আগন্তুক দুদিনলৈ দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বৃহৎ অঞ্চলত ভয়াৱহ তীব্র তাপপ্রবাহ,

হালধীয়া সতৰ্কতা জাৰি

images

Heatwave Alert ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বৃহৎ অঞ্চলৰ বাবে পুনৰ হিটৱেভ সতৰ্কবাণী জাৰি কৰিছে ।

দেশৰ ৰাজধানী আৰু চুবুৰীয়া ৰাজ্যসমূহত এই সপ্তাহত তাপমাত্ৰা ৪০ৰ পৰা ৪২ ডিগ্ৰীৰ ভিতৰত থকাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞানৰ কাৰ্যালয়ে জনোৱা মতে, বৃহস্পতিবাৰৰ পৰ্যন্ত এই তাপ প্ৰবাহ অব্যাহত থাকিব।

কেৱল দিল্লীয়েই নহয়, গুজৰাট, ৰাজস্থান, হিমাচল প্ৰদেশ, হাৰিয়ানা, লাডাখৰ লগতে উত্তৰ প্ৰদেশৰ কেবাটাও প্ৰান্ততো হিটৱেভৰ সম্ভাৱনা আছে।

উত্তৰ ভাৰতৰ বেছিভাগ ৰাজ্যই সোমবাৰে এক তীব্ৰ হিটৱেভৰ সন্মুখীন হৈছে, যিটো চলিত বৰ্ষৰ প্ৰথম ব্যাপক হিটৱেভ।

উল্লেখ্য যে,কেবাখনো ৰাজ্যই অস্বাভাৱিকভাৱে উচ্চ তাপমাত্ৰা ৰেকৰ্ড কৰিছে। গুজৰাটৰ ৰাজস্থান, সৌৰাষ্ট্ৰ আৰু কচ্ছৰ বিভিন্ন স্থানত বিক্ষিপ্ত হিটৱেভ পৰিস্থিতিও দেখা গৈছে।

দিল্লী,তিনিটা গুৰুত্বপূৰ্ণ বতৰ বিজ্ঞান কেন্দ্ৰ চফদৰজং, ৰিজ আৰু আয়ানগৰৰ সৰ্বাধিক তাপমাত্ৰা ইতিমধ্যে ৪০.২ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিছে!বৃহস্পতিবাৰৰ পূৰ্বে পৰিস্থিতি সলনি হোৱাৰ বিশেষ সম্ভাৱনা নাই।

সেই পৰিস্থিতিত বতৰ বিজ্ঞান বিভাগে স্থানীয় বাসিন্দাসকলক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে।

চৰকাৰী তথ্য অনুসৰি জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, ৰাজস্থান, দিল্লী আৰু লাডাখৰ বৃহৎ অঞ্চলৰ সৰ্বোচ্চ উষ্ণতা স্বাভাৱিকতকৈ পাঁচৰ পৰা আঠ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছে।

পঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডীগড়ৰ কিছু অংশতো তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে।

সাধাৰণতে কোনো এটা স্থানৰ সৰ্বোচ্চ উষ্ণতা স্বাভাৱিকতকৈ কমেও পাঁচ ডিগ্ৰী বেছি আৰু দিনৰ সৰ্বোচ্চ উষ্ণতা ৪০ ডিগ্ৰী পৰ্যন্ত হ’লে পৰিস্থিতিক তাপৰ প্ৰবাহ বুলি ঘোষণা কৰা হয়।

সেয়েহে দিল্লীকে ধৰি উত্তৰ ভাৰতৰ তাপমাত্ৰা ৪০ ডিগ্ৰীৰ ওচৰ চাপি অহাত বতৰ বিজ্ঞান বিভাগে হালধীয়া গৰমৰ সতৰ্কবাণী জাৰি কৰিছে।

Exit mobile version