Varanasi: উত্তৰ প্ৰদেশত পৰ্যটনৰ জোৱাৰ। বিশ্ব পৰ্যটন মানচিত্ৰত কাৰ্যত মডেল হৈ পৰিছে বাৰাণসী।২০২৫ চনৰ প্ৰথম তিনি মাহত, ২০২৪ চনৰ তুলনাত ভাৰতীয় পৰ্যটকৰ সংখ্যা ৭৭.৫৯ শতাংশ বৃদ্ধি পাইছে।
ইয়াৰ উপৰিও, বিদেশী পৰ্যটকৰ সংখ্যা ৩৪.২১ শতাংশ বৃদ্ধি পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে এই তিনিমাহত ১১.৪৬ লাখ পৰ্যটকে কাশী ভ্ৰমণ কৰিছে। পৰ্যটনৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও আন্তঃগাঁথনি উন্নয়নৰ প্ৰতি অতিৰিক্ত গুৰুত্ব প্ৰদান কৰিছে। কানপুৰ-আগ্ৰা মেট্ৰ’ প্ৰকল্পৰ কাম চলিত বৰ্ষত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
বাৰাণসীকে ধৰি উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাৰ পুনৰ সংস্কাৰ সাধন কৰি ৰাজ্যখনৰ পৰ্যটনক পুনৰ সজীৱ কৰি তুলিছে যোগী চৰকাৰে। পৰ্যটন বিভাগৰ শীৰ্ষ বিষয়া ৰাজেন্দ্ৰ ৰাৱাটে কয় যে ২০২৪ চনৰ প্ৰথম তিনি মাহত (জানুৱাৰী-মাৰ্চ) কাশীত প্ৰায় ২.৫৭ কোটি পৰ্যটকৰ সংখ্যা আছিল।
২০২৫ চনৰ প্ৰথম তিনিমাহত সেই সংখ্যা বৃদ্ধি পাই হৈছে প্ৰায় ১১কোটি ৪৭ লাখ ।
প্ৰতিবেদন অনুসৰি, বিদেশী পৰ্যটকৰ সংখ্যা ২০২৪ চনত ৯৮,৯৬১ ৰ পৰা ২০২৫ চনত ১,৫০,৪২৫ লৈ বৃদ্ধি পাইছে। ২০২৪ চনৰ তুলনাত ভাৰতীয় পৰ্যটকৰ সংখ্যা ৮.৮৯ কোটি বৃদ্ধি পাইছে।
যোগী চৰকাৰে পৰ্যটনৰ পুনৰ্গঠনৰ বাবে আন্তঃগাঁথনিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। উত্তৰ প্ৰদেশ চৰকাৰৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, কানপুৰ-আগ্ৰা মেট্ৰ’ ৰে’লৰ কাম চূড়ান্ত পৰ্যায়ত আছে।
প্ৰতিবেদন অনুসৰি, এই মেট্ৰ’ ৰে’ল প্ৰকল্পৰ কৰিডৰ-১ নিৰ্মাণ ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। কানপুৰ চেণ্ট্ৰেলৰ পৰা মতি ঝিললৈ কানপুৰ মেট্ৰ’ৰ কৰিডৰ-এক’ৰ ৬.৭ কিলোমিটাৰ ভূগৰ্ভস্থ শাখাটো সম্পূৰ্ণৰূপে সাজু।
কৰিডৰ-১ৰ বাকী অংশও ৭০ শতাংশতকৈ অধিক সম্পূৰ্ণ হৈছে। তদুপৰি, চিকন্দ্ৰাৰ পৰা তাজ ইষ্ট গেটলৈ ১৪.২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ আগ্ৰা মেট্ৰ’ৰ কৰিডৰ-১ নিৰ্মাণৰ কামো ৫০ শতাংশতকৈ অধিক সম্পূৰ্ণ হৈছে।