Assam Police SI Result 2025: ঘোষণা হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পৰীক্ষাৰ ফলাফল

aphq

Assam Police SI Result 2025:

সকলো উৎকণ্ঠা অন্ত পেলাই আজি ঘোষিত হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছআই) পৰীক্ষাৰ ফলাফল ৷ ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডে (SLPRB) চলিত বৰ্ষৰ ৫ জানুৱাৰীত অনুষ্ঠিত কৰিছিল সংযুক্ত লিখিত পৰীক্ষা।

ADVERTISEMENT

উল্লেখ্য যে, সংযুক্ত লিখিত পৰীক্ষা ২০৩টা খালী পদৰ বিপৰীতে অনুষ্ঠিত হৈছিল ৷ নিযুক্তিৰ খালী পদসমূহ হ’লঃ উপ- পৰিদৰ্শক(ইউবি)-১৪৪টা,উপ-পৰিদৰ্শক(কমিউনিকেশ্যনছ)-৭টা,উপ- পৰিদৰ্শক(আৰ্মড ব্ৰাঞ্চ)৫১টা আৰু এচিচটেণ্ট ডেপুটি কন্টোলাৰ ,চিভিল ডিফেন্স(জুনিয়ৰ)-১টা৷

সংযুক্ত লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীয়ে অহা ৯ মাৰ্চৰ পুৱা ১১:০০ বজাৰপৰা SLPRBৰ ৱেবছাইটৰ পৰা পিএচটি আৰু পিইটিৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

আনহাতে লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থী সকলে পৰৱৰ্তী পৰ্যায়ত শাৰীৰিক মানদণ্ড পৰীক্ষা( পিএচটি )আৰু শাৰীৰিক দক্ষতা পৰীক্ষা (পিইটি)ত অৱতীৰ্ণ হ’ব লাগিব ৷ সেই অনুসৰি গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বেটেলিয়নত অহা ১৭ মাৰ্চ পৰা আৰম্ভ হ’ব উল্লিখিত পৰীক্ষা সমূহ ৷

পিএছটি আৰু পিইটি পৰীক্ষা সূচী এনে ধৰণৰ:

#১৭ মাৰ্চত পুৱা ৭বজাৰ পৰা অসম আৰক্ষীৰ এছআই(ইউবি) আৰু এছ আই(কমিউনিকেশ্যনছ,এপিআৰ অ’) মহিলা প্ৰাৰ্থীৰ বাবে ৷

#১৮ মাৰ্চত পুৱা ৭ বজাৰ পৰা এছআই(এবি)আসাম বেটেলিয়ন(মহিলা প্ৰাৰ্থী) ৷

 #১৯ আৰু ২০ মাৰ্চত পুৱা ৭ বজাৰ পৰা এছ আই(ইউ বি) আৰু এছ আই(কমিউনিকেশ্যনছ,এপিআৰঅ( পুৰুষ প্ৰাৰ্থীৰ বাবে)৷

#২১ মাৰ্চত পুৱা ৭ বজাৰ পৰা অসম আৰক্ষীৰ এছ আই (ইউবি) SI (UB) আৰু এছ আই (কমিউনিকেশ্যনছ,এপিআৰঅ)পুৰুষ প্ৰাৰ্থীৰ বাবে |

Exit mobile version