Antarctica:
অতিশয় দুর্গম মহাদেশ হিচাপে বিবেচিত এণ্টার্কটিকা। এই মহাদেশ পৃথিৱীৰ দক্ষিণ মেৰুত অৱস্থিত। ইয়াৰ আয়তন প্রায় এক কোটি ৪০ লাখ বর্গ কিলোমিটাৰ। এই বিশাল আয়তনৰ প্ৰায় ৯৮ শতাংশ অঞ্চল গড়ে ১.৯ কিলোমিটাৰ ডাঠ বৰফেৰে আবৃত হৈ আছে। ১০৮৩ চনৰ ২১ জুলাইত এন্টার্কটিকাক বিশ্বৰ সবাতোকৈ শীতলতম স্থান হিচাপে চিহ্নিত কৰা হয়।
তেতিয়া এই মহাদেশৰ তাপমান আছিল মাইনাছ ৮৯.২ ডিগ্রী চেলছিয়াচ। পৃথিৱীৰ মুঠ বৰফৰ প্ৰায় ৯০ শতাংশ এই মহাদেশতে সঞ্চিত হৈ আছে। এণ্টাৰ্কটিকাৰ সৰ্বোচ্চ চূড়া হ’ল ‘মাউন্ট ভিনচন’, যাৰ উচ্চতা প্রায় ১৬,০৫০ ফুট। আনকি আগ্নেয়গিৰিও আছে।
আচৰিত কথা যে জীৱন ধাৰণৰ বাবে অতিশয় কঠিন পৰিৱেশ যদিও এন্টার্কটিকাত জীৱনৰ অস্তিত্ব আছে। এই মহাদেশত প্ৰায় ১,১৫০টা প্ৰজাতিৰ ভেঁকুৰ, ৭০০ প্ৰজাতিৰ শৈবাল, ১০০ প্ৰজাতিৰ শেলুৱৈ, ২৫টা প্ৰজাতিৰ লিভাৰওট সহ মাত্ৰ তিনিটা প্ৰজাতিৰ সপুষ্পক উদ্ভিদ দেখা যায়। অলপতে বৰফৰ প্ৰায় ২,৬০০ ফুটতলত বেক্টেৰিয়াৰ সন্ধান পোৱা গৈছে। এন্টার্কটিকাত কে’বাটাও প্ৰজাতিৰ পেংগুইন দেখা পোৱা যায়। ইয়াৰ উপৰি পেট্ৰেল, এলবাট্ৰছ পক্ষীও আছে।
এণ্টাৰ্কটিকাৰ উপকূলত নীলা তিমি, কিলাৰ তিমি, কলোছাল স্কুইড, ছীল আদি বিভিন্ন প্ৰজাতিৰ সামুদ্রিক প্রাণী পোৱা যায়। ইয়াৰ উপৰি বৰফেৰে আবৃত মহাদেশখনত মানুহেও বাস কৰে। ইয়াত বাস কৰা মানুহক এস্কিমো বুলি কোৱা হয়। তেওঁলোকে ‘ইগলু’ নামৰ বৰফেৰে তৈয়াৰী এক বিশেষ প্ৰকাৰৰ ঘৰত বাস কৰে। বৰফেৰে সজা যদিও সেই ঘৰৰ ভিতৰত জুই পর্যন্ত জ্বলাব পাৰি। বিশাল বৰফৰ দলিচাত মানুহকে ধৰি বিভিন্ন প্রাণীৰ বিচৰণে এন্টার্কটিকাক অধিক বিস্ময়জনক কৰি তুলিছে।




































