BJP: বিজেপি ক্ষমতালৈ অহাৰ পাছতেই সন্ত্ৰাসবাদৰ পৰা মুক্ত হৈ পৰিছে জম্মু-কাশ্মীৰ। উপত্যকাৰ বিচ্ছিন্নতাবাদীসকলেও অস্ত্ৰ-শস্ত্ৰ থৈ শান্তিৰ পথলৈ ঘূৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহলৈকে এই দাবী গেৰুৱা শিবিৰৰ।
অৱশ্যে, জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই কেন্দ্ৰৰ এই দাবী অস্বীকাৰ কৰিছে।তেওঁ কয় যে, উপত্যকাটোত সন্ত্ৰাসবাদী কাৰ্যকলাপ দিনক দিনে বৃদ্ধি পাইছে। যিটো বৰ চিন্তনীয়।
২০১৯ চনত কেন্দ্ৰই জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰে । সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা কাঢ়ি লোৱা হৈছিল। ই কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হয়। মোডী আৰু শ্বাহকে ধৰি দেশৰ শীৰ্ষ নেতৃত্বই দাবী কৰি আহিছে যে বিশেষ মৰ্যাদা প্ৰত্যাহাৰৰ ফলত উপত্যকাত উগ্ৰবাদ নিয়ন্ত্ৰণলৈ আহিছে।
ন এপ্ৰিলত মুম্বাইত অনুষ্ঠিত এখন সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলে বোমা, শিল আৰু বন্দুক নিক্ষেপ কৰি তেওঁলোকৰ ভৱিষ্যত নষ্ট কৰি আহিছে। কেবা দশক ধৰি দেশৰ শাসকসকলে এই জুই নুমোৱাব নোৱাৰিলে। কিন্তু এতিয়া পৰিস্থিতি চিৰদিনৰ বাবে সলনি হৈছে। আমাৰ চৰকাৰৰ শক্তিশালী ৰাজনৈতিক ইচ্ছা আৰু সংবেদনশীলতাৰ বাবে আজি জম্মু-কাশ্মীৰত দিন সলনি হৈছে। তাত থকা যুৱক-যুৱতীসকলে আজি উন্নয়নৰ পথত আগবাঢ়িছে।”
কিন্তু শুকুৰবাৰে দিয়া এক সাক্ষাৎকাৰত মনোজ সিনহাই কয়, “বিশেষকৈ জম্মুত উগ্ৰপন্থীৰ কাৰ্যকলাপ দিনক দিনে বৃদ্ধি পাইছে। এয়া অতি চিন্তনীয় বিষয়। আমাৰ লক্ষ্য হৈছে জম্মু-কাশ্মীৰ দুয়োখনকে সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰা।” তেওঁৰ বিবৃতিত তেওঁৰ এই বক্তব্যই কেন্দ্ৰই ‘সন্ত্রাসমুক্ত কাশ্মীৰ’ বুলি কৰা দাবীক লৈ বিভিন্ন প্রশ্নৰ উত্থাপন কৰিছে৷
উল্লেখ্য যে,কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰৰ আখনূৰ খণ্ডত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ পাকিস্তানী উগ্ৰপন্থীয়ে অনুপ্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছিল। চোৰাংচোৱাৰ সূত্ৰৰ পৰা তথ্য লাভ কৰি তাত নিৰাপত্তা বাহিনীয়ে অভিযান চলায়।
কিস্তৱাৰত বন্দুকৰ যুদ্ধত তিনিজন উগ্ৰপন্থী নিহত হয়। ইয়াৰ ভিতৰত আছিল জৈছ-ই-মহম্মদৰ অন্যতম শীৰ্ষ সেনাপতি ছাইফুল্লাহ। বিগত এবছৰ ধৰি তেওঁ চেনাব উপত্যকাত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আহিছিল। এই সংঘৰ্ষত শ্বহীদ হৈছিল এজন জোৱান। এটা প্ৰতিবেদনত কোৱা হৈছে যে যোৱা বছৰ ৬৯ জন জেহাদীক সেনাই হত্যা কৰে।






























