PM Modi:এগৰাকী ১৯ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ ঘটনাই উত্তৰ প্ৰদেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাৰাণসীলৈ আহি গভীৰ উদ্বেগ প্ৰকাশ কৰে ।
তেওঁ এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। গোচৰটোৰ ২৩ জন অভিযুক্তৰ ভিতৰত, ১১ জন অচিনাক্ত। এতিয়ালৈকে এই ঘটনাৰ সন্দৰ্ভত নজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
শুক্ৰবাৰে বাৰাণসীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে তেওঁ আৰক্ষী আয়ুক্ত, জিলা দণ্ডাধীশ, আৰু সংমণ্ডল আয়ুক্তৰ পৰা বিষয়টোৰ বিষয়ে বিতং তথ্য বিচাৰে ।
লগতে এই জঘন্য অপৰাধৰ লগত জড়িতসকলৰ বিৰুদ্ধে সম্ভাৱ্য কঠোৰতম ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ভৱিষ্যতে যাতে এনে অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈও প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে।
পৰিয়ালৰ দাবী, ২৯ মাৰ্চত এজন বন্ধুৱে যুৱতীগৰাকীক হুকা বাৰলৈ লৈ গৈছিল।তাৰ পাছত চাৰি এপ্ৰিলত যুৱতীগৰাকীৰ আৰক্ষীত নিৰুদ্দেশ হোৱা খবৰ দিয়ে পৰিয়ালে ।
উল্লেখ্য যে,সেইদিনাই আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰে। কিন্তু আৰক্ষী বিষয়াগৰাকীয়ে দাবী কৰে যে সেই সময়ত যৌন নিৰ্যাতনৰ কোনো অভিযোগ উত্থাপন হোৱা নাছিল।
দুদিন পাছত ছয় এপ্ৰিলত এফআইআৰ কৰা হয় আৰু তাতে দলবদ্ধ ধৰ্ষণৰ অভিযোগ কৰা হয়।