শাসকীয় মিত্রজোট অগপ-বিজেপিৰ মাজত প্রার্থিত্বকেন্দ্ৰিক মনোমালিন্য, কংগ্ৰেছৰ দলীয় কন্দলৰ মাজত আবদ্ধ হৈছে শাসক-বিৰোধী দুই পক্ষৰ প্ৰাৰ্থী বাছনি প্রক্রিয়া।
অহা ১১ এপ্রিল মনোনয়ন দাখিলৰ অন্তিম দিন যদিও আজি পর্যন্ত উভয় পক্ষই প্রার্থী বাছনিত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই।
পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ শাসক বিজেপি-অগপ আৰু বিৰোধী কংগ্ৰেছত জটিলতা অব্যাহত আছে। বুধবাৰে নিশা পর্যন্ত প্রার্থিত্বকেন্দ্রিক বিষয়ত সৃষ্টি হোৱা পৰিস্থিতিৰ সমাধান সূত্ৰ উলিয়াব পৰা নাই শীর্ষ নেতৃত্বই।
ইয়াৰ মাজতে শাসকীয় বিজেপিয়ে ভয়-ভাবুকি প্ৰদৰ্শন কৰি কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থীক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে।
বিজেপিয়ে বুধবাৰে নিশা পর্যন্ত কেবাটাও বিধানসভা সমষ্টিত অগপৰ স’তে মিত্রতাকেন্দ্রিক বিষয় চূড়ান্ত কৰাত জটিলতাৰ সন্মুখীন হয়। কমেও সাতটা বিধানসভা সমষ্টি আৰু গোলাঘাট জিলাক লৈ এনে জটিলতা অধিক বৃদ্ধি হৈছে।
ইয়াৰ সমাধান সূত্ৰ বিচাৰি নিশা পর্যন্ত দলৰ নেতৃবৃন্দ বাজপেয়ী ভৱনত ব্যস্ত থাকে। অৱশ্যে প্রার্থিত্ব প্রত্যাশীসকলে মনোনয়নপত্র সংগ্রহকে ধৰি মনোনয়নত দাখিল কৰিবলগীয়া নথিপত্ৰ যোগাৰ কৰাত ব্যস্ত হৈ পৰিছে।
ইয়াৰ মাজতে বুধবাৰে নিশা বিজেপিয়ে প্রথম পৰ্যায়ত ৩১৮ টা জিলা পৰিষদৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। এই সন্দৰ্ভত দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক দিপুৰঞ্জন শৰ্মাই সদৰী কৰে যে অগপৰ লগত এতিয়াও কেইটামান সমষ্টিত বুজাপৰা চূড়ান্ত হোৱা নাই। গতিকে আজি সেই ক্ষেত্ৰত সিদ্ধান্ত চূড়ান্ত হ’ব।
শৰ্মাই লগতে কয় যে যি ৩১৮ টা জিলা পৰিষদৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হৈছে, তাৰ ভিতৰত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু গণশক্তিৰ প্ৰাৰ্থীও আছে।
দুয়োটা দলৰ প্ৰাৰ্থীসকলে বিজেপিৰ প্ৰতীক পদুম ফুলৰ ছবিত প্ৰতিদ্বন্দ্বিতা কৰিব। শৰ্মাই লগতে সদৰী কৰে যে ৩১৮ প্ৰাৰ্থীৰ ভিতৰত ১৭২ গৰাকীয়ে হ’ল মহিলা।
মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদেও আজিলৈকে প্রার্থী তালিকা ঘোষণা কৰিবলৈ সমৰ্থ হোৱা নাই।
কংগ্ৰেছত অন্তঃকন্দল
ইপিনে, দলীয় অন্তঃকন্দল সৃষ্টি হৈছে কংগ্ৰেছত। ধনৰ বিনিময়ত প্রার্থিত্ব প্ৰদানৰ অভিযোগ তুলি হাইলাকান্দি জিলা কংগ্ৰেছৰ কাৰ্যালয়ত কালি দলীয় কর্মীসকলে তলা মাৰি দিয়ে।
হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি চামচুদ্দিন বৰলস্কৰে ধনৰ বিনিময়ত একাংশ প্ৰাৰ্থীক প্রার্থিত্ব প্ৰদানৰ অভিযোগ তুলি বৃহৎ সংখ্যক কৰ্মীয়ে জিলা কাৰ্যালয়ৰ সন্মুখত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে।
তেওঁলোকে জিলা কাৰ্যালয়ত তলা মাৰি দিয়াৰ উপৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সভাপতি বৰলস্কৰৰ ঘৰৰ সন্মুখতো সমবেত হয়। একেদৰে গোৱালপাৰা জিলা কংগ্ৰেছৰ কাৰ্যালয়তো আজি তলা ওলমি থাকে।
প্রার্থিত্ব দাবীদাৰ কে’বাজনেও জিলাৰ নেতৃবৃন্দক সাক্ষাৎ কৰিবলৈ কাৰ্যালয়টোলৈ আহে; কিন্তু নিৰ্বাচনৰ সময়তো কাৰ্যালয়ত কোনো লোক উপস্থিত নাছিল।
ইয়াকে লৈ সমবেত প্রার্থিত্ব প্রত্যাশী আৰু কৰ্মীসকল ক্ষোভত ফাটি পৰে। কংগ্ৰেছত প্রার্থিত্বকেন্দ্রিক বিষয়ক লৈ জিলাই জিলাই সংঘাতময় পৰিস্থিতিৰো সৃষ্টি হৈছে।
তদুপৰি দলটোৱে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ বহু সমষ্টিৰ বাবে প্ৰাৰ্থী বিচাৰি উলিওৱাটো প্ৰত্যাহ্বান হৈছে।
বিজেপিৰ বিৰুদ্ধে ভয়-ভাবুকিৰ অভিযোগ কংগ্ৰেছৰ
ইপিনে, কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে অভিযোগত সৰব হয়। দলৰ নেতাই তেওঁলোকৰ একাংশ প্ৰাৰ্থী আৰু কৰ্মীক বিজেপিয়ে ভয়-ভাবুকি প্ৰদানৰ অভিযোগ কৰে।
প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মাই কালি গুৱাহাটীৰ ৰাজীৱ ভৱনত অভিযোগ কৰে যে বিজেপিয়ে বিভিন্ন স্থানত কংগ্ৰেছৰ সম্ভাব্য প্রার্থীসকলক ভয়-ভাবুকি দিয়াৰ লগতে প্রয়োজনীয় নথিপত্র সংগ্রহতো বাধা প্রদান কৰিছে।
শৰ্মাই শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ উদাহৰণ দাঙি ধৰি কয় যে বিজেপিৰ সমৰ্থকসকলে কংগ্ৰেছৰ প্ৰাৰ্থীক নথি আনিবলৈ যোৱাত বাধা দিয়াৰ লগতে অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰিও ভাবুকি দিছে। শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতী আৰু সাধাৰণ সম্পাদক ৰাজেশ পাণ্ডিয়াই ইয়াকে লৈ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰিছে।
জামুগুৰি আৰক্ষী থানাতো গোচৰ দিয়া হৈছে যদিও আৰক্ষীয়ে প্ৰাৰ্থীসকলক নিৰাপত্তা দিয়া অথবা দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই। নদুৱাৰৰ পাঁচমাইল আৰু চকীঘাটতো কংগ্ৰেছ আৰু নির্দলীয় প্রার্থীসকলক নথি সংগ্ৰহত বাধা প্ৰদান কৰা হৈছে। গহপুৰতো একে ঘটনা ঘটিছে।
কামপুৰৰ ৰাণীতো কংগ্ৰেছৰ প্ৰাৰ্থীক ভাবুকি প্ৰদানৰ অভিযোগ উঠিছে। শৰ্মাই অসম ৰাজ্যিক নির্বাচন আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰীক বিষয়টোত হস্তক্ষেপ কৰি মুক্ত আৰু নিকা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।