Guwahati Birubari Eviction:
চৰকাৰী ভূমি বেদখলকাৰীৰ বাসগৃহত মহানগৰ প্ৰশাসনৰ হাতোৰা । আজি পুৱাৰে পৰা মহানগৰীৰ বিৰুবাৰী অঞ্চলত প্ৰশাসনে ব্যাপক উচ্ছেদ অভিযান চলায় ৷ ইতিমধ্যে ভঙা হৈছে প্ৰায় ১১টাকৈ বাসগৃহ। ইয়াৰ ভিতৰত আছে কে’বাটাও সুউচ্ছ অট্টালিকা ৷
শুক্ৰবাৰে পুৱাৰ ভাগতেই বৃহৎ আৰক্ষী বাহিনী আৰু প্ৰশাসনে লোকে বুলডুজাৰ লৈ উপস্থিত হয় বিৰুবাৰীৰ ট্ৰাংক ফেক্টৰীত। ইয়াৰ পিছত এফালৰ পৰা ভাঙি ভাঙি যায় বাসগৃহ সমূহ। উল্লেখ্য যে,ইতিপূৰ্বে প্ৰশাসনৰ তৰফৰ পৰা বেদখলকাৰী লোকসকললৈ পঠিওৱা হৈছিল ঘৰ খালিৰ নিৰ্দেশ ৷ অন্তিম খন জাননী পঠিওৱা হৈছিল বৃহস্পতিবাৰে ৷
আনহাতে প্ৰায় ২৫ দিনৰ আগতেই জাননী পঠিওৱা হৈছিল সংশ্লিষ্ট পৰিয়াল কেইটালৈ ৷ ইয়াৰ পিছতে ৬৯ ঘৰৰ ভিতৰৰ ৪৫ টা পৰিয়ালে আবেদন কৰিলে উচ্চ ন্যায়ালয়ত ৷ আদালতত এই সন্দৰ্ভত শুনানি চলি আছে বিষয়টোক লৈ ৷শুক্ৰবাৰে আদালতত আবেদনকাৰী সকলক বাদ দি আন বাকী ২৪ টা পৰিয়ালৰ ঘৰত উচ্ছেদ চলোৱা হয় ৷
স্মতৰ্ৱ্য যে,বৃহস্পতি বাৰে অন্তিম জাননী প্ৰদান কৰাৰ পাছত আজি উচ্ছেদ অভিযান চলোৱা হৈছে বুলি প্ৰশাসনৰ লোকে জানিব দিয়ে ৷ মনকৰিবলগীয়া যে, প্ৰশাসনে হঠাতে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে সৰৱ হৈ পৰে স্থানীয় লোক সকলে ৷