Panchayat :কামৰূপ মহানগৰ জিলাৰ কাঁহিকুছি গাঁও পঞ্চায়ত এলেকাৰ গ্ৰাম্য জনসাধাৰণ আজিও বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে।এলেকাটোৰ মাটিয়াৰ পৰা পৰিবহণৰ নামত আজিলৈ কোনো ব্যৱস্থা লোৱা নহ’ল।
ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগে গুৱাহাটীৰ পৰা মইনাখোৰোং – চকৰ্দো – মাটিয়া হৈ ৰাণী গেটলৈ পৰিবহনৰ ব্যৱস্থা কৰাৰ কথা আছিল যদিও সেয়া কেইদিনমানৰ বাবেহে প্ৰযোজ্য হয়।
বৰ্তমান পৰিবহণ ব্যৱস্থাৰ নামত ৰাইজৰ খোজ কাঢ়ি অহা -যোৱাৰ বাহিৰে বিকল্প ব্যৱস্থা নাই। এনে অৱস্থাত উক্ত পথেৰে চৰকাৰী পৰিবহন ব্যৱস্থাৰ প্ৰয়োজন।মাটিয়া অঞ্চলটোৰ কালীমন্দিৰলৈ যোৱা পথটোৰ উন্নয়নৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ২০১৮-১৯ বৰ্ষৰ প্ৰথম কিস্তিত পাঁচ লাখ টকা অনুদান দিয়াৰ পাছতো পথটোৰ উন্নয়ন নহ’ল।
তেনেদৰে মাটিয়া অঞ্চলৰ জনসাধাৰণে চিকিৎসা আৰু বিশুদ্ধ খোৱা পানীৰ নামত আজিও বঞ্চিত হৈ থকাৰ অভিযোগ আছে। এলেকাটো পাহাৰীয়া ঠাইত অৱস্থিত বাবে বিশুদ্ধ খোৱা পানী যোগানত চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশেষ সফলতা লাভ কৰা নাই।
যি দুখন চৰকাৰী খোৱা পানী যোগান আঁচনি আছে সেয়াও নামত চলি থকা বুলি ৰাইজৰ অভিযোগ।খৰালী কালত সমগ্ৰ এলেকাটোত বিশুদ্ধ খোৱা পানীৰ তীব্ৰ অভাৱে দেখা দিয়ে। আনহাতে চিকিৎসাৰ নামত জনসাধাৰণে আজাৰালৈ আহিবলগীয়া হয়। যাতায়তৰ সু-ব্যৱস্থা নথকাৰ বাবে ৰোগীক অধিক ধন খৰচ কৰিহে চিকিৎসালয়লৈ অনা -নিয়া কৰিবলগীয়া হয়।
ৰাইজে এলেকাটোত এখন উপস্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই আহিছে যদিও আজিলৈকে কোনো ব্যৱস্থা লোৱা নহ’ল। ঠিক তেনেদৰে মাটিখুটুনী আৰু দেউৰালী অঞ্চলৰ জনসাধাৰণৰ বাবেও পৰিবহণ আৰু চিকিৎসাৰ কোনো সু ব্যৱস্থা আজিলৈ কৰা নহ’ল।
গাঁও পঞ্চায়তখনৰ খেতি পথাৰত জলসিঞ্চনৰ বাবে ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ কালমণি জলসিঞ্চন আঁচনিখন আছে যদিও উক্ত আঁচনিৰ প্ৰয়োজনীয় মেৰামতি আৰু চোৱা-চিতাৰ অভাৱত আঁচনি খনৰ জৰিয়তে কৃষকসকল বিশেষ ভাৱে লাভাৱান্বিত হোৱা নাই।
আনহাতে এলেকাটোৰ কাঁহিকুছিস্থিত অৰ্ধসাপ্তাহিক “কাঁহিকুছি বজাৰ”খন বৃহত্তৰ অঞ্চলটোৰ থলুৱা কৃষকৰ একমাত্ৰ বজাৰ যদিও বজাৰখনৰ বিশেষ উন্নতি নহ’ল। উক্ত বজাৰখন চুপাৰ মাৰ্কেটলৈ উন্নত কৰিবলৈ অঞ্চলটোৰ জনসাধাৰণে জনাই অহা দাবী শীঘ্ৰে কাৰ্যকৰী কৰিলে স্থানীয় শতাধিক ক্ষুদ্ৰ ব্যৱসায়ী লাভবান হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।
বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰে সমন্বয়ৰ এনাজৰীডাল দৃঢ় হৈ আছে এই গাঁও পঞ্চায়তখনত। পঞ্চায়ত এলেকাটোৰ বিভিন্ন ঠাইত বসবাস কৰা জনজাতীয় লোকসকলৰ কৃষ্টি -সংস্কৃতিৰ লগতে অন্যান্য জনগোষ্ঠী সমূহৰো কৃষ্টি -সংস্কৃতিক এক অনন্য ৰূপত সংৰক্ষণ কৰি পৰ্যটকক আকৰ্ষিত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
উল্লেখযোগ্য যে এই পঞ্চায়ত এলেকাটোৰে পাটগাঁও নামৰ গাঁও খনৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে ৰজাদিনীয়া ঐতিহাসিক স্মৃতিচিহ্ন। চৰকাৰী অবহেলা আৰু অমনোযোগিতাৰ ফলত সেই স্মৃতিচিহ্নসমূহৰ সৰহসংখ্যক ভাগি-চিগি যাবলৈ ধৰিছে।
এই ঐতিহাসিক স্মৃতিচিহ্নবোৰ উপযুক্তভাবে বৈজ্ঞানীকৰণ ব্যৱস্থাৰে সংৰক্ষিত কৰি পৰ্যটকক আকৰ্ষিত কৰাৰ যথেষ্ট সম্ভাৱনা আছে। এই ক্ষেত্ৰত চৰকাৰৰ যথেষ্ট দায়িত্ব আছে। বিশেষকৈ ৰাজ্যিক পৰ্যটন বিভাগে ইয়াৰ ব্যৱস্থা ল’ব পাৰে। পাটগাঁৱক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ ব্যৱস্থা শীঘ্ৰে ল’ব লাগে।
পঞ্চায়ত এলেকাটোৰ বিভিন্ন ঠাইত স্থাপন কৰা শৌৰশক্তি চালিত বিজুলী বাটিবোৰ যি সমূহ অচল হৈ পৰিছে সেইবোৰ পুনৰ মেৰামতি কৰি কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা কৰিব লাগে।
সাধাৰণতে আমাৰ মনলৈ ধাৰণা আহে গাঁও পঞ্চায়ত বুলিলে গ্ৰামাঞ্চলৰ ভিতৰৰ কেবাখনো গাঁৱৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত এটি অঞ্চলৰ ছবি।
য’ত দুই – এটা ধৰ্মৰ লগতে চাৰি -পাঁচটামান সম্প্ৰদায়ৰ লোকৰ বাসস্থানৰে গঢ়ি উঠা এক পিচপৰা অঞ্চল। পিছে ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি “কাঁহিকুছি গাঁও পঞ্চায়ত”ত। য’ত বিমানবন্দৰ, ৰে’ল ষ্টেচন, পাহাৰ, ভৈয়াম, বিভিন্ন ধৰ্মৰ, বিভিন্ন ভাষা-ভাষী তথা বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে ভিন্ন সম্প্ৰদায়ৰ লোকৰ সমাহাৰ ঘটিছে।
গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় সোতৰ কিলোমিটাৰ দূৰৈত দক্ষিণ – পশ্চিম কোণত আছে “কাঁহিকুছি গাঁও পঞ্চায়ত”। বৰ্তমান জালুকবাৰী বিধানসভা সমষ্টিৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত এই ” কাঁহিকুছি গাঁও পঞ্চায়ত”খন ব্যতিক্ৰমী পঞ্চায়তেই নহয় অনন্যও। কিয়নো এই গাঁও পঞ্চায়তখনৰ এলেকাতেই আছে বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। গাঁও পঞ্চায়তখনৰ মাজেৰে যোৱা ” কামাখ্যা – যোগীঘোপা ব্ৰডগ’জ ৰেলপথৰ ৰে’ল ষ্টেচনটোও আছে এই গাঁও পঞ্চায়ততে।
নাম “আজাৰা ৰে’ল ষ্টেচন” । অকল সেয়াই নহয় এই গাঁও পঞ্চায়তখনৰে পাটগাঁৱত আছে সীমান্ত ৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়। আনকি অতিকে গুৰুত্বপূৰ্ণ বিভাগ এন ডি আৰ এফ (NDRF)ৰ কাৰ্যালয়টোও ইয়াতে আছে। পঞ্চায়ত এলেকাটোত বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে ৰাজ্যিক গ্ৰামোন্নয়ন বিভাগৰ সম্প্ৰসাৰণ কেন্দ্ৰ,অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ উদ্যান শস্য গৱেষণা কেন্দ্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপ, কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কেন্দ্ৰীয় বাগান শস্য গৱেষণা কেন্দ্ৰৰ কাঁহিকুছি আঞ্চলিক কেন্দ্ৰৰ উপৰি কেবাখনো ব্যক্তিগত উচ্চ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আছে।
পাহাৰ – ভৈয়ামৰ এলেকাৰে গঢ়ি উঠা এই কাঁহিকুছি গাঁও পঞ্চায়তখন বিভিন্ন ধৰ্মৰ লোকৰ লগতে বিভিন্ন জাতি – জনগোষ্ঠী আনকি বিভিন্ন ভাষা-ভাষী লোকৰো মিলনভূমি। অনুসূচিত জাতি, অনুসূচিত জনজাতি, হৰিজনকে আদিকৰি সকলো শ্ৰেণীৰ লোকৰ সমন্বয়ৰে গঢ়ি উঠা কাঁহিকুছি গাঁও পঞ্চায়তখন যিদৰে হিন্দু, মুছলমান, খৃষ্টান,শিখ আদি বিভিন্ন ধৰ্মৰ লোক বাস কৰি আহিছে তেনেদৰে অসমীয়া, কছাৰী, বাংলা, হিন্দী, ইংৰাজী আদিকে ধৰি বিভিন্ন ভাষা -ভাষী লোকৰ সমন্বয়ৰে ভাতৃত্বৰ এনাজৰীডাল মজবুত কৰি অনৈক্যৰ মাজত ঐক্য গঢ়ি তুলিছে।
তেনেস্থলত “কাঁহিকুছি গাঁও পঞ্চায়ত”ৰ দৰে এনে ব্যতিক্ৰমী গাঁও পঞ্চায়ত বিচাৰি পাবলৈ কঠিন হ’ব। কাঁহিকুছি গাঁও পঞ্চায়তখন ৯ খন ৰাজহ গাঁৱৰে গঠিত।২০১১ লোকপিয়ল অনুসৰি গাঁও পঞ্চায়ত খনৰ সৰ্বমুঠ জনসংখ্যা ১৯৯৯৩ গৰাকী। ইয়াৰে ১০৫৫৬ গৰাকী পুৰুষ আৰু ৯৪৩৭ গৰাকী মহিলা।
গাঁও অনুসৰি জনসংখ্যা হ’ল পাটগাঁও -২৭৭২ গৰাকী, জৱে-২২৮ গৰাকী, মাটিখুটুনী -১১ গৰাকী, দেউৰালী -১৩৫ গৰাকী, যোগীপাৰা -৪৪৮২ গৰাকী, কমাৰগাঁও -২ গৰাকী, কাঁহিকুছি -৯৯১৭ গৰাকী, পাঁচনীয়াপাৰা -২৪৪৬ গৰাকী আৰু জংগলীপাৰা – ০ গৰাকী।
আনহাতে ২০২৫ চনত প্ৰকাশিত ভোটৰ তালিকা অনুসৰি কাঁহিকুছি গাঁও পঞ্চায়তৰ ভোটাৰৰ সংখ্যা সৰ্বমুঠ ১২০১৪ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৫৮১৩ গৰাকী আৰু মহিলা ভোটাৰ ৬২০১ গৰাকী। শেহতীয়াকৈ গাঁও পঞ্চায়ত এলেকাটোত বিভিন্ন ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ গঢ়ি উঠাৰ লগতে বিভিন্ন ঠাইৰ পৰা আহি মাটি -জমি ক্ৰয় কৰি নিগাজিকৈ থাকিবলৈ লোৱা পৰিয়ালৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে।
এনে অৱস্থাত বৰ্তমান কাঁহিকুছি গাঁও পঞ্চায়তখনৰ জনসংখ্যা ৪০ হেজাৰতকৈও অধিক হ’ব বুলি অনুমান কৰিব পাৰি। এই ক্ষেত্ৰত দেশৰ একমাত্ৰ ব্যতিক্ৰমী গাঁও পঞ্চায়ত হিচাপে “কাঁহিকুছি গাঁও পঞ্চায়ত”লৈ বিশেষ পেকেজ ঘোষণা কৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰে গাঁও পঞ্চায়তখনক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ যথেষ্ট সম্ভাৱনা আছে।