Nail Extension: বহু ছোৱালীয়ে নখ ডাঙৰ কৰি ভাল পায় আৰু নখ পলিচ লগাই ভাল পায়। এই বিশেষ চখটো পূৰণ কৰিবলৈ কিছুমানে নখৰ এক্সটেচন’ কৰে। এই নখৰ এক্সটেনচনৰ জনপ্ৰিয়তা দিনক দিনে আকাশলংঘী হৈ আছে।
আঠাৰে প্ৰকৃত নখত কৃত্রিম নখ সংলগ্ন কৰি আৰু তাৰ পাছত কৌশল ব্যৱহাৰ কৰি নখৰ এক্সটেনচন তৈয়াৰ কৰা হয়। এই কৃত্রিম নখত বহুতো ভিন্ন ডিজাইন, ৰং কৰা হয়।
যাৰ বাবে নখবোৰ আকৰ্ষণীয় দেখা যায়। কিন্তু আপুনি জানেনে যে নখৰ এক্সটেনচন আপোনাৰ নখৰ বাবে বিপজ্জনক হ’ব পাৰে?
এই বিশেষ নখ কৌশলৰ কে’বাটাও পার্শ্বক্ৰিয়া আছে। সেই পার্শ্বক্ৰিয়াবোৰ কি সেয়া একেবাৰেই জানি লওক।
নখৰ স্বাস্থ্যৰ ক্ষতি : নখৰ এক্সটেনচন কৰাৰ পাছত যদি আপুনি আপোনাৰ নখৰ যত্ন লোৱা নাই, তেন্তে পাছত নখ আঁতৰাই দিলে নখৰ ক্ষতি হ’ব পাৰে। নখবোৰো ক্ৰমান্বয়ে দুৰ্বল হ’বলৈ আৰম্ভ কৰে। আনকি নখৰ গঠনও বেয়া হ’বলৈ আৰম্ভ কৰে।
সংক্ৰমণৰ আশংকা : সঠিক প্রশিক্ষণ নোহোৱা ব্যক্তিৰ পৰা নখৰ এক্সটেনচন ল’লে নখৰ ক্ষতি হ’ব পাৰে। নখৰ তলৰ তৰপবোৰত বেক্টেৰিয়া আৰু ভেঁকুৰৰ দৰে বীজাণু বাঢ়ি যায়। ইয়াৰ ফলত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় ।
এলাৰ্জী : নখৰ এক্সটেনচনত ব্যৱহৃত আঠাৰ ফলত বহু লোকৰ এলাৰ্জী হয়। ইয়াৰ ফলত নখৰ চাৰিওফালে ৰঙা পৰা বা ঘা হ’ব পাৰে ।
নখৰ বৃদ্ধিত বাধা : কিছুমান নখৰ এক্সটেনচনত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থই নখৰ স্বাভাৱিক বৃদ্ধিত বাধা দিব পাৰে। বিশেষজ্ঞসকলৰ মতে কেৱল সৌন্দৰ্যৰ স্বাৰ্থত এনে ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ অহাটো উচিত নহয়।
নখৰ ভংগুৰ অৱস্থা : যদিও প্ৰথমতে নখবোৰ চিকচিকিয়া যেন লাগে। কৃত্ৰিম নখ আঁতৰোৱাটো
এটা ডাঙৰ সমস্যা। কেতিয়াবা, নকল নখবোৰ আঁতৰাবলৈ বল প্রয়োগ কৰিবলগীয়া হয় । ইয়াৰ
প্ৰভাৱ মানুহৰ প্ৰাকৃতিক নখতো পৰে। নখবোৰ ক্ৰমান্বয়ে ভংগুৰ আৰু অস্বাস্থ্যকৰ হৈ পৰে।