Bike rider’s motorcycle stolen: মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ নাক কাটিলে বাইক চোৰে

চোৰে নিলে আন্তৰাষ্ট্ৰীয় বাইক ৰাইডাৰৰ মটৰ চাইকেল, মুখ্যমন্ত্ৰী - আৰক্ষীক সহায়ৰ আহ্বান জনপ্ৰিয় ৰাইডাৰ ননীৰ

bike

Bike rider’s motorcycle stolen:

মহানগৰীৰ ম্মাৰ্ট আৰক্ষীৰ তথাকথিত সুৰক্ষাৰ নগ্ন ৰূপটো পুনৰ উদঙালে বাইক চোৰে ৷অসমলৈ আহি গুৱাহাটীত বাইক চোৰৰ কবলত দেশৰ জনপ্ৰিয় মহিলা বাইক ৰাইডাৰ ননী৷

ADVERTISEMENT

জনপ্ৰিয় ৰাইডাৰ ননী নামৰ যুৱতীৰাকীয়ে দেশৰ আধা অংশৰ প্ৰায় ৩০ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি বুধবাৰে আহি উপস্থিত হৈছিল গুৱাহাটী মহানগৰীত। নাৰী সৱলীকৰণৰ লক্ষ্যৰে তেওঁ দেশৰ বিভিন্ন ৰাজ্য মটৰ চাইকেলেৰে ভ্ৰমণ কৰাৰ পথত ঠায়ে ঠায়ে পথ সভা অনুষ্ঠিত কৰি নাৰী সৱলীকৰণৰ ওপৰত বক্তব্য ৰাখিছিল ৷আনকি এই ক্ষেত্ৰত বহু লোকৰ ব্যাপক সহাৰী লাভ কৰিছিল ৷

কিন্তু উত্তৰ- পূৰ্বাঞ্চলতো নাৰী সৱলীকৰণৰ বাৰ্তাৰ দিয়াৰ উদ্দেশ্যৰে গুৱাহাটীত উপস্থিত হোৱাৰ পাছত এক অনাহুত পৰিস্থিতিৰ সন্মুখীন হয় ননীয়ে ৷ বুধবাৰে উপস্থিত হোৱাৰ পিছত বাইক ৰাইডাৰ গৰাকীয়ে নৈশযাপনৰ বাবে সৰুসজাইৰ মনিকাঞ্চল উপ- পথৰ কালী মন্দিৰ পথৰ সমীপৰ মেডীজ গেষ্ট হাউছত বাহৰ পাতে ৷ কিন্ত নিশা চোৰে লৈ য়ায় ননীৰ প্ৰিয় বাইকখন ৷

উল্লেখ্য যে বাইক ৰাইডাৰ ননীয়ে উত্তৰ – পূৰ্বাঞ্চল বাহিৰে ইতিমধ্যে দেশৰ প্ৰতিখন ৰাজ্য নিৰাপদে ভ্ৰমণ কৰিছিল কিন্ত গুৱাহাটীত উপস্থিত হৈয়ে তেওঁ হেৰুৱাবলগীয়া হয় নিজৰ বাইকখন ৷ আজি ননীয়ে চ’ছিয়েল মেডিয়াৰ জৰিয়তে তেওঁৰ বাইকখন চুৰি হোৱাৰ কথা প্ৰকাশ কৰে ৷ ইতিমধ্যে বাইক চুৰিৰ সন্দৰ্ভত বশিষ্ঠ থানাত দাখিল কৰিছে এজাহাৰ ৷

ননীৰ উত্তৰ- পূৰ্বাঞ্চল ভ্ৰমণত সংগ দিবলৈ বহু সংখ্যক বাইকাৰে যোগাযোগ কৰাৰ লগতে বিভিন্ন স্থানত কেম্প পতাৰ প্ৰস্তুতি চলাইছিল ৷ কিন্ত ননীৰ বাইক চুৰি ঘটনাই সকলোকে ব্যথিত কৰিছে ৷

আনহাতে ননীয়ে গুৱাহাটী আৰক্ষীলৈ আহ্বান জনাই কয় যে শীৰ্ঘেই তেওঁৰ বাইক খন উদ্ধাৰৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে ৷একেদৰে মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাই ননীয়ে কয়,মোৰ বাইক খন চুৰিৰ ক্ষেত্ৰত তেখেতে বিশেষ উদ্যোগ গ্ৰহণ কৰে যেন ৷

লক্ষণীয় ভাৱে এই ঘটনা সংঘটিত হোৱাৰ ৪৮ ঘণ্টা উকলি যোৱাৰ পাছতো মহানগৰ আৰক্ষীয়ে কোনো শুংসূত্র উলিয়াব পৰা নাই চুৰি হোৱা দুচকীয়া বাহন খনৰ তথা চোৰৰ। ইয়াৰ বিপৰীতে অতি লজ্জাজনক ভাৱে এতিয়াও ঘটনাৰ তদন্ত কৰি আছোঁ বুলি অসহায় মন্তব্য কৰিছে গুৱাহাটীৰ ডিচিপি মৃণাল ডেকাই৷

মুঠৰ ওপৰত, মুখ্যমন্ত্ৰী তথা চৰকাৰ খনে অসমৰ আইন শৃংখলা জনিত পৰিস্থিতি টাটা স্কাইৰ বিজ্ঞাপনৰ দৰে জিংগালালা হৈ পৰা বুলি দাবী কৰি অহাৰ সময়তে উত্তৰাখণ্ডৰ ৰাইডাৰৰ দলটোৰ বাইক চুৰিৰ এই ঘটনাই উদঙাই দিলে বাস্তৱ সত্য।

Exit mobile version