰাহ হৈ আছে। ইয়াতো ছিণ্ডিকেট আছে। ভিতৰত বাৰ্মিজ, ওপৰত কেই বস্তামান থলুৱা চুপাৰি দি সকলো থলুৱা চুপাৰি বুলি দেখুৱাই দিয়া হয়।
কেৱল চুপাৰিৰ ক্ষেত্ৰত নহয়, কয়লা,শিলতো ছিণ্ডিকেট চলিছে। বল্ডাৰ শিল যে সৰবৰাহ হৈ আছে, কেতিয়াবা মোৰ নামো সাঙোৰা হয় ৷ মন্ত্ৰী, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰ নাম আহে ৷
সোণাৰঘাটত বাংলাদেশ অভিমুখী প্রতিখন ট্ৰাকৰ পৰা ১০ হেজাৰ টকাকৈ আদা.যয় কৰা হয়।’ এই টকা কোনে সংগ্ৰহ কৰে বুলি প্ৰশ্ন উত্থাপন কৰি চুপাৰি, কয়লা, শিলৰ উপৰি নিজৰ উৎপাদিত সামগ্রীতো ছিণ্ডিকেট চলিছে বুলি তেওঁ ক্ষোভৰে মন্তব্য কৰে।
বিধায়কজনে কয়, ‘আজি মাছত ফৰমেলিন কিহৰ কাৰণে নোহোৱা হৈ গ’ল ? কণী, পাণ, নহৰু, ফল-মূল আদিত এই ছিণ্ডিকেট ব্যৱস্থা চলি আছে। কোনোবাই স্বীকাৰ কৰক বা নকৰক আমি প্ৰত্যেকে জানো কি হৈ আছে। মূল্যবৃদ্ধিৰ মাধমাৰটো ক’ত সকলো অৱগত । আজি হৰেন মহন্তৰ লগত মোৰ নাম ওলায় ৷ আজি পশ্চিমবংগত কণীৰ দাম কিমান আৰু অসমত কিমান? প্ৰতিটো কণীত কিমান টকা লোৱা হয় ? পাণৰ ছিণ্ডিকেট বন্ধ হৈছে নেকি? নহৰু, নাছিকৰ পৰা অহা ফল-মূল, পিঁয়াজ, গাহৰি, ব্ৰইলাৰ, গৰু, ম’হকে ধৰি প্ৰত্যেকটো সামগ্ৰীত ছিণ্ডিকেট চলি আছে। ফলত জনতাই অধিক মূল্যত সামগ্রী ক্রয় কৰিবলগীয়া হৈছে। প্ৰতিখন ম’হৰ ট্ৰাকৰ পৰা কিয় চাৰি-পাঁচ লাখকৈ টকা লোৱা হয়? আজি এই কথাবিলাক গুৰুত্বসহকাৰে চিন্তা কৰিব লাগিব। জিএছটিয়ে মাধমাৰ শোধাই অহাৰ সময়ত অবৈধ কৰ সংগ্ৰহ কৰি জনতাক মাধামাৰ দিয়াটো কিমান যুক্তিযুক্ততা আছে।’
মেঘালয়ৰ কয়লা গাড়ীয়ে দিব লাগে এক লাখ ২৫ হেজাৰ : যোগীঘোপাত এন্ট্রী মাচুল দুই লাখ : ব্রয়লাৰৰ বাহনে দিব লাগে ৯০ হেজাৰ পৰ্যন্ত
আনহাতে, আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছ বিধায়ক এ কে ৰছিদ আলমে কয় যে ছিণ্ডিকেট চক্ৰৰ অতপালিত আজি বিপন্ন হৈ পৰিছে অসমৰ জনজীৱন। কিন্তু শাসকপক্ষই কৈছে ছিণ্ডিকেট চলা নাই, এই কথা শুনি অসমৰ ৰাইজে আজি হাঁহি আছে ।
চৰকাৰৰ দায়িত্ব ৰাজহ সংগ্ৰহ কৰি কল্যাণমূলক আঁচনিৰ জৰিয়তে বিতৰণ কৰা। চৰকাৰী ৰাজহ যিমান সংগ্ৰহ হৈ আছে, তাতকৈ বহুগুণ বেছি ছিণ্ডিকেট চক্ৰটোৱে আদায় কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘মেঘালয়ৰ পৰা অহা কয়লা গাড়ীয়ে এক লাখ ২৫ হেজাৰ টকা এন্ট্রী মাচুল দিব লাগে ৷ কোনো কাগজ-পত্র নাই, জিএছটি নাই ।
যদি চৰকাৰে দেখা নাই, লগত ওলাওক দেখুৱাই দিম কিদৰে শ শ গাড়ী গৈ আছে । আজি চৰকাৰৰ ঘৰলৈ ৰাজহ অহা নাই, এই টকা ছিণ্ডিকেটৰ পকেটলৈ গৈছে। চুপাৰি ব্যৱসায় মুকলি কৰি দিবলৈ আমি দাবী জনাইছিলো; কিন্তু ছিণ্ডিকেট কৰিবৰ কাৰণেই সেয়া কৰা হোৱা নাই।’ বিধায়ক আলমে কয়, ‘চুপাৰি ছিণ্ডিকেটৰ টকা ছহিদুলে লয়।
এই ছহিদুলৰ লগত কাৰ সম্পর্ক, এজন প্ৰভাৱশালী মন্ত্ৰীৰ। যোগীঘোপাৰ পৰা যিসমূহ কয়লা গাড়ী যায়, প্ৰতিখন গাড়ীৰ এণ্ট্ৰী মাচুল দুই লাখ টকা। বহিঃৰাজ্যৰ পৰা অহা ব্ৰইলাৰ গাড়ীয়ে তথা পিক-আপ বাহনে দিব লাগে ৪৫ হেজাৰ টকা । ছয় চকীয়া বাহনৰ পৰা ৯০ হেজাৰ টকা আদায় কৰা হয়। নিদিলে পশুধন বিভাগৰ বিষয়াই অভিযান চলায় আৰু পইচা নিদিয়া বাহনৰ ব্ৰয়লাৰসমূহ বেমাৰী বুলি কৈ মাটিত পুতি পেলাব লাগিব বুলি ভাবুকি দিয়ে।
শ্ৰীৰামপুৰ গেটেৰে আহিলে ৫৫-৫৬ হেজাৰ টকা আদায় দিব লাগে।’ চৰকাৰী ৰাজহতকৈ এওঁলোকৰ ৰাজহ বেছি হৈছে বুলি দোহাৰি বিধায়কজনে পুনৰ কয়, ‘আৰক্ষীয়ে এটকাও লাভ নকৰে। ছমাহৰ পাছত সকলো আৰক্ষীয়ে মুখ খুলিব, শীর্ষ বিষয়াই মোক তথ্য দিছে। কৃষ্ণাই, দুধনৈ নদীৰ বালিৰ পৰা কোনো চৰকাৰী ৰাজহ সংগ্রহ নহয়। এখন গাড়ীত ২৫ চিএম বালি আনে; কিন্তু ১০ চিত্ৰমৰ বালিৰ চালান কাটে।
সেই চালানেৰে তিনি-চাৰিবাৰ বালি কঢ়িয়ায়। চৰকাৰী ৰাজহ কিমান সংগ্ৰহ হয় আৰু ব্যক্তিগত ৰাজহ কিমান সংগ্ৰহ হয় হিচাপ কৰক । চৰকাৰী ৰাজহতকৈ যে ব্যক্তিগত ৰাজহ অধিক সংগ্রহ হয়, তাৰ প্ৰমাণ দিছো।’
২৩টা সামগ্ৰীৰ অবৈধ ছিণ্ডিকেট চলি আছে : হৰেন মহন্তক গ্ৰেপ্তাৰ কৰিলেই ছিণ্ডিকেট আধা শেষ হৈ যাব : চুপাৰিৰ লগত সৰবৰাহ হয় ড্ৰাগছ-মাৰণাস্ত্ৰ
ইফালে, আলোচনাত অংশগ্ৰহণ কৰি বিধায়ক অখিল গগৈয়ে কয় যে ২৩টা সামগ্ৰীৰ অবৈধ ছিণ্ডিকেট চলি আছে। অসমত আটাইতকৈ ডাঙৰ ছিণ্ডিকেটটো হৈছে গুটখা ছিণ্ডিকেট। তেওঁ কয়,‘কিদৰে কেলেংকাৰি কৰি নিৰ্বাচনত টকা লয়, মাহে মাহে কিমান টকা লয় অসমৰ বহু মানুহে জানে ।
কয়লা, চুপাৰি, ৰাসায়নিক সাৰ, অৰুণাচলী সুৰা, কাঠ, বালি, গৰু, ম’হ, গাহৰি, শিল, কণী, চাউল, চীনা নহৰু, ফল-মূল, বার্মিজ জালুক, পাণ আদিৰ ছিণ্ডিকেট চলি আছে। হৰেন মহন্তক যদি গ্ৰেপ্তাৰ কৰে, আজিৰ দিনটোতে অসমত ছিণ্ডিকেট আধা শেষ হৈ যাব।’ লগতে বিধায়কজনে কয় যে থুলুৱা চুপাৰিত অবৈধ ছিণ্ডিকেট চলি থকাৰ ফলত কৃষকসকল ক্ষতিৰ সন্মুখীন হৈছে। আগতে এক কুইণ্টল কেঁচা তামোল বিক্ৰী কৰি লাভ কৰিছিল ৫,২০০ টকা।
বিজেপিয়ে যিদিনাৰ পৰা ছিণ্ডিকেট লগালে এক কুইণ্টল তামোলৰ দাম চাৰি হেজাৰ হ’ল বুলি উল্লেখ কৰি তেওঁ কয়, ‘ব্রহ্মপুত্র উপত্যকাত প্ৰতি কিলোগ্ৰাম চুপাৰিৰ ওপৰত ৩২টকাকৈ আৰু বৰাক উপত্যকাত ৫০ টকাকৈ কমিছন লোৱা হয়। বিজেপি চৰকাৰে অসমৰ কাৰোবাৰ ঘৰত এডালো যদি তামোল গছ আছে আৰু বিক্ৰী কৰে তাৰ পৰাও টকা খায় ৷
আনহাতে, বাহিৰৰ পৰা অহা চুপাৰি বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছিল,কাৰণ এই চুপাৰিৰ লগত ড্ৰাগছ আৰু মাৰণাস্ত্ৰ আহে। সেই কাৰণে ইয়াক সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নির্দেশ দিছিল। লগতে চুপাৰি ছিণ্ডিকেটৰ পৰা উত্তৰ-পূবৰ বহু উগ্ৰপন্থী সংগঠনে টকা পায়।’ উল্লেখ্য যে গৰু ছিণ্ডিকেটৰ বাবে আগতে গৰু মাংসৰ দাম ২৫০ টকা আছিল যদিও এতিয়া পাঁচশ টকা হ’ল বুলি বিধায়ক গগৈয়ে তথ্য দাঙি ধৰে।
একেদৰে কংগ্ৰেছ বিধায়ক দিগন্ত বৰ্মনে কয়, ‘ৰঙিয়াৰ ভাৰ্গৱ চৌধুৰী আৰু হৰিকান্ত ৰাজবংশীয়ে আৰক্ষী সঞ্চালকপ্ৰধানলৈ এখন পত্ৰ দিছিল। এই পত্ৰত উল্লেখ কৰিছিল যে উত্তৰ-পূব বন সংমণ্ডলৰ প্ৰায় পাঁচশখন ট্রাকে উজনি অসমৰ পৰা কাঠ নামনি অসমলৈ কঢ়িয়াই আনে। এই ট্রাকসমূহৰ পৰা গুণ্ডাকৰ আদায় কৰে। বাগৰি আৰক্ষী থানাত প্ৰতিখন ট্ৰাকৰ পৰা এক লাখকৈ টকা সংগ্ৰহ কৰা হয়। ডিজিপিয়ে কি ব্যৱস্থা ল’লে ৰাজহুৱা নহ’ল।
ইয়াৰ উপৰি এইআইইউডিএফৰ বিধায়ক ড° ৰফিকুল ইছলামে কয়, ‘ছিণ্ডিকেট চলিলে দুই ধৰণে ক্ষতি হয়। প্রথম হ’ল চৰকাৰে ৰাজহ হেৰুৱায় আৰু ইয়াৰ ভুক্তভোগী জনতা হয়। আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ দিনত কোনোবাই ৰাজপথৰ কাষত বহী-কাগজ লৈ ছিণ্ডিকেট নচলায়, ক’ড নম্বৰত চলে। এবছৰ আগতে আমি তিনিচুকীয়ালৈ যাওতে দেখিছিলো যে লিডু-মাৰ্ঘেৰিটাৰ অঞ্চলত বহু অবৈধ খনন হৈ আছে।
আমি জিলাখনত থকাৰ সময়তে শ শ ট্ৰাক ৰাজপথত দেখিলো, তেল ডিপ’সমূহত ৰখাই থৈছে ৷ অসম চৰকাৰৰ এখন শক্তিশালী সমিতি যোৱাৰ সময়তো কাৰো ভয় নাই। শেষত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷অসমত আজি যিমান ইটাভাটা আছে, প্রত্যেককে কয়লা লাগে আৰু বৈধভাৱে যদি তেওঁলোকক কয়লা যোগান ধৰা হয়, আজি প্ৰতিটো ইটা ১৫-১৬ টকাত ক্ৰয় কৰিব নালাগে বুলি তেওঁ মন্তব্য কৰে ।
উল্লেখ্য যে এই আলোচনাত দুর্গা দাস বড়ো, মজিবুৰ ৰহমান,জাকিৰ হুছেইন সিকদাৰ আদিয়ে অংশগ্ৰহণ কৰাৰ উপৰি শাসকপক্ষৰ হৈ সুশান্ত বুঢ়াগোহাঁই, জিতু গোস্বামী, ৰূপজ্যোতি কুৰ্মী, কমলাক্ষ্য দে পুৰকায়স্থ আদিয়ে অংশগ্ৰহণ কৰি ৰাজ্যত ছিণ্ডিকেট নাই বুলি দাবী কৰে। বিধায়ক তালুকদাৰে চীনৰ এজেণ্ডা লৈ এই আলোচনাৰ পাতনি মেলা তথা ইয়াৰ অন্তৰালত কোনো কথা থকা বাবেই উত্থাপন কৰিছে বুলি শাসকীয় বিধায়কে কটাক্ষ কৰে ।