China : ভয়ংকৰ ধুমুহাত বিধ্বস্ত চীন। কিছুদিনৰ ধৰি অব্যাহত থাকিব এই ধুমুহা বতাহ।বেইজিংকে ধৰি বহু চহৰত এই সতৰ্কবাণী।এনে পৰিস্থিতিত ৫০ কেজিতকৈ কম ওজন থকা সকলে ঘৰতে থকাৰ পৰামৰ্শ দিছে প্ৰশাসনে ।
দহ বছৰৰ পাছত এইবাৰ বেইজিঙত ‘কমলা সতৰ্কবাণী’ জাৰি কৰা হৈছে।চাৰিটা স্তৰৰ সতৰ্কবাণীৰ ভিতৰত এইটো দ্বিতীয় স্তৰৰ সতৰ্কবাণী।
১৯৫১ চনৰ পাছত এইবাৰ বেইজিঙত আটাইতকৈ ধুমুহাময় পৰিৱেশ এপ্ৰিল মাহত সাক্ষী হ’বলৈ ওলাইছে বুলি আশংকা কৰা হৈছে।
বেইজিংত ইতিমধ্যে ৪০০ তকৈও অধিক বিমান বাতিল কৰা হৈছে। ধুমুহাৰ ফলত ব্যাহত হৈছে জনসাধাৰণৰ জীৱন ।
বেইজিংৰ বিভিন্ন ঠাইত ৰাস্তাৰ কাষত পৰি ৰৈছে বিভিন্ন গছ। যাৰ ফলত বহুতো গাড়ী ক্ষতিগ্ৰস্ত হয় ।
ধুমুহাৰ ফলত জনসাধাৰণক ঘৰতে থকাৰ নিৰ্দেশ দিশে প্ৰশাসনে । অৱশ্যে, ধুমুহা অহাৰ আগতে কমেও চাৰি হেজাৰ ৮০০ জোপা গছ কাটি পেলোৱা হৈছিল।
মৰুভূমি আৰু ঘাঁহনি অঞ্চলত এই ধৰণৰ ধুমুহা একেবাৰে বিৰল নহয়। আৰু বছৰৰ এই সময়ত বেইজিঙৰ দৰে চহৰত এনে ধুমুহা অহাটো একেবাৰে স্বাভাৱিক। কিন্তু বতৰ বিজ্ঞানীসকলে দাবী কৰিছে যে যোৱা দহ বছৰত এনে ধুমুহা দেখা পোৱা নাই।
বেইজিঙৰ উপৰিও পূব চীনৰ মংগোলিয়া, হেনান আদি চহৰ ধুমুহাৰ ফলত বিধ্বস্ত হৈ পৰিছে। ছাংহাইত ধূলিৰ ধুমুহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে।