Pahalgam Terror Attack:
কাশ্মীৰ কাৰ? দীৰ্ঘ কেবা দশক ধৰি এই বিষয়টোক লৈ ভাৰত-পাকিস্তানৰ উত্তেজনাত উত্তপ্ত হৈ আহিছে ভূস্বৰ্গ। এইবাৰ পহলগাম আক্ৰমণৰ পাছত সুনীল চেট্টীয়ে পাকিস্তানত নিজৰ ছবিখনৰ মুক্তি বাতিল কৰি কঠোৰ সতৰ্কবাণী জাৰি কৰিছে।প্ৰবীণ অভিনেতাজনৰ স্পষ্ট কথা, “কাশ্মীৰ আমাৰ আছিল, আমাৰ হৈয়েই থাকিব।”
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণে আকৌ এবাৰ অস্থিৰতাৰ সৃষ্টি কৰিছে। ঘটনাটোৰ ৭২ ঘণ্টা পাছতো কাশ্মীৰ এতিয়াও অস্থিৰ হৈ আছে।
সৌন্দৰ্যৰ বৰ্ণনা পাহৰি এতিয়া কেৱল ‘ প্ৰাণহীন’ ভূস্বৰ্গৰ বতাহত কেৱল আতংক আৰু হাহাকাৰ হৈছে।এনে উত্তপ্ত পৰিস্থিতিত দেশবাসীক একত্ৰিত হ’বলৈ বাৰ্তা দিলে সুনীল চেট্টীয়ে।
শেহতীয়াকৈ লতা দিননাথ মংগেশকাৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল অভিনেতাগৰাকী। তাত পাহেলগাঁও সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত তেওঁৰ প্ৰথম অনুৰোধ আছিল, “আপোনাৰ ভিতৰৰ ভয়টো জ্বলি উঠিব নিদিব। আহক আমি সকলোৱে একত্ৰিত হওঁ।”
লগতে তেঁও কয়,”আমাৰ বাবে মানৱতাৰ সেৱা হৈছে ঈশ্বৰৰ সেৱা। ঈশ্বৰে সকলো দেখে আৰু তেওঁ বিচাৰ কৰিব। এই মুহূৰ্তত আমি ভাৰতীয়সকলে আমাৰ মতানৈক্য পাহৰি একত্ৰিত হোৱা উচিত। বিভাজনকাৰীসকলৰ জালত নপৰাকৈ একত্ৰিত হওঁ আহক।আমি তেওঁলোকক দেখুৱাব লাগে যে কাশ্মীৰ আমাৰ আছিল, চিৰদিনৰ বাবে আমাৰ হৈ থাকিব। আৰু সেইটোৱেই আমাৰ দেশৰ সেনা আৰু ৰাজনীতিবিদসকলে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে।”
লগতে সুনীলে কয়, “ভাৰতীয় নাগৰিক হিচাপে আমাৰ এটা কৰ্তব্য আছে। আমি সিদ্ধান্ত ল’ব লাগিব যে আমি আমাৰ পৰৱৰ্তী ছুটী কাশ্মীৰত পৰিয়ালৰ স’তে কটাম। আৰু আন ক’তো নাই। আমি তেওঁলোকক দেখুৱাব লাগিব যে আমি ভয় কৰা নাই। আৰু আমাৰ মাজত কোনো ভয়ৰ সৃষ্টি হোৱা নাই।”
প্ৰসংগক্ৰমে কাশ্মীৰৰ পহলগামৰ বৈছাৰণ উপত্যকাত নিৰ্বিচাৰে নিৰীহ পৰ্যটকক হত্যা কৰাৰ পাছতে পৰা কাশ্মীৰৰ পৰ্যটন উদ্যোগ অস্তিত্ব সংকটৰ অৱস্থাত পৰিছে।
জীৱিকাৰ বাবেও চিন্তিত স্থানীয় ৰাইজ। কাৰণ ভূস্বৰ্গৰ অৰ্থনীতি পৰ্যটন উদ্যোগৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
এনে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত আন কোনো পৰ্যটকে নিজৰ পৰিয়াল আৰু সন্তানক তালৈ নিয়াৰ পৰিকল্পনা কৰিবনে নাই সেই লৈ স্থানীয় লোক সন্দেহ প্ৰকাশ কৰিছে। এনে পৰিবেশতেই আহে সুনীলৰ ইংগিতদায়ক বাৰ্তা।
অভিনেতাজনে কয় যে সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত তেওঁ নিজেই তাত থকা এজন প্ৰশাসনিক বিষয়াৰ স’তে ফোনযোগে যোগাযোগ কৰি তেওঁক আশ্বাস দিয়ে যে যদি আপুনি ভাবে যে আমি পৰ্যটক হিচাপে বা শিল্পী হিচাপে শ্বুটিংৰ বাবে কাশ্মীৰলৈ যোৱা উচিত তেতিয়া আমি নিশ্চয় যাম।
উল্লেখ্য যে,সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত অভিনেতাগৰাকীয়ে পাকিস্তানত মুক্তি পোৱা ‘কেছাৰী বীৰ’ ছবিখনো বাতিল কৰিছে।