Telangana Student ডকাইতিৰ আক্ৰমণত আমেৰিকাত মৃত্যু ভাৰতীয় ছাত্ৰৰ
বুধবাৰে আমেৰিকাৰ উইলকিনছনত ডকাইতিৰ আক্ৰমণত মৃত্যু হয় এজন ভাৰতীয় ছাত্ৰ । ২৭ বছৰীয়া প্ৰবীণ কুমাৰ গাম্পা তেলেংগানাৰ বাসিন্দা। ছাত্ৰজনৰ মৃতদেহটো তেওঁৰ প্ৰবাসী বন্ধু আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ।
পৰিয়ালৰ লোকে জনোৱা মতে, বুধবাৰে পুৱা আক্ৰমণৰ সময়ত যুৱকজনে হোৱাটছএপত ফোন কৰে। অৱশ্যে ফোনটোৰ উত্তৰ দিয়াৰ আগতেই কাটি দিয়া হয়।
ওলোটাই ফোন কৰোতে অজ্ঞাত কণ্ঠই জনাই যে, ফোন তেঁওলোকে উদ্ধাৰ কৰিছে । ঘটনাটোত হতবাক হয় প্ৰবীণৰ পৰিয়াল । তাৰ কিছু সময়ৰ পাছতে পৰিয়াললৈ আহিল বেয়া খবৰটো।
প্ৰবীণৰ সম্পৰ্কীয় ভাতৃ অৰুণে কয় ,প্ৰবাসী বন্ধুসকলে জনোৱা অনুসৰি আৰক্ষীয়ে প্ৰবীণৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰিছে। কোনোৱে কোনোৱে কৈছে তেওঁক দোকানত গুলীয়াই হত্যা কৰা হৈছে। ভাৰতীয় ছাত্ৰজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।
চিকাগোত থকা ভাৰতীয় দূতাবাসে এক বিবৃতিত কয়, “প্ৰবীণ কুমাৰ গাম্পাৰ অকাল মৃত্যুত আমি দুখিত। তেওঁ উইচকনচিন-মিলৱাকি বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ছাত্ৰ আছিল। দূতাবাসজনে প্ৰবীণৰ পৰিয়াল আৰু বিশ্ববিদ্যালয়ৰ স’তে যোগাযোগ কৰিছে । তেওঁলোকক প্ৰয়োজনীয় সহায় দিয়া হ’ব। শোকসন্তপ্ত পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ আমাৰ আন্তৰিক সমবেদনা আৰু প্ৰাৰ্থনা জ্ঞাপন কৰিলোঁ।”
প্ৰবীণ কুমাৰ গাম্পা ২০২৩ চনত আমেৰিকালৈ ৰাওনা হয়। তেওঁ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ উইচকনচিন-মিলৱাকি বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। পাছত তেওঁ ‘পাৰ্ট টাইম’ কামৰ বাবে উইচকনচিনৰ এখন স্থানীয় দোকানত যোগদান কৰে।