Mohit Sharma:টেনিছ জগতৰ অন্যতম তাৰকা মাৰিয়া শাৰাপোভা। ২০০৬ চনৰ পৰা ২০১৪ চনলৈ টেনিছ খেলিছিল মাৰিয়াই।সেই সময়ত তেওঁ তেওঁ পাঁচটা গ্ৰেণ্ড শ্লেমো জিকিছে।
মহেন্দ্ৰ সিং ধোনীয়ে শাৰাপোভা আৰু এজন ভাৰতীয় ক্ৰিকেটাৰৰ মাজত সাদৃশ্য পাইছে । সেইকাৰণে সেই ক্ৰিকেটাৰক শাৰাপোভাকো বুলি মাতে ধোনীয়ে ।
কোন সেইজন ভাৰতীয় ক্ৰিকেটাৰ? বৰ্তমান দিল্লী কেপিটেলছৰ হৈ খেলি আছে মোহিত শৰ্মাই। ধোনীয়ে তাইক শাৰপোভা বুলি মাতে। কিয়?
এই ক্ষেত্ৰত সম্প্ৰতি মোহিতে কয়, “বলিং কৰি থাকোঁতে মই চিঞৰি উঠো। কিয় নাজানো। বন্ধ কৰিবলৈ চেষ্টা কৰিলোঁ। কিন্তু কামত নাহিল। এটা সময়ত মাহী ভাইয়ে মোক মাৰিয়া শাৰাপোভা বুলি মাতিবলৈ ধৰিলে।”
তেওঁ কয়, “মোৰ চিঞৰৰ বাবে বেটছমেনে ভাবে যে বলটো ১৪০-১৫০ কিলোমিটাৰ বেগত আহিব।” “যদিও তেনেকুৱা নহয়।”
শাৰাপোভাইও টেনিছ খেলি থাকোঁতে চিঞৰিছিল। সেইবাবেই ধোনীয়ে মোহিতক শাৰাপোভাক বুলি মাতিবলৈ ল’লে।
উল্লেখ্য যে,দেশৰ হৈ ২৬খন এদিনীয়া মেচ আৰু আঠখন টি-২০ মেচ খেলিছে মোহিতে। আন্তঃৰাষ্ট্ৰীয় মঞ্চত ৩৪টা উইকেট দখল কৰিছে।
২০১৩ চনৰ পৰা ২০১৫ চনলৈ ভাৰতৰ হৈ খেলিছিল মোহিতে।সেই সময়ত ধোনিও খেলি আছিল। ৩৬ বছৰীয়া মোহিত এতিয়া ক্ৰিকেট কেৰিয়াৰৰ অন্তিম পৰ্যায়ত। ৪৩ বছৰীয়া ধোনীয়ে এতিয়াও খেলি আছে।