jamshedpur : ঝাৰখণ্ডত ভয়ংকৰ দুৰ্ঘটনা ! চলন্ত বাহনত সংঘটিত হ’ল বিস্ফোৰণ। গাড়ীৰ ভিতৰত জ্বলি ছাই হৈ মৃত্যু হয় চালকজনৰ। শনিবাৰে এই ঘটনাৰ সাক্ষী হৈছিল জামছেদপুৰ।
এজন প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা অনুসৰি , তেওঁ হঠাতে এটা তীব্ৰ বিস্ফোৰণৰ শব্দ শুনিলে। তেনেতে তেওঁ ৰাস্তাত এখন গাড়ী জ্বলি থকা প্ৰত্যক্ষ কৰে ।
গাড়ীৰ ওচৰ পাওঁতে তেওঁ দেখিলে যে ড্ৰাইভাৰৰ চিটত বহি থকা মানুহ এজনে নামিবলৈ আপ্ৰাণ চেষ্টা কৰিছে।
স্থানীয় ৰাইজে তেওঁক উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও জুই ইমানে সোনকালে বিয়পি পৰিল যে, তেওঁলোকে অসহায় হৈ চকুৰ সন্মুখতে চালকজনক জ্বলি যোৱাটো চাবলগীয়া হ’ল।
স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে যদিও অগ্নিনিৰ্বাপক বাহিনীয়ে আহি জুই নিয়ন্ত্ৰণ কৰাৰ সময়লৈকে চালকজনৰ সমগ্ৰ দেহ জ্বলি যোৱাৰ লগতে তেওঁৰ মৃত্যু হয়।
এই ভয়াবহ দৃশ্যৰ সাক্ষী হৈ ৰ’ল জামছেদপুৰৰ কদমা অঞ্চল। প্ৰথম অৱস্থাত আৰক্ষীয়ে বাহনখনত জ্বলনশীল পদাৰ্থ পৰিবহণ কৰা বুলি সন্দেহ কৰিছিল।লগতে গাড়ীখনত গেছ চিলিণ্ডাৰ থকাৰো সন্দেহ কৰা হৈছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, চালকজনৰ দেহ ইমানেই জ্বলি গৈছে যে তেঁওক চিনাক্তই কৰিব পৰা নাই ।
উল্লেখ্য যে,গাড়ীখনৰ নম্বৰ প্লেট চাই তথ্য সংগ্ৰহৰ প্ৰয়াস কৰা হৈছে। কিন্তু গাড়ীখনত কেনেধৰণৰ জ্বলনশীল পদাৰ্থ আছিল আৰু বিস্ফোৰণটো কেনেকৈ সংঘটিত হ’ল সেইটো এতিয়াও ৰহস্যৰ আঁৰত।