Earthquake:
বুধবাৰে পুৱা আফগানিস্তানৰ ভূমিকম্পই কঁপালে ৰাজধানী।এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল ৫.৬ ।
ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূকম্পন কেন্দ্ৰৰ (এমএছচি) মতে, বুধবাৰে পুৱা ৪:৪৪ বজাত (ভাৰতীয় সময় অনুসৰি) আফগানিস্তানত ভূমিকম্প অনুভৱ কৰা হয়।
ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আফগানিস্তানৰ বাঘনালৰ পৰা ১৬৪ কিলোমিটাৰ পূবত প্ৰায় ৭৫ কিলোমিটাৰ গভীৰতাত।
ছ’চিয়েল মিডিয়াত বহুলোকে দাবী কৰিছিল যে আফগানিস্তানৰ এই ভূমিকম্পৰ কম্পন দিল্লীত অনুভৱ কৰা হৈছে।
আফগানিস্তান প্ৰায়ে ভূমিকম্পৰ হয়। সেই দেশৰ নাগৰিকসকল সঘনাই কম্পনৰ বাবে আতংকিত হৈ পৰে। শেহতীয়াকৈ ২১ মাৰ্চত আফগানিস্তানত ভূমিকম্প হৈছিল।
সেই সময়ত ভূমিকম্পৰ প্ৰাবল্য আছিল পাঁচ। ১৩ মাৰ্চতো সেই দেশত ভূমিকম্প অনুভৱ হয়।