Uttar Pradesh :সমগ্ৰ দেশতে আতচবাজী কাৰখানাত বিস্ফোৰণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। শনিবাৰে পুৱা উত্তৰ প্ৰদেশৰ এটা আতচবাজী কাৰখানাত সংঘটিত বিস্ফোৰণত তিনি শ্ৰমিক নিহত হয়।
বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে দুই কিলোমিটাৰ দূৰত বিস্ফোৰণৰ শব্দ শুনা গৈছিল। সমগ্ৰ অঞ্চলটো এই ঘটনাত আতংকিত হৈ পৰিছে।
ছাহাৰানপুৰৰ জিলা দণ্ডাধীশ মনীষ বংছালে জানিবলৈ দিয়া মতে, নিহাল খেৰী গাঁৱত আছিল এই ফটকা কাৰখানাটো ।
আজি পুৱা প্ৰায় আঠ বাজি ৩০ মান বজাত এক বৃহৎ বিস্ফোৰণ সংঘটিত হয়। সেই সময়ত কাৰখানাটোত কেবাজনো শ্ৰমিক উপস্থিত আছিল। ইয়াৰে তিনিজনৰ অগ্নিদগ্ধৰ হৈ মৃত্যু হয়।
বাকীসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।উল্লেখ্য যে ,মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে । বিস্ফোৰণৰ তথ্য লাভৰ পাছতে আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু ফৰেনচিক দল ঘটনাস্থলীত উপস্থিত হয়।
আৰক্ষীয়ে কাৰখানাটোৰ স’তে জড়িত তিনিজন লোকক সোধা-পোছাৰ বাবে আটক কৰিছে।
অৱশ্যে, স্থানীয় লোকে প্ৰশাসনৰ ফালে আঙুলি তুলিছে। তেওঁলোকে দাবী কৰে যে এই অঞ্চলত একাধিক অবৈধ ফটকা কাৰখানা চলি আছে। প্ৰশাসনৰ দুৰ্নীতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।