China: অব্যাহত আছে শুল্ক যুদ্ধ। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে ইজনে সিজনৰ ওপৰত কৰিছে শুল্ক নিক্ষেপ । এইবাৰ ৱাশ্বিংটনে বেইজিঙৰ চীনা সামগ্ৰীৰ আমদানিৰ ওপৰত ২৪৫ শতাংশ শুল্ক আৰোপ কৰে। এই কথা ঘোষণা কৰিছে হোয়াইট হাউছে। নিঃসন্দেহে ইয়াৰ ফলত দুয়োখন দেশৰ সম্পৰ্কত নতুন মাত্ৰাৰ উত্তেজনাৰ সৃষ্টি হৈছে।
ট্ৰাম্প প্ৰশাসনে ভাৰত, কানাডা, চীনকে ধৰি কেবাখনো দেশৰ ওপৰত দুই এপ্ৰিলৰ পৰা ব্যাপক শুল্ক আৰোপ কৰিছিল।
ভাৰতে ২৬ শতাংশ কৰ আৰোপ কৰিলেও চীনৰ ওপৰত অতিৰিক্ত পাৰস্পৰিক কৰ ইতিমধ্যে ১৪৫ শতাংশ পৰ্যন্ত হৈছিল। কিন্তু হেঁচাত পৰি কিছু পৰিমাণে পিছুৱাই যাবলৈ বাধ্য হ’ল আমেৰিকা প্ৰশাসন।
বিশ্বৰ বাকী অংশৰ বাবে পাৰস্পৰিক শুল্কৰ ওপৰত ৯০ দিনৰ স্থগিতাদেশ আৰোপ কৰা হৈছে যদিও কিন্তু চীনক ৰেহাই দিয়া নহ’ল। এইবাৰ তেওঁলোকৰ ওপৰত ২৪৫ শতাংশ কৰ আৰোপ কৰা হৈছে।
প্ৰসংগক্ৰমে আমেৰিকাই অভিযোগ কৰিছে যে ১২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পাছত চীনে সামৰিক বাহিনীৰ পৰা মহাকাশলৈকে বিভিন্ন উদ্যোগৰ বাবে প্ৰয়োজনীয় জাৰ্মেনিয়াম, এন্টিমনি, গেলিয়াম আদিৰ যোগান বন্ধ কৰি দিছিল। ইয়াৰ পাছতে ট্ৰাম্প প্ৰশাসনে এই শুল্ক ১৪৫ শতাংশলৈ বৃদ্ধি কৰে। যিটো এইবাৰ ২৪৫ শতাংশলৈ বৃদ্ধি পাইছে।